--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাকেশ টিকাইট আৰু এক বিদ্ৰোহ। বিশ্বৰ দৃষ্টি নিবদ্ধ হোৱা ভাৰতৰ সৰ্বাত্মক এক কৃষক বিদ্ৰোহ৷ যি বিদ্ৰোহৰ অগ্নিশিখাই ভেটি কঁপাই তুলিলে শাসনাধীষ্ঠ বিজেপিৰ৷ যাৰ ফলত আসন্ন উত্তৰ প্ৰদেশ, পঞ্জাব বিধানসভা নিৰ্বাচনত পৰাজয়ৰ শংকাত বাতিল কৰিবলৈ বাধ্য হ’ল কৃষি আইন তিনিখন৷ সংসদত কৃষি আইন তিনিখন প্ৰত্যাহাৰৰ বাবে বিধেয়ক গৃহীত হোৱাৰ পাছতো কৃষক আন্দোলনৰ গুৰি ধৰোঁতা ৰাকেশ টিকাইটে মন্তব্য কৰিছে যে কৃষক আন্দোলনত অংশ লোৱা কৃষকসকলৰ ওপৰত জাপি দিয়া সকলো গোচৰ প্ৰত্যাহাৰ নকৰাপৰ্যন্ত এই আন্দোলন বন্ধ নকৰে ভাৰতীয় কিষাণ ইউনিয়নে৷ ৰাকেশ টিকাইটৰ দৃঢ় মত আৰু স্থিতিয়ে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যত বিশ্বাসী প্ৰতিগৰাকী নাগৰিককে মুগ্ধ কৰিছে ৷


এক প্ৰাণান্তক সংগ্ৰামৰ সফল পৰিসমাপ্তি। দেশৰ হাজাৰ হাজাৰ কৃষক অবিচল দৃঢ়তাৰে দেশক দেখুৱাই দিলে প্ৰতিবাদৰ নতুন উত্তাপ। সকলো সিদ্ধান্ত আৰু নীতি ক্ষেত্ৰত অনমনীয়তা প্ৰদৰ্শন কৰি অহা কেন্দ্ৰীয় চৰকাৰ এইবাৰ নমনীয় হ’বলৈ বাধ্য হ’ল দেশৰ অন্নদাতা ৰ ওচৰত। তেওঁলোকৰ প্ৰতিবাদৰ অনল শিখাই যেন নাশ কৰিলে চৰকাৰৰ সকলো অহংকাৰ। এই আন্দোলনৰ সূচনা হৈছিল তিনিখিন বিতৰ্কিত কৃষি আইনক লৈ। আন্দোলনটো হোৱাৰ মুখ্য কাৰণ আছিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি বিধেয়ক। যি বিধেয়ক সম্পূৰ্ণৰূপে কৃষক সমাজক ক্ষতিগ্ৰস্ত কৰা বিধেয়ক আছিল। ২০২০ বৰ্ষৰ ছেপ্তেম্বৰ মাহত সংসদৰ অধিৱেশনত এই তিনি খন নতুন কৃষি বিধেয়ক আইনত পৰিণত হয়৷ এই আইন তিনিখন হ’ল –
১) কৃষকৰ উৎপাদন সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্ধন আৰু সুবিধা) আইন ২০২০
২) কৃষকৰ (কতৃৰ্ত্বৱান আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইন ২০২০
৩) অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন)আইন ২০২০


এই তিনিখন আইনৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিল ভাৰতীয় কৃষকসকল। ‘এই আইন আমি কেতিয়াও মানি নলওঁ’ বুলি পথাৰ এৰি ৰাজপথলৈ ওলাই আহিল কৃষকসকল। ত্রিশটাৰো অধিক কৃষক সংগঠনৰ নেতৃত্বত আৰম্ভ হ’ল ‘দিল্লী চলো’ আন্দোলন৷ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষকসকল বিশেষভাৱে সক্রিয় আছিল৷ এই আইনকেইখনক ‘কর্প’ৰেট বান্ধৱ’ আৰু ‘কৃষকবিৰোধী’ আখ্যা দি আন্দোলনকাৰী কৃষক সংগঠনবোৰৰ নেতাসকলে অভিযোগ কৰিছে যে এই আইনকেইখনৰ যোগেদি কৃষকসকলক কর্প’ৰেট গোষ্ঠীবোৰৰ ক্রীতদাসত পৰিণত কৰিব বিচৰা হৈছে৷ কৃষকসকলে আশংকা প্রকাশ কৰে যে অনেক ত্যাগৰ বিনিময়ত, কৃষিজাত সামগ্রীৰ ন্যুনতম সমর্থনমূল্য আদায়ৰ অধিকাৰ নতুনকৈ প্রণয়ন কৰা আইন তিনিখনৰ যোগেদি চৰকাৰে হৰণ কৰিব৷


সকলোৰে শেষত গণতন্ত্ৰই মাৰিলে শেষ হাঁহি৷ বহু প্ৰতীক্ষাৰ অন্তত বাতিল হ’ল বিতৰ্কিত তিনিওখন কৃষক বিৰোধী আইন৷ প্ৰায় ডেৰ বছৰজোৰা এক দীঘলীয়া আন্দোলন আৰু সংগ্ৰাম ৷ ৰদ, বতাহ, ধুমুহা, বৰষুণ বা কোনো প্ৰাকৃতিক দুৰ্যোগেই বাধা দিব নোৱাৰা ভাৰতৰ ইতিহাসৰ এক সৰ্ববৃহৎ গণ আন্দোলন৷

চৰকাৰ যন্ত্ৰই আন্দোলনক হাজাৰ চেষ্টা কৰাৰ পাছতো এটা খোজো বিপথে পৰিচালিত কৰিব নোৱাৰিলে৷ তেওঁলোকৰ উদ্দেশ্য মাথো এটাই, যিকোনো মূল্যৰ বিনিময়ত বিৰ্তকিত এই তিনিখন কৃষি আইন বাতিল হ’বই লাগিব৷ কি দিন, কি ৰাতি, তেওঁলোকে কেৱল কৰি গ’ল আন্দোলন আৰু আন্দোলন৷ দিনৰ ভাগত যদি দিল্লীৰ আম্বলা, সিংঘু, টিকৰি সীমান্তত কৃষকৰ চৰকাৰ বিৰোধী তীব্ৰ আন্দোলন, নিশাৰ ভাগতো সেই একে উদ্যমেৰে কৃষকৰ তীব্ৰ আন্দোলন৷
এই কৃষকৰ জয় ঐতিহাসিক জয়। আইন তিনিখন বাতিল কৰাত কেন্দ্ৰ চৰকাৰৰ যিমানেই ন্যস্ত স্বাৰ্থ জড়িত নাথাকক কিয় অৱশেষত সেও মানিবলৈ যে বাধ্য হ’ল তাতকৈ পৰম সুখৰ কথা কি হ’ব পাৰে এইখন কৃষিপ্ৰধান দেশত। কৃষিপ্ৰধান দেশত আজি অন্নদাতা কৃষকৰ জয়ত সুখী হৈ পৰিছে প্ৰতিজন ভাৰতীয়। ২০২১ চনৰ ১৯ নৱেম্বৰ তাৰিখটো এক ঐতিহাসিক দিন হিচাপে ইতিহাসত লিপিবদ্ধ হৈ ৰ’ল৷


এই আন্দোলনৰ নেতৃত্ব বহন কৰা ৰাকেশ টিকাইটলৈ ভাৰতীয় কৃষক সংঘৰ মুখপাত্ৰ তথা কৃষক নেতা ৰাকেশ টিকাইতক লণ্ডনত একবিংশ শতিকাৰ আইকন বঁটা ২০২১ ৰে সন্মানিত কৰা হৈছে। কোম্পানীটোৰ কাৰ্যবাহী সঞ্চালকজনে গাজীপুৰ সীমান্তত টিকাইতক এই বঁটা প্ৰদান কৰে। এক সংবাদ মাধ্যমে জনোৱা অনুসৰি টিকাইট প্ৰতিবাদৰ কিছু কামত ব্যস্ত থকা বাবে লণ্ডনলৈ বঁটা গ্ৰহণ কৰিব যাব নোৱাৰে যাৰ বাবে ভাৰততে তেওঁক এই বঁটা প্ৰদান কৰা হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক