--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটা মাছে তুলিছে খলকনি। মাছটোৰ এফালে লিখা আছে 'আল্লা' আৰু আনটো ফালে লিখা আছে 'মহম্মদ'। উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত এই মাছটোক লৈ যথেষ্ট চৰ্চা আৰম্ভ হৈছে। অংকুৰ সিংঘল নামৰ এজন হিন্দু লোকৰ ঘৰৰ একুৰিয়ামত আছে এই অসাধাৰণ মাছটো। মাছটো অস্কাৰ প্ৰজাতিৰ অন্তৰ্গত।

অংকুৰ সিংঘলৰ ড্ৰাই ক্লিনিঙৰ ব্যৱসায় আছে। তেওঁৰ সৈতে কাম কৰা এজন মুছলমান লোকে একুৰিয়ামত নাচি থকা মাছটোৰ এফালে 'আল্লা' আৰু আনফালে 'মহম্মদ' লিখা আছে বুলি ধৰা পেলাইছিল। অংকুৰ সিংঘলে লোকজনৰ কথা বিশ্বাস কৰা নাছিল, সেয়েহে মাছটো দেখুৱাবৰ বাবে তেওঁ আৰৱী আৰু উৰ্দু ভাষা জনা লোকক ঘৰলৈ মাতি আনে।

আৰৱী আৰু উৰ্দু ভাষা জনা বহু কেইজন লোকে কলে যে হয় কথাটো সঁচা…মাছটোৰ দেহত আল্লা-মহম্মদৰ নাম খোদিত আছে। ইয়াৰ পাছতেই মাছটো ক্ৰয় কৰিবৰ বাবে অংকুৰ সিংঘলৰ ঘৰত মানুহে আহি ভিৰ কৰিছেহি। বহুতো মুছলমান লোকে এই মাছটোৰ মূল্য ৩ লাখৰ পৰা ৫ লাখ টকালৈকে দিবলৈ ওলাইছে। কিন্তু অংকুৰ সিংঘল মাছটো বিক্ৰী কৰিবৰ বাবে মান্তি হোৱা নাই।

আল্লা-মহম্মদৰ নাম লিখা মাছটোৰ কথা গম পোৱাৰ লগে লগে বহু মানুহ আহিছে মাছটোৰ সৈতে ছেলফী তুলিবলৈ। অংকুৰ সিংঘলে যোৱা ১০ বছৰ ধৰি একুৰিয়ামত মাছ পুহি আছে। এই অসাধাৰণ অস্কাৰ মাছটো ৩ বছৰ পূৰ্বে তেওঁ ঘৰলৈ আনিছিল। মাছটো ডাঙৰ হৈ অহাৰ লগে লগে আল্লা-মহম্মদৰ নাম স্পষ্ট হৈ পৰিছে।

আৰু পঢ়কঃ ‘মেহেংগায়ী হাটাও’! ছোনিয়া, ৰাহুল, প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত কংগ্ৰেছৰ বিশাল ৰেলী


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক