--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটা মাছে তুলিছে খলকনি। মাছটোৰ এফালে লিখা আছে 'আল্লা' আৰু আনটো ফালে লিখা আছে 'মহম্মদ'। উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত এই মাছটোক লৈ যথেষ্ট চৰ্চা আৰম্ভ হৈছে। অংকুৰ সিংঘল নামৰ এজন হিন্দু লোকৰ ঘৰৰ একুৰিয়ামত আছে এই অসাধাৰণ মাছটো। মাছটো অস্কাৰ প্ৰজাতিৰ অন্তৰ্গত।

অংকুৰ সিংঘলৰ ড্ৰাই ক্লিনিঙৰ ব্যৱসায় আছে। তেওঁৰ সৈতে কাম কৰা এজন মুছলমান লোকে একুৰিয়ামত নাচি থকা মাছটোৰ এফালে 'আল্লা' আৰু আনফালে 'মহম্মদ' লিখা আছে বুলি ধৰা পেলাইছিল। অংকুৰ সিংঘলে লোকজনৰ কথা বিশ্বাস কৰা নাছিল, সেয়েহে মাছটো দেখুৱাবৰ বাবে তেওঁ আৰৱী আৰু উৰ্দু ভাষা জনা লোকক ঘৰলৈ মাতি আনে।

আৰৱী আৰু উৰ্দু ভাষা জনা বহু কেইজন লোকে কলে যে হয় কথাটো সঁচা…মাছটোৰ দেহত আল্লা-মহম্মদৰ নাম খোদিত আছে। ইয়াৰ পাছতেই মাছটো ক্ৰয় কৰিবৰ বাবে অংকুৰ সিংঘলৰ ঘৰত মানুহে আহি ভিৰ কৰিছেহি। বহুতো মুছলমান লোকে এই মাছটোৰ মূল্য ৩ লাখৰ পৰা ৫ লাখ টকালৈকে দিবলৈ ওলাইছে। কিন্তু অংকুৰ সিংঘল মাছটো বিক্ৰী কৰিবৰ বাবে মান্তি হোৱা নাই।

আল্লা-মহম্মদৰ নাম লিখা মাছটোৰ কথা গম পোৱাৰ লগে লগে বহু মানুহ আহিছে মাছটোৰ সৈতে ছেলফী তুলিবলৈ। অংকুৰ সিংঘলে যোৱা ১০ বছৰ ধৰি একুৰিয়ামত মাছ পুহি আছে। এই অসাধাৰণ অস্কাৰ মাছটো ৩ বছৰ পূৰ্বে তেওঁ ঘৰলৈ আনিছিল। মাছটো ডাঙৰ হৈ অহাৰ লগে লগে আল্লা-মহম্মদৰ নাম স্পষ্ট হৈ পৰিছে।

আৰু পঢ়কঃ ‘মেহেংগায়ী হাটাও’! ছোনিয়া, ৰাহুল, প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত কংগ্ৰেছৰ বিশাল ৰেলী


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি