--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাজনৰ গভীৰ অৰণ্যত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হৈ পৰিছিল চাৰিটা শিশু। প্ৰায় ৪০  দিনৰ অন্তত জীৱন্তে উদ্ধাৰ কৰা হৈছে তেওঁলোকক।

দুৰ্ঘটনাটোত তিনিজন প্ৰাপ্তবয়স্ক যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। অলৌকিকভাৱে বাচি থকা চাৰিটা শিশুৰ ভিতৰত এটাৰ বয়স মাত্ৰ এবছৰ।

কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই কয় যে স্থানীয় সময় অনুসৰি শুকুৰবাৰে দক্ষিণ কলম্বিয়াৰ ঘন জংঘলত শিশুকেইটিক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

পেট্ৰ’ই এটা টুইটযোগে কয়, ‘গোটেই দেশৰ বাবে এক আনন্দৰ মুহূৰ্ত! কলম্বিয়াৰ জংঘলত হেৰাই যোৱা চাৰিটা শিশুক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। কলম্বিয়াৰ কাকেটা আৰু গুয়াভিয়া প্ৰদেশৰ সীমান্তৰ ওচৰত সৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইৰ ওচৰতে সেনাই ভাতৃ-ভগ্নীকেইটিক উদ্ধাৰ কৰে।’’

উল্লেখ্য যে চেছনা-২০৬ বিমানখনত ৭ জন যাত্ৰী আছিল। আমাজন প্ৰদেশৰ আৰাকুয়াৰা আৰু গুৱাভিয়াৰ প্ৰদেশৰ এখন চহৰ ছান জোছ ডেল গুয়াভিয়াৰৰ মাজৰ পথত আছিল বিমানখন। ১ মে’ৰ পুৱা ইঞ্জিন বিকল হোৱাৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

এই দুৰ্ঘটনাত পাইলটকে ধৰি তিনিজন প্ৰাপ্তবয়স্ক লোকৰ মৃত্যু হয়। বিমানখনৰ ভিতৰত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয়। কিন্তু ১৩, ৯ আৰু ৪ বছৰীয়া শিশুৰ লগতে আন এটি ১২ মহীয়া শিশুও দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে। পিছত সিহঁত জংঘলত হেৰাই যায়।

শিশুকেইটাৰ পৰিয়ালৰ মাজতো আনন্দ দেখা গৈছে৷ উল্লেখ্য যে উদ্ধাৰ হোৱা শিশুকেইটা হুইটতো সম্প্ৰদায়ৰ। বৰ্ষাৰণ্যত কেনেকৈ জীয়াই থাকিব পাৰি সেই বিষয়ে সিহঁতৰ কিছু জ্ঞান আছিল বুলি বিষয়াসকলে জনায়। কলম্বিয়াৰ সেনাই প্ৰকাশ কৰা ছবিত জংঘলৰ মাজত চাৰিটা শিশুসহ সৈনিকৰ এটা দলক দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস