--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাজনৰ গভীৰ অৰণ্যত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হৈ পৰিছিল চাৰিটা শিশু। প্ৰায় ৪০  দিনৰ অন্তত জীৱন্তে উদ্ধাৰ কৰা হৈছে তেওঁলোকক।

দুৰ্ঘটনাটোত তিনিজন প্ৰাপ্তবয়স্ক যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। অলৌকিকভাৱে বাচি থকা চাৰিটা শিশুৰ ভিতৰত এটাৰ বয়স মাত্ৰ এবছৰ।

কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই কয় যে স্থানীয় সময় অনুসৰি শুকুৰবাৰে দক্ষিণ কলম্বিয়াৰ ঘন জংঘলত শিশুকেইটিক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

পেট্ৰ’ই এটা টুইটযোগে কয়, ‘গোটেই দেশৰ বাবে এক আনন্দৰ মুহূৰ্ত! কলম্বিয়াৰ জংঘলত হেৰাই যোৱা চাৰিটা শিশুক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। কলম্বিয়াৰ কাকেটা আৰু গুয়াভিয়া প্ৰদেশৰ সীমান্তৰ ওচৰত সৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইৰ ওচৰতে সেনাই ভাতৃ-ভগ্নীকেইটিক উদ্ধাৰ কৰে।’’

উল্লেখ্য যে চেছনা-২০৬ বিমানখনত ৭ জন যাত্ৰী আছিল। আমাজন প্ৰদেশৰ আৰাকুয়াৰা আৰু গুৱাভিয়াৰ প্ৰদেশৰ এখন চহৰ ছান জোছ ডেল গুয়াভিয়াৰৰ মাজৰ পথত আছিল বিমানখন। ১ মে’ৰ পুৱা ইঞ্জিন বিকল হোৱাৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

এই দুৰ্ঘটনাত পাইলটকে ধৰি তিনিজন প্ৰাপ্তবয়স্ক লোকৰ মৃত্যু হয়। বিমানখনৰ ভিতৰত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয়। কিন্তু ১৩, ৯ আৰু ৪ বছৰীয়া শিশুৰ লগতে আন এটি ১২ মহীয়া শিশুও দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে। পিছত সিহঁত জংঘলত হেৰাই যায়।

শিশুকেইটাৰ পৰিয়ালৰ মাজতো আনন্দ দেখা গৈছে৷ উল্লেখ্য যে উদ্ধাৰ হোৱা শিশুকেইটা হুইটতো সম্প্ৰদায়ৰ। বৰ্ষাৰণ্যত কেনেকৈ জীয়াই থাকিব পাৰি সেই বিষয়ে সিহঁতৰ কিছু জ্ঞান আছিল বুলি বিষয়াসকলে জনায়। কলম্বিয়াৰ সেনাই প্ৰকাশ কৰা ছবিত জংঘলৰ মাজত চাৰিটা শিশুসহ সৈনিকৰ এটা দলক দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস