--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফলৰ ৰজা আম। কিন্তু এক কেজি আম ২ লাখৰো অধিক মূল্যত বিক্ৰী হোৱা আপুনি শুনিছেনে? শুনিবলৈ আচৰিত যদিও  পশ্চিম বংগৰ শিলিগুৰিত অনুষ্ঠিত হোৱা সপ্তম  আম মহোৎসৱত সংঘটিত হৈছে এই ঘটনা।

তাত প্ৰদৰ্শন কৰা হয় বিশ্ব ৰ আটাইকৈ দামী আম ‘মিয়াজাকি’। জানিব পৰা মতে আন্তৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় মূল্য অনুসৰি এই আমৰ মূল্য প্ৰতি কেজিত ২.৭৫ লাখ টকা।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পশ্চিম বংগৰ বীৰভূমৰ কৃষক শৌকত হুছেইনে ১০টা মিয়াজাকি আম প্ৰদৰ্শন কৰি এই উৎসৱত অংশগ্ৰহণ কৰিছে।

৯ জুনত আৰম্ভ হোৱা এই উৎসৱ দেওবাৰ অৰ্থাৎ ১১ জুনলৈকে চলিব। মডেলা কেয়াৰটেকাৰ চেণ্টাৰ এণ্ড স্কুলৰ উদ্যোগত, এছ’চিয়েশ্যন ফৰ কনজাৰ্ভেচন এণ্ড টুৰিজিম সহযোগত শিলিগুৰিৰ এটা শ্বপিং মলত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এই মহোৎসৱত ২৬২ৰো অধিক প্ৰজাতিৰ  আম প্ৰদৰ্শন কৰা হ’ব।

উল্লেখ্য যে জাপানৰ কিউছু প্ৰিফেকচাৰৰ মিয়াজাকি চহৰত প্ৰথমে এই আমবিধৰ খেতি কৰা হৈছিল। সেয়ে মিয়াজাকি আমৰ নামটো ইয়াৰ উৎপত্তিস্থল চহৰখনৰ নামৰ পৰাই লোৱা হৈছে।

জাপানী ভাষাত Taiyo-no-Tamago নামেৰে জনাজাত এই আমবোৰৰ ওজন সাধাৰণ আমতকৈ ৩৫০ গ্ৰাম অধিক আৰু ইয়াত ১৫ শতাংশতকৈও অধিক পৰিমাণৰ চেনী থাকে। ভাৰত আৰু দক্ষিণ-পূব এছিয়াত জনপ্ৰিয় সাধাৰণ আমৰ জাততকৈ ইয়াৰ ৰূপ আৰু ৰঙৰ পৃথক বাবেই এই আমবিধ অধিক জনপ্ৰিয়।

স্থানীয় প্ৰতিবেদন অনুসৰি এই মিয়াজাকি আমৰ উৎপাদন ৭০ৰ দশকৰ শেষৰ ফালে আৰু ৮০ৰ দশকৰ আৰম্ভণিতে মিয়াজাকিত আৰম্ভ হৈছিল। এই আমবোৰৰ এপ্ৰিলৰ পৰা আগষ্ট মাহৰ ভিতৰত খাব পৰা হয়। এই আমবোৰত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে আৰু ইয়াত বিটা-কেৰটিন আৰু ফলিক এচিড থাকে যিয়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। 

ভাৰত, বাংলাদেশ, থাইলেণ্ড আৰু ফিলিপাইনছতো এই আমৰ খেতি কৰা হয়। খবৰ অনুসৰি  মধ্যপ্ৰদেশৰ জবালপুৰ চহৰত এহাল দম্পতীৰ বাগিচাত এই ধৰণৰ আমৰ দুটা পুলি গজিছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত