--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফলৰ ৰজা আম। কিন্তু এক কেজি আম ২ লাখৰো অধিক মূল্যত বিক্ৰী হোৱা আপুনি শুনিছেনে? শুনিবলৈ আচৰিত যদিও  পশ্চিম বংগৰ শিলিগুৰিত অনুষ্ঠিত হোৱা সপ্তম  আম মহোৎসৱত সংঘটিত হৈছে এই ঘটনা।

তাত প্ৰদৰ্শন কৰা হয় বিশ্ব ৰ আটাইকৈ দামী আম ‘মিয়াজাকি’। জানিব পৰা মতে আন্তৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় মূল্য অনুসৰি এই আমৰ মূল্য প্ৰতি কেজিত ২.৭৫ লাখ টকা।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পশ্চিম বংগৰ বীৰভূমৰ কৃষক শৌকত হুছেইনে ১০টা মিয়াজাকি আম প্ৰদৰ্শন কৰি এই উৎসৱত অংশগ্ৰহণ কৰিছে।

৯ জুনত আৰম্ভ হোৱা এই উৎসৱ দেওবাৰ অৰ্থাৎ ১১ জুনলৈকে চলিব। মডেলা কেয়াৰটেকাৰ চেণ্টাৰ এণ্ড স্কুলৰ উদ্যোগত, এছ’চিয়েশ্যন ফৰ কনজাৰ্ভেচন এণ্ড টুৰিজিম সহযোগত শিলিগুৰিৰ এটা শ্বপিং মলত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এই মহোৎসৱত ২৬২ৰো অধিক প্ৰজাতিৰ  আম প্ৰদৰ্শন কৰা হ’ব।

উল্লেখ্য যে জাপানৰ কিউছু প্ৰিফেকচাৰৰ মিয়াজাকি চহৰত প্ৰথমে এই আমবিধৰ খেতি কৰা হৈছিল। সেয়ে মিয়াজাকি আমৰ নামটো ইয়াৰ উৎপত্তিস্থল চহৰখনৰ নামৰ পৰাই লোৱা হৈছে।

জাপানী ভাষাত Taiyo-no-Tamago নামেৰে জনাজাত এই আমবোৰৰ ওজন সাধাৰণ আমতকৈ ৩৫০ গ্ৰাম অধিক আৰু ইয়াত ১৫ শতাংশতকৈও অধিক পৰিমাণৰ চেনী থাকে। ভাৰত আৰু দক্ষিণ-পূব এছিয়াত জনপ্ৰিয় সাধাৰণ আমৰ জাততকৈ ইয়াৰ ৰূপ আৰু ৰঙৰ পৃথক বাবেই এই আমবিধ অধিক জনপ্ৰিয়।

স্থানীয় প্ৰতিবেদন অনুসৰি এই মিয়াজাকি আমৰ উৎপাদন ৭০ৰ দশকৰ শেষৰ ফালে আৰু ৮০ৰ দশকৰ আৰম্ভণিতে মিয়াজাকিত আৰম্ভ হৈছিল। এই আমবোৰৰ এপ্ৰিলৰ পৰা আগষ্ট মাহৰ ভিতৰত খাব পৰা হয়। এই আমবোৰত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে আৰু ইয়াত বিটা-কেৰটিন আৰু ফলিক এচিড থাকে যিয়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। 

ভাৰত, বাংলাদেশ, থাইলেণ্ড আৰু ফিলিপাইনছতো এই আমৰ খেতি কৰা হয়। খবৰ অনুসৰি  মধ্যপ্ৰদেশৰ জবালপুৰ চহৰত এহাল দম্পতীৰ বাগিচাত এই ধৰণৰ আমৰ দুটা পুলি গজিছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস