--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰিছ জনছনে ব্ৰিটেইনৰ সংসদ সদস্য (এম পি) পদৰ পৰাও পদত্যাগ কৰিছে। শুকুৰবাৰে ‘পাৰ্টিগেট কেলেংকাৰী’ৰ তদন্তৰ প্ৰতিবেদনৰ পিছতে তেওঁ পদত্যাগ ঘোষণা কৰে। বৰিছৰ মতে, বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদনৰ বাবেই তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছে। সেই তদন্তৰ প্ৰতিবেদনত তেওঁক সাংসদ পদৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰাৰ চেষ্টা কৰা হৈছে।

ইয়াৰ পূৰ্বে শুকুৰবাৰে পুৱা জনছনে বিশেষাধিকাৰ কমিটীৰ তদন্ত প্ৰতিবেদনৰ এটা প্ৰতিলিপি লাভ কৰে। বৰিছৰ মতে এই প্ৰতিবেদন বিভ্ৰান্তিকৰ, অসত্য আৰু পক্ষপাতিত্বৰে পৰিপূৰ্ণ।শুকুৰবাৰে সন্ধিয়া এক বিবৃতিত বৰিছে দাবী কৰে যে কমিটীয়ে নিজৰ প্ৰতিবেদনত এটাও প্ৰমাণ দাঙি ধৰিব পৰা নাই যে তেওঁ ইচ্ছাকৃতভাৱে হাউছ অৱ কমনছ (সংসদৰ নিম্ন সদন)ক বিপথে পৰিচালিত কৰিছে।

ইয়াৰ পূৰ্বে মাৰ্চ মাহত বৰিছে তদন্ত সমিতিৰ সন্মুখত স্বীকাৰ কৰিছিল যে তেওঁ কৰ’নাৰ নিয়ম অৱমাননা কৰি বন্ধু-বান্ধৱীৰ সৈতে ডিনাৰ পাৰ্টি আয়োজন কৰি সংসদক বিপথে পৰিচালিত কৰিছিল। কিন্তু তেওঁ ইচ্ছাকৃতভাৱে সেয়া কৰা নাই বুলিও কৈছিল ।

উল্লেখ্য যে ২০২০-২১ চনত কৰ’না মহামাৰীৰ সময়ত ব্ৰিটেইনত বিভিন্ন নিষেধাজ্ঞা প্ৰযোজ্য আছিল। তাৰ পিছত প্ৰধানমন্ত্ৰী বৰিছে লকডাউনৰ নিয়ম ভংগ কৰি নিজৰ কাৰ্যালয়ত কেইবাবাৰো নৈশ আহাৰ অনুষ্ঠানৰ আয়োজন কৰে। যাৰ বাবে তেওঁ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হ’ল।এই বিষয়টোক ‘পাৰ্টি গেট কেলেংকাৰী’ বুলি জনা যায়। এই অভিযোগৰ ভিত্তিত বৰিছে ২০২২ চনৰ ৭ জুলাইত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ ঘোষণা কৰিবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন