--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰিছ জনছনে ব্ৰিটেইনৰ সংসদ সদস্য (এম পি) পদৰ পৰাও পদত্যাগ কৰিছে। শুকুৰবাৰে ‘পাৰ্টিগেট কেলেংকাৰী’ৰ তদন্তৰ প্ৰতিবেদনৰ পিছতে তেওঁ পদত্যাগ ঘোষণা কৰে। বৰিছৰ মতে, বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদনৰ বাবেই তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছে। সেই তদন্তৰ প্ৰতিবেদনত তেওঁক সাংসদ পদৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰাৰ চেষ্টা কৰা হৈছে।

ইয়াৰ পূৰ্বে শুকুৰবাৰে পুৱা জনছনে বিশেষাধিকাৰ কমিটীৰ তদন্ত প্ৰতিবেদনৰ এটা প্ৰতিলিপি লাভ কৰে। বৰিছৰ মতে এই প্ৰতিবেদন বিভ্ৰান্তিকৰ, অসত্য আৰু পক্ষপাতিত্বৰে পৰিপূৰ্ণ।শুকুৰবাৰে সন্ধিয়া এক বিবৃতিত বৰিছে দাবী কৰে যে কমিটীয়ে নিজৰ প্ৰতিবেদনত এটাও প্ৰমাণ দাঙি ধৰিব পৰা নাই যে তেওঁ ইচ্ছাকৃতভাৱে হাউছ অৱ কমনছ (সংসদৰ নিম্ন সদন)ক বিপথে পৰিচালিত কৰিছে।

ইয়াৰ পূৰ্বে মাৰ্চ মাহত বৰিছে তদন্ত সমিতিৰ সন্মুখত স্বীকাৰ কৰিছিল যে তেওঁ কৰ’নাৰ নিয়ম অৱমাননা কৰি বন্ধু-বান্ধৱীৰ সৈতে ডিনাৰ পাৰ্টি আয়োজন কৰি সংসদক বিপথে পৰিচালিত কৰিছিল। কিন্তু তেওঁ ইচ্ছাকৃতভাৱে সেয়া কৰা নাই বুলিও কৈছিল ।

উল্লেখ্য যে ২০২০-২১ চনত কৰ’না মহামাৰীৰ সময়ত ব্ৰিটেইনত বিভিন্ন নিষেধাজ্ঞা প্ৰযোজ্য আছিল। তাৰ পিছত প্ৰধানমন্ত্ৰী বৰিছে লকডাউনৰ নিয়ম ভংগ কৰি নিজৰ কাৰ্যালয়ত কেইবাবাৰো নৈশ আহাৰ অনুষ্ঠানৰ আয়োজন কৰে। যাৰ বাবে তেওঁ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হ’ল।এই বিষয়টোক ‘পাৰ্টি গেট কেলেংকাৰী’ বুলি জনা যায়। এই অভিযোগৰ ভিত্তিত বৰিছে ২০২২ চনৰ ৭ জুলাইত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ ঘোষণা কৰিবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস