--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাৰ বালাছোৰত ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ ধ্বংসাৱশেষৰ তলৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে অসমৰ এজন ৩৫ বছৰীয়া যুৱকক।

দুলাই মজুমদাৰ নামৰ অসমৰ যুৱকজনক কমেও দুদিন ধৰি ধ্বংসাৱশেষৰ তলত থকাৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ শুকুৰবাৰে দুৰ্ঘটনা সংঘটিত হোৱা কৰমণ্ডল এক্সপ্ৰেছত আছিল মজুমদাৰ।

সংঘৰ্ষ ঘটাৰ পিছতে তেওঁ ৰে’লৰ পৰা ছিটিকি ওলাই পৰে আৰু ট্ৰেকৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত গৈ পৰি ৰয়। সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰে।

মজুমদাৰক প্ৰথমতে ছ’ৰ’ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পিছত তেওঁৰ অৱস্থাৰ অৱনতি ঘটাৰ পিছত তেওঁক বালাছোৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

ওড়িশাৰ বালাছোৰত শালমাৰ-চেন্নাই ক’ৰ’মণ্ডল এক্সপ্ৰেছ, বেংগালুৰু-হাওৰা ছুপাৰ ফাষ্ট আৰু এখন মালবাহী তিনিখন ৰে’লৰ দুৰ্ঘটনাত কমেও ২৭৫ জন লোকৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক