--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাৰ বালাছোৰত ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ ধ্বংসাৱশেষৰ তলৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে অসমৰ এজন ৩৫ বছৰীয়া যুৱকক।

দুলাই মজুমদাৰ নামৰ অসমৰ যুৱকজনক কমেও দুদিন ধৰি ধ্বংসাৱশেষৰ তলত থকাৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ শুকুৰবাৰে দুৰ্ঘটনা সংঘটিত হোৱা কৰমণ্ডল এক্সপ্ৰেছত আছিল মজুমদাৰ।

সংঘৰ্ষ ঘটাৰ পিছতে তেওঁ ৰে’লৰ পৰা ছিটিকি ওলাই পৰে আৰু ট্ৰেকৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত গৈ পৰি ৰয়। সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰে।

মজুমদাৰক প্ৰথমতে ছ’ৰ’ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পিছত তেওঁৰ অৱস্থাৰ অৱনতি ঘটাৰ পিছত তেওঁক বালাছোৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

ওড়িশাৰ বালাছোৰত শালমাৰ-চেন্নাই ক’ৰ’মণ্ডল এক্সপ্ৰেছ, বেংগালুৰু-হাওৰা ছুপাৰ ফাষ্ট আৰু এখন মালবাহী তিনিখন ৰে’লৰ দুৰ্ঘটনাত কমেও ২৭৫ জন লোকৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস