--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২ জুনত পাটনাত বিৰোধীয়ে একেলগে বহাৰ বাবে আয়োজন কৰা বৈঠক স্থগিত কৰা হৈছে। জানিব পৰা মতে, সেইদিনা ৰাহুল গান্ধীকে ধৰি বিৰোধী দলৰ বহু নেতা উপস্থিত থাকিব নোৱাৰিৱ। সেইবাবেই ১২ তাৰিখৰ বৈঠক পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

বৰ্তমান ৰাহুল গান্ধী বহিঃৰাষ্ট্ৰত আছে। ছোনিয়া গান্ধীও চিকিৎসাজনিত কাৰণত বিদেশত আছে। সূত্ৰসমূহৰ মতে, মল্লিকাৰ্জুন খাৰ্গে আৰু এম কে ষ্টেলিনেও সেইদিনা বৈঠকত উপস্থিত থাকিব নোৱাৰে। বৰঞ্চ আন এটা দিন নিৰ্ধাৰণ কৰা হৈছে য’ত সকলোৱে উপস্থিত থাকিব পাৰিব। জানিব পৰা মতে, ১২ জুনৰ পৰিৱৰ্তে ২৩ জুনত এই বৈঠক অনুষ্ঠিত হ’ব।

উল্লেখ্য যে এই বৈঠক কিছুদিন আগতে জানিব পৰা গৈছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁট শক্তিশালী কৰাৰ বাবে সকলোকে এখন ছাদৰ তলত বহাৰ আহ্বান জনাইছিল নীতিশ কুমাৰে।

অৱশ্যে বৈঠকৰ পূৰ্বে বিৰোধী শক্তিক একত্ৰিত কৰি তোলাৰ কাম আৰম্ভ হৈছে বুলি ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে। কিয়নো ইয়াৰ পূৰ্বে নীতিশ কুমাৰ, অৰবিন্দ কেজৰিৱাল, ভগৱন্ত মান, কুমাৰস্বামীয়ে কলকাতাত তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ সৈতে সাক্ষাৎ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস