--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱা আজি তিনিদিনেই পাৰ হৈ গ’ল। এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে আহত ব্যক্তি আৰু নিহত সকলৰ পৰিয়াললৈ বিভিন্ন সাহায্যৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগতে উৰিষ্যাৰ নবীন পাটনায়কৰ ৰাজ্য চৰকাৰেও বিহু সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 

কিন্তু, ইমানবোৰ আনুষ্ঠানিক ঘোষণাৰ পিছতো উৰিষ্যাত হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে আহত আৰু নিহত ব্যক্তিৰ আত্মীয় সকলে।  উৰিষ্যাত চলি থকা চৰকাৰী পক্ষৰ এনে বিভৎস কাণ্ডৰ বিষয়ে উদঙাই দিছে এগৰাকী নিহত ব্যক্তিৰ আত্মীয়ই।অভিযোগ উত্থাপন কৰা ব্যক্তিগৰাকীৰ নাম সুমিত সিঙ। তেওঁৰ ঘৰ পশ্চিমবংগত। দুৰ্ঘটনাত পতিত হোৱা কৰমণ্ডল নামৰ ৰেল খনত আছিল সুমিতৰ এগৰাকী আত্মীয়, যি ৰেলখনত এগৰাকী ৰেল শ্ৰমিক হিচাপে কাম কৰি আছিল। 

ঘটনা সংঘটিত হোৱাৰ দিনা সন্ধিয়া সুমিতে এগৰাকী ৰেল কৰ্মচাৰীল ফোন কৰি সুধিছিল যে তেখতৰ আত্মীয় বৰ্তমান কেনে আছে।  ৰেলৱে কৰ্মচাৰী জনে তেতিয়া সুমিতক জনাইছিল যে তেখেতৰ আত্মীয় ৰেল শ্ৰমিকগৰাকী দুৰ্ঘটনাত আহত হৈছে আৰু তেখেতৰ বিশেষ একো ক্ষতি হোৱা নাই, বৰ্তমান তেখেতৰ অৱস্থা সুস্থিৰ। মাত্ৰ কঁকাল আৰু আঁঠুত সামান্য আঘাত পাইছে। 

এই কথা শুনি সুমিতে শুকুৰবাৰে নিশাই পশ্চিম বঙ্গৰ বাবুঘাটৰ পৰা উৰিষ্যালৈ বুলি বাছৰে ৰাওনা হৈছিল। কিন্তু বাটতে তেওঁৰ মোবাইলত এটা মেছেজ আহিল যে তেওঁৰ আত্মীয় আৰু জীয়াই নাই।

এই ভয়ংকৰ খবৰৰ পিছতেই সুমিতে ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হৈ চৌদিশে সিঁচৰতি হৈ থকা মৃতদেহ সমূহ উদ্ধাৰ কৰে। আনহাতে চিকিৎসালয়ৰ কৰিড’ৰত সিঁচৰতি হৈ আছিল অজস্ৰ মৃতদেহ। 

সুমিতে কয় যে যেতিয়া তেওঁ বাৰে বাৰে চিকিৎসালয়ৰ লোকসকলক নিজৰ আত্মীয়ৰ মৃতদেহ বিচাৰি অনুৰোধ কৰিছিল তেতিয়া প্ৰায় ৪-৫ ঘন্টালৈকে কোনেও তেওঁৰ কথা শুনা নাছিল।

উৰিষ্যাৰ চৰকাৰী কৰ্মচাৰীৰ ওচৰলৈ গ’লে পুলিচৰ ওচৰলৈ যাবলৈ কোৱা হয়। পুলিচৰ ওচৰলৈ গ’লে কোৱা হয়, “ৰেলৱে পুলিচৰ ওচৰলৈ যাওক”। ৰেলৱে আৰক্ষীৰ ওচৰলৈ  গ’লে স্থানীয় থানালৈ প্ৰেৰণ কৰা হয়। এইদৰে মৃত ৰে’ল কৰ্মীজনৰ আত্মীয়জনক দুৱাৰে দুৱাৰে কাৰ্যতঃ হাৰাশাস্তি কৰা হয়।

সুমিতে কয় যে কোনো চৰকাৰী বিষয়াই এই দুৰ্ঘটনাত মৃত্যু হোৱা কোনো ব্যক্তিৰ পৰিয়ালৰ ওচৰলৈ যোৱা নাছিল। আনকি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো প্ৰদান কৰা হোৱা নাছিল সুমিতৰ দৰে বহুতো আত্মীয়ক।

সুমিতক ৰালেশ্বৰ ৰেল কৰ্তৃপক্ষই মাত্ৰ এখন শ্বেতপত্ৰ প্ৰদান কৰিছিল। য’ত মাত্ৰ লিখা আছিল – এই মৃতদেহটো আপোনাৰ, আপুনি মৃতদেহটো লৈ যাব পাৰে।

সুমিতে কয় যে তেওঁ উৰিষ্যাত  চৰকাৰৰ পৰা কোনো সহায় নাপালে। সুমিতে নিজেই ১৫ হাজাৰ টকাত এখন এম্বুলেন্স ভাড়াত লৈ আত্মীয়ৰ মৃতদেহ কলকাতালৈ আনিব লগা হৈছিল। 

সুমিতৰ কথাৰ পৰাই গ’ম পোৱা যায় যে আচলতে উৰিষ্যাত মৃত ব্যক্তি সকলৰ আত্মীয় সকলৰ কি ধৰণৰ হাৰাশাস্তি হৈছে। সুমিতে মুখ খোলাৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়াত সৃষ্টি হৈছে সচেতন ৰাইজৰ মাজত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক