--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱা আজি তিনিদিনেই পাৰ হৈ গ’ল। এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে আহত ব্যক্তি আৰু নিহত সকলৰ পৰিয়াললৈ বিভিন্ন সাহায্যৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগতে উৰিষ্যাৰ নবীন পাটনায়কৰ ৰাজ্য চৰকাৰেও বিহু সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 

কিন্তু, ইমানবোৰ আনুষ্ঠানিক ঘোষণাৰ পিছতো উৰিষ্যাত হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে আহত আৰু নিহত ব্যক্তিৰ আত্মীয় সকলে।  উৰিষ্যাত চলি থকা চৰকাৰী পক্ষৰ এনে বিভৎস কাণ্ডৰ বিষয়ে উদঙাই দিছে এগৰাকী নিহত ব্যক্তিৰ আত্মীয়ই।অভিযোগ উত্থাপন কৰা ব্যক্তিগৰাকীৰ নাম সুমিত সিঙ। তেওঁৰ ঘৰ পশ্চিমবংগত। দুৰ্ঘটনাত পতিত হোৱা কৰমণ্ডল নামৰ ৰেল খনত আছিল সুমিতৰ এগৰাকী আত্মীয়, যি ৰেলখনত এগৰাকী ৰেল শ্ৰমিক হিচাপে কাম কৰি আছিল। 

ঘটনা সংঘটিত হোৱাৰ দিনা সন্ধিয়া সুমিতে এগৰাকী ৰেল কৰ্মচাৰীল ফোন কৰি সুধিছিল যে তেখতৰ আত্মীয় বৰ্তমান কেনে আছে।  ৰেলৱে কৰ্মচাৰী জনে তেতিয়া সুমিতক জনাইছিল যে তেখেতৰ আত্মীয় ৰেল শ্ৰমিকগৰাকী দুৰ্ঘটনাত আহত হৈছে আৰু তেখেতৰ বিশেষ একো ক্ষতি হোৱা নাই, বৰ্তমান তেখেতৰ অৱস্থা সুস্থিৰ। মাত্ৰ কঁকাল আৰু আঁঠুত সামান্য আঘাত পাইছে। 

এই কথা শুনি সুমিতে শুকুৰবাৰে নিশাই পশ্চিম বঙ্গৰ বাবুঘাটৰ পৰা উৰিষ্যালৈ বুলি বাছৰে ৰাওনা হৈছিল। কিন্তু বাটতে তেওঁৰ মোবাইলত এটা মেছেজ আহিল যে তেওঁৰ আত্মীয় আৰু জীয়াই নাই।

এই ভয়ংকৰ খবৰৰ পিছতেই সুমিতে ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হৈ চৌদিশে সিঁচৰতি হৈ থকা মৃতদেহ সমূহ উদ্ধাৰ কৰে। আনহাতে চিকিৎসালয়ৰ কৰিড’ৰত সিঁচৰতি হৈ আছিল অজস্ৰ মৃতদেহ। 

সুমিতে কয় যে যেতিয়া তেওঁ বাৰে বাৰে চিকিৎসালয়ৰ লোকসকলক নিজৰ আত্মীয়ৰ মৃতদেহ বিচাৰি অনুৰোধ কৰিছিল তেতিয়া প্ৰায় ৪-৫ ঘন্টালৈকে কোনেও তেওঁৰ কথা শুনা নাছিল।

উৰিষ্যাৰ চৰকাৰী কৰ্মচাৰীৰ ওচৰলৈ গ’লে পুলিচৰ ওচৰলৈ যাবলৈ কোৱা হয়। পুলিচৰ ওচৰলৈ গ’লে কোৱা হয়, “ৰেলৱে পুলিচৰ ওচৰলৈ যাওক”। ৰেলৱে আৰক্ষীৰ ওচৰলৈ  গ’লে স্থানীয় থানালৈ প্ৰেৰণ কৰা হয়। এইদৰে মৃত ৰে’ল কৰ্মীজনৰ আত্মীয়জনক দুৱাৰে দুৱাৰে কাৰ্যতঃ হাৰাশাস্তি কৰা হয়।

সুমিতে কয় যে কোনো চৰকাৰী বিষয়াই এই দুৰ্ঘটনাত মৃত্যু হোৱা কোনো ব্যক্তিৰ পৰিয়ালৰ ওচৰলৈ যোৱা নাছিল। আনকি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো প্ৰদান কৰা হোৱা নাছিল সুমিতৰ দৰে বহুতো আত্মীয়ক।

সুমিতক ৰালেশ্বৰ ৰেল কৰ্তৃপক্ষই মাত্ৰ এখন শ্বেতপত্ৰ প্ৰদান কৰিছিল। য’ত মাত্ৰ লিখা আছিল – এই মৃতদেহটো আপোনাৰ, আপুনি মৃতদেহটো লৈ যাব পাৰে।

সুমিতে কয় যে তেওঁ উৰিষ্যাত  চৰকাৰৰ পৰা কোনো সহায় নাপালে। সুমিতে নিজেই ১৫ হাজাৰ টকাত এখন এম্বুলেন্স ভাড়াত লৈ আত্মীয়ৰ মৃতদেহ কলকাতালৈ আনিব লগা হৈছিল। 

সুমিতৰ কথাৰ পৰাই গ’ম পোৱা যায় যে আচলতে উৰিষ্যাত মৃত ব্যক্তি সকলৰ আত্মীয় সকলৰ কি ধৰণৰ হাৰাশাস্তি হৈছে। সুমিতে মুখ খোলাৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়াত সৃষ্টি হৈছে সচেতন ৰাইজৰ মাজত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস