--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত পুনৰ বন্দুকধাৰীৰ সন্ত্ৰাস৷  ডেচ মইনছৰ এটা যুৱ প্ৰশিক্ষণ কেন্দ্ৰত দুৰ্বৃত্তই সংঘটিত কৰা গুলীচালনাৰ ঘটনাত দুজন ছাত্ৰসহ তিনিজন লোক আহত হয়ইয়াৰে দুজন ছাত্ৰৰ পিছত মৃত্যু ঘটে৷ ঘটনাৰ বিৱৰণি অনুসৰি এজন বন্দুকধাৰীয়ে কেন্দ্ৰটোত  প্ৰৱেশ কৰিছিল আৰু গুলীচালনা কৰিবলৈ আৰম্ভ কৰিছিল। গুলীচালনাত দুজন ছাত্ৰসহ তিনিজন লোক আহত হয়।

উল্লেখ্য কেলিফৰ্ণিয়াত চীনা নৱবৰ্ষ উৎসৱত হোৱা আক্ৰমণৰ পিছত বন্দুকধাৰীজনে আমেৰিকাত তৃতীয়বাৰৰ বাবে এনে আক্ৰমণ ঘটায়৷   উক্ত তিনিটা পৃথক আক্ৰমণত কমেও নজন লোক নিহত হৈছে।

শেহতীয়াকৈ আইৱাৰ ডেচ মইনছত থকা এটা যুৱ প্ৰশিক্ষণ কেন্দ্ৰত বন্দুকধাৰীয়ে আক্ৰমণ কৰে। এই ঘটনাত আহতসকলৰ অৱস্থা উদ্বেগজনক বুলি জানিব পৰা গৈছে। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ছাত্ৰ দুজনৰ মৃত্যু হয়। এজন শিক্ষক গুৰুতৰভাবে আহত হৈ   চিকিৎসাধীন হৈ আছে।

ঘটনাটো সংঘটিত কৰি দুৰ্বৃত্তই সেই স্থানৰ পৰা সুকলমে   পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে বন্দুকধাৰীজনক আটক কৰিবলৈ  অভিযান আৰম্ভ কৰিছে। গোপন সূত্ৰৰ পৰা তথ্য পোৱাৰ পিছত চহৰখনৰ ৰাজপথত এখন গাড়ী জব্দ কৰা হয়। আৰক্ষীয়ে  তিনিজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰিছে। আক্ৰমণৰ আঁৰত তেওঁলোক জড়িত থাকিব পাৰে বুলি  সন্দেহ কৰা হৈছে৷ আনহাতে, উত্তৰ কেলিফৰ্ণিয়াৰ হাফ মুন বে চহৰত দুটা পৃথক আক্ৰমণত মুঠ সাতজন লোক নিহত হৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে