--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত পুনৰ বন্দুকধাৰীৰ সন্ত্ৰাস৷  ডেচ মইনছৰ এটা যুৱ প্ৰশিক্ষণ কেন্দ্ৰত দুৰ্বৃত্তই সংঘটিত কৰা গুলীচালনাৰ ঘটনাত দুজন ছাত্ৰসহ তিনিজন লোক আহত হয়।ইয়াৰে দুজন ছাত্ৰৰ পিছত মৃত্যু ঘটে৷ ঘটনাৰ বিৱৰণি অনুসৰি এজন বন্দুকধাৰীয়ে কেন্দ্ৰটোত  প্ৰৱেশ কৰিছিল আৰু গুলীচালনা কৰিবলৈ আৰম্ভ কৰিছিল। গুলীচালনাত দুজন ছাত্ৰসহ তিনিজন লোক আহত হয়।

উল্লেখ্য কেলিফৰ্ণিয়াত চীনা নৱবৰ্ষ উৎসৱত হোৱা আক্ৰমণৰ পিছত বন্দুকধাৰীজনে আমেৰিকাত তৃতীয়বাৰৰ বাবে এনে আক্ৰমণ ঘটায়৷   উক্ত তিনিটা পৃথক আক্ৰমণত কমেও নজন লোক নিহত হৈছে।

শেহতীয়াকৈ আইৱাৰ ডেচ মইনছত থকা এটা যুৱ প্ৰশিক্ষণ কেন্দ্ৰত বন্দুকধাৰীয়ে আক্ৰমণ কৰে। এই ঘটনাত আহতসকলৰ অৱস্থা উদ্বেগজনক বুলি জানিব পৰা গৈছে। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ছাত্ৰ দুজনৰ মৃত্যু হয়। এজন শিক্ষক গুৰুতৰভাবে আহত হৈ   চিকিৎসাধীন হৈ আছে।

ঘটনাটো সংঘটিত কৰি দুৰ্বৃত্তই সেই স্থানৰ পৰা সুকলমে   পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে বন্দুকধাৰীজনক আটক কৰিবলৈ  অভিযান আৰম্ভ কৰিছে। গোপন সূত্ৰৰ পৰা তথ্য পোৱাৰ পিছত চহৰখনৰ ৰাজপথত এখন গাড়ী জব্দ কৰা হয়। আৰক্ষীয়ে  তিনিজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰিছে। আক্ৰমণৰ আঁৰত তেওঁলোক জড়িত থাকিব পাৰে বুলি  সন্দেহ কৰা হৈছে৷ আনহাতে, উত্তৰ কেলিফৰ্ণিয়াৰ হাফ মুন বে চহৰত দুটা পৃথক আক্ৰমণত মুঠ সাতজন লোক নিহত হৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ