--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত সংঘটিত কৰমণ্ডল এক্প্ৰেছৰ দুৰ্ঘটনাত এতিয়ালৈকে ২৯০ গৰাকী যাত্ৰী নিহত হৈছে। আহত হৈছে সহস্ৰাধিক লোক। কিন্তু এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰিছে কৰমণ্ডল এক্প্ৰেছৰ এজন চালক। কপালত চাউলকঠা থকাৰ বাবেই তেওঁ নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰা বুলি বহুতে আলোচনা কৰিছে। সৌভাগ্যবান সেই চালকগৰাকী হৈছে আৰ কে মণ্ডল। 

মণ্ডলে  দক্ষিণ পূব ৰে’লৱেৰ চালক হিচাবে কৰ্মৰত হৈ আছিল। জানিব পৰা মতে দুৰ্ঘটনাৰ দিনা মণ্ডলে  কৰমণ্ডল এক্প্ৰেছ ৰে’ল খন খড়গপুৰ ষ্টেচনলৈকে চলাই নিছিল। শুকুৰবাৰে দুপৰীয়া ২.৪৫ বজাত শালিমাৰ ষ্টেচনৰ পৰা চেন্নাইলৈ ৰাওনা হৈছিল কৰমণ্ডল এক্সপ্ৰেছখন।  দৰাচলতে ৰে’ল এখন চলাই নিয়াৰ বাবে চালকসকলক একোটা নিৰ্দিষ্ট ষ্টেছনলৈ  দায়িত্ব অৰ্পন কৰা হয়। 

মণ্ডলেও  খড়গপুৰ ষ্টেছনত তেওঁৰ কাম শেষ কৰি চালকৰ আসন খন আন এজন চালকক এৰি দিছিল। আৰ কে মণ্ডলে চালকৰ আসন এৰি দিয়াৰ  প্ৰায় ডেৰ ঘণ্টা পিছত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল কৰমণ্ডল এক্প্ৰেছৰ ৰে’ল খন। সেয়ে কথমপি প্ৰাণ ৰক্ষা পৰিছিল ৰে’ল চালক আৰ কে মণ্ডলৰ। মণ্ডলে কৈছে যে খড়গপুৰ পৰ্যন্ত ৰে’লখনত কোনো বিজুতি ধৰা পৰা নাছিল। 

 সেয়ে দুৰ্ঘটনা কিয় হ’বলৈ পালে তাকে ভাবি আচৰিত হৈ পৰিছে ৰে’ল চালক জন। ইপিনে উৰিষ্যাৰ ট্ৰিপল ৰে'ল দুৰ্ঘটনাত দুখন ৰে'লৰ  চালক আৰু গাৰ্ডৰ মৃত্যু হোৱা নাই। তেওঁলোক আহত হৈছে  আৰু বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।  এজন ৰে'ল বিষয়াই এই কথা নিশ্চিত কৰিছে।  মালগাড়ী খনৰ চালক আৰু  গাৰ্ড অৱশ্যে অক্ষত অৱস্থাতে আছে বুলি বিষয়াজনে লগতে কয়। কৰমণ্ডল এক্সপ্ৰেছৰ লোকো পাইলট আৰু তেওঁৰ সহকাৰীজনৰ লগতে গাৰ্ড আৰু বেংগালুৰু-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছৰ গাৰ্ডগৰাকী দুৰ্ঘটনাটোত  আহতৰ তালিকাত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস