--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত সংঘটিত কৰমণ্ডল এক্প্ৰেছৰ দুৰ্ঘটনাত এতিয়ালৈকে ২৯০ গৰাকী যাত্ৰী নিহত হৈছে। আহত হৈছে সহস্ৰাধিক লোক। কিন্তু এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰিছে কৰমণ্ডল এক্প্ৰেছৰ এজন চালক। কপালত চাউলকঠা থকাৰ বাবেই তেওঁ নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰা বুলি বহুতে আলোচনা কৰিছে। সৌভাগ্যবান সেই চালকগৰাকী হৈছে আৰ কে মণ্ডল। 

মণ্ডলে  দক্ষিণ পূব ৰে’লৱেৰ চালক হিচাবে কৰ্মৰত হৈ আছিল। জানিব পৰা মতে দুৰ্ঘটনাৰ দিনা মণ্ডলে  কৰমণ্ডল এক্প্ৰেছ ৰে’ল খন খড়গপুৰ ষ্টেচনলৈকে চলাই নিছিল। শুকুৰবাৰে দুপৰীয়া ২.৪৫ বজাত শালিমাৰ ষ্টেচনৰ পৰা চেন্নাইলৈ ৰাওনা হৈছিল কৰমণ্ডল এক্সপ্ৰেছখন।  দৰাচলতে ৰে’ল এখন চলাই নিয়াৰ বাবে চালকসকলক একোটা নিৰ্দিষ্ট ষ্টেছনলৈ  দায়িত্ব অৰ্পন কৰা হয়। 

মণ্ডলেও  খড়গপুৰ ষ্টেছনত তেওঁৰ কাম শেষ কৰি চালকৰ আসন খন আন এজন চালকক এৰি দিছিল। আৰ কে মণ্ডলে চালকৰ আসন এৰি দিয়াৰ  প্ৰায় ডেৰ ঘণ্টা পিছত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল কৰমণ্ডল এক্প্ৰেছৰ ৰে’ল খন। সেয়ে কথমপি প্ৰাণ ৰক্ষা পৰিছিল ৰে’ল চালক আৰ কে মণ্ডলৰ। মণ্ডলে কৈছে যে খড়গপুৰ পৰ্যন্ত ৰে’লখনত কোনো বিজুতি ধৰা পৰা নাছিল। 

 সেয়ে দুৰ্ঘটনা কিয় হ’বলৈ পালে তাকে ভাবি আচৰিত হৈ পৰিছে ৰে’ল চালক জন। ইপিনে উৰিষ্যাৰ ট্ৰিপল ৰে'ল দুৰ্ঘটনাত দুখন ৰে'লৰ  চালক আৰু গাৰ্ডৰ মৃত্যু হোৱা নাই। তেওঁলোক আহত হৈছে  আৰু বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।  এজন ৰে'ল বিষয়াই এই কথা নিশ্চিত কৰিছে।  মালগাড়ী খনৰ চালক আৰু  গাৰ্ড অৱশ্যে অক্ষত অৱস্থাতে আছে বুলি বিষয়াজনে লগতে কয়। কৰমণ্ডল এক্সপ্ৰেছৰ লোকো পাইলট আৰু তেওঁৰ সহকাৰীজনৰ লগতে গাৰ্ড আৰু বেংগালুৰু-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছৰ গাৰ্ডগৰাকী দুৰ্ঘটনাটোত  আহতৰ তালিকাত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক