--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰুৰে পৰা তেওঁলোকে কেৱল অভাৱ দেখিছে। সেই অভাৱ দূৰ কৰিবলৈয়েই তিনি ভাতৃয়ে সিদ্ধান্ত লৈছিল দক্ষিণ ভাৰতলৈ গৈ কিবা কাম কৰিব আৰু ঘৰ খনক এটা নতুন ৰূপ দিব। কিন্তু তেওঁলোকৰ আশা পূৰণ হ’বলৈ নাপালে।  তিনিওজন ভাতৃৰ সপোন আছিল একেলগে পৰিয়ালটোক উন্নত কৰা।  গতিকে তেওঁলোকে একেলগে দক্ষিণ ভাৰতলৈ কাম কৰিবলৈ গৈছিল। 

তেওঁলোকৰ লক্ষ্য আছিল অন্ধ্ৰ প্ৰদেশ। তিনি ভাতৃয়ে উঠিছিল কৰমণ্ডল এক্সপ্ৰেছত। কিন্তু ওড়িশাত যেন তেওঁলোকৰ বাবে ৰৈ আছিল কাল।  কৰ্মণ্ডল এক্সপ্ৰেছত হোৱা দুৰ্ঘটনাই  তিনিওজন ভাতৃকে চিৰদিনৰ বাবে পৃথিৱীৰ পৰা কাঢ়ি নিলে।  তিনিওজন ভাতৃ আছিল পশ্চিমবংগৰ  দক্ষিণ ২৪ পৰগণা জিলাৰ বাসিন্দা।  হৰণ গায়েন, নিশিকান্ত গায়েন, দিবাকৰ গায়েন আছিল তিনি সহোদৰ  ভাতৃ। 

তেওঁলোক আটাইকেইজন দক্ষিণ ২৪ পৰগণা জিলাৰ বাসন্তীৰ বাসিন্দা। তেওঁলোকে  অন্ধ্ৰ প্ৰদেশৰ কোম্পানীত কাম  কৰিবলৈ গৈ আছিল। অৱশ্যে প্ৰথমবাৰৰ বাবে তেওঁলোকে দক্ষিণ ভাৰতলৈ যোৱা নাছিল। আগতেওঁ তেওঁলোকে আগতে কেইবাবাৰো দক্ষিণ ভাৰতলৈ  গৈছিল। তিনিভাতৃৰ মৃত্যুৰ খবৰ পাই  পৰিয়ালৰ আন সদস্যসকলে ইতিমধ্যে তেওঁলোকৰ মৃতদেহ আনিবলৈ ওড়িশালৈ ৰাওনা হৈছে।
 
তিনিজন ভাতৃৰ উপৰিও বাসন্তীৰ চৰণেখালী গাঁৱৰ আন দুজনৰো দুৰ্ঘটনাত  মৃত্যু হৈছে। তেওঁলোক হৈছে বিকাশ আৰু সঞ্জয় হালদাৰ। বাসন্তীৰ লগতে মগ্ৰাহাট-১ খণ্ডৰ উষ্টিৰ সৰিয়হ মালাংগীপাৰাৰ বাসিন্দা আশিক আলী গাজীৰো  দুৰ্ঘটনাত মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক