--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰুৰে পৰা তেওঁলোকে কেৱল অভাৱ দেখিছে। সেই অভাৱ দূৰ কৰিবলৈয়েই তিনি ভাতৃয়ে সিদ্ধান্ত লৈছিল দক্ষিণ ভাৰতলৈ গৈ কিবা কাম কৰিব আৰু ঘৰ খনক এটা নতুন ৰূপ দিব। কিন্তু তেওঁলোকৰ আশা পূৰণ হ’বলৈ নাপালে।  তিনিওজন ভাতৃৰ সপোন আছিল একেলগে পৰিয়ালটোক উন্নত কৰা।  গতিকে তেওঁলোকে একেলগে দক্ষিণ ভাৰতলৈ কাম কৰিবলৈ গৈছিল। 

তেওঁলোকৰ লক্ষ্য আছিল অন্ধ্ৰ প্ৰদেশ। তিনি ভাতৃয়ে উঠিছিল কৰমণ্ডল এক্সপ্ৰেছত। কিন্তু ওড়িশাত যেন তেওঁলোকৰ বাবে ৰৈ আছিল কাল।  কৰ্মণ্ডল এক্সপ্ৰেছত হোৱা দুৰ্ঘটনাই  তিনিওজন ভাতৃকে চিৰদিনৰ বাবে পৃথিৱীৰ পৰা কাঢ়ি নিলে।  তিনিওজন ভাতৃ আছিল পশ্চিমবংগৰ  দক্ষিণ ২৪ পৰগণা জিলাৰ বাসিন্দা।  হৰণ গায়েন, নিশিকান্ত গায়েন, দিবাকৰ গায়েন আছিল তিনি সহোদৰ  ভাতৃ। 

তেওঁলোক আটাইকেইজন দক্ষিণ ২৪ পৰগণা জিলাৰ বাসন্তীৰ বাসিন্দা। তেওঁলোকে  অন্ধ্ৰ প্ৰদেশৰ কোম্পানীত কাম  কৰিবলৈ গৈ আছিল। অৱশ্যে প্ৰথমবাৰৰ বাবে তেওঁলোকে দক্ষিণ ভাৰতলৈ যোৱা নাছিল। আগতেওঁ তেওঁলোকে আগতে কেইবাবাৰো দক্ষিণ ভাৰতলৈ  গৈছিল। তিনিভাতৃৰ মৃত্যুৰ খবৰ পাই  পৰিয়ালৰ আন সদস্যসকলে ইতিমধ্যে তেওঁলোকৰ মৃতদেহ আনিবলৈ ওড়িশালৈ ৰাওনা হৈছে।
 
তিনিজন ভাতৃৰ উপৰিও বাসন্তীৰ চৰণেখালী গাঁৱৰ আন দুজনৰো দুৰ্ঘটনাত  মৃত্যু হৈছে। তেওঁলোক হৈছে বিকাশ আৰু সঞ্জয় হালদাৰ। বাসন্তীৰ লগতে মগ্ৰাহাট-১ খণ্ডৰ উষ্টিৰ সৰিয়হ মালাংগীপাৰাৰ বাসিন্দা আশিক আলী গাজীৰো  দুৰ্ঘটনাত মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস