--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ কাণ্ডই সমগ্ৰ দেশকে জোকাৰি গ’ল। দুখন যাত্ৰীবাহী ৰে’ল আৰু এখন সামগ্ৰী কঢ়িওৱা ৰে’লৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত ২৯০ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ১০০০ৰো অধিক লোক আহত হৈছে। বালাছোৰৰ দুৰ্ঘটনাস্থলীত দ্ৰুতগতিত পুনৰুদ্ধাৰৰ কাৰ্য চলি আছে। ইয়াৰ বাবে দুৰ্ঘটনাস্থলীত নিয়োগ কৰা হৈছে ১০০০ৰো অধিক শ্ৰমিক। ওড়িশাৰ বালাছোৰত সংঘটিত হোৱা মৰ্মান্তিক ৰে’ল দুৰ্ঘটনাৰ স্থানত পুনৰুদ্ধাৰৰ কাম দিনে-নিশাই চলি আছে।

দক্ষিণ-পূব ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া আদিত্য কুমাৰে উলটি যোৱা ডবা আঁতৰোৱা আৰু চলি থকা ট্ৰেক সংযোগৰ কামৰ কথা উল্লেখ কৰিছে সংবাদ মাধ্যমক।

উল্লেখযোগ্য যে, বিগত দুটা দশকৰ ভিতৰতে সবাতোকৈ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা হিচাপে চিহ্নিত হৈছে এই ৰে’ল দুৰ্ঘটনা। এই ভয়ংকৰ শোকাৱহ ৰে’ল দুৰ্ঘটনাৰ বাবে দেশৰ ৰে’ল যোগাযোগত যথেষ্ট বিৰূপ প্ৰভাৱ পৰিছে। মানুহে ৰেল যাত্ৰা কৰিবলৈ আতংকিত হৈ পৰিছে।

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ বালাচোৰ জিলাৰ বাহাংগাত ৰে’ল দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি সাহায্য আৰু কাৰ্যকৰী পুনৰুদ্ধাৰৰ কামৰ বুজ লয়। প্ৰধানমন্ত্ৰীৰ লগত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত থাকে। প্ৰধানমন্ত্ৰীক এই পৰিস্থিতিৰ বিষয়ে অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰী উভয়ৰে লগতে দুৰ্যোগ ব্যৱস্থাপনা দলৰ বিষয়াসকলে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহত আৰু তেওঁলোকৰ পৰিয়ালক সম্ভৱপৰ সকলো সহায় যাতে আগবঢ়োৱা হয়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে শোকসন্তপ্ত পৰিয়ালৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় আৰু ক্ষতিগ্ৰস্তসকলক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰাটো নিশ্চিত কৰিবলৈও কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাৰ বাবে দায়ীসকলক কঠোৰ শাস্তি বিহা হ’ব বুলিও ঘোষণা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক