--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ কাণ্ডই সমগ্ৰ দেশকে জোকাৰি গ’ল। দুখন যাত্ৰীবাহী ৰে’ল আৰু এখন সামগ্ৰী কঢ়িওৱা ৰে’লৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত ২৯০ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ১০০০ৰো অধিক লোক আহত হৈছে। বালাছোৰৰ দুৰ্ঘটনাস্থলীত দ্ৰুতগতিত পুনৰুদ্ধাৰৰ কাৰ্য চলি আছে। ইয়াৰ বাবে দুৰ্ঘটনাস্থলীত নিয়োগ কৰা হৈছে ১০০০ৰো অধিক শ্ৰমিক। ওড়িশাৰ বালাছোৰত সংঘটিত হোৱা মৰ্মান্তিক ৰে’ল দুৰ্ঘটনাৰ স্থানত পুনৰুদ্ধাৰৰ কাম দিনে-নিশাই চলি আছে।

দক্ষিণ-পূব ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া আদিত্য কুমাৰে উলটি যোৱা ডবা আঁতৰোৱা আৰু চলি থকা ট্ৰেক সংযোগৰ কামৰ কথা উল্লেখ কৰিছে সংবাদ মাধ্যমক।

উল্লেখযোগ্য যে, বিগত দুটা দশকৰ ভিতৰতে সবাতোকৈ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা হিচাপে চিহ্নিত হৈছে এই ৰে’ল দুৰ্ঘটনা। এই ভয়ংকৰ শোকাৱহ ৰে’ল দুৰ্ঘটনাৰ বাবে দেশৰ ৰে’ল যোগাযোগত যথেষ্ট বিৰূপ প্ৰভাৱ পৰিছে। মানুহে ৰেল যাত্ৰা কৰিবলৈ আতংকিত হৈ পৰিছে।

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ বালাচোৰ জিলাৰ বাহাংগাত ৰে’ল দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি সাহায্য আৰু কাৰ্যকৰী পুনৰুদ্ধাৰৰ কামৰ বুজ লয়। প্ৰধানমন্ত্ৰীৰ লগত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত থাকে। প্ৰধানমন্ত্ৰীক এই পৰিস্থিতিৰ বিষয়ে অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰী উভয়ৰে লগতে দুৰ্যোগ ব্যৱস্থাপনা দলৰ বিষয়াসকলে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহত আৰু তেওঁলোকৰ পৰিয়ালক সম্ভৱপৰ সকলো সহায় যাতে আগবঢ়োৱা হয়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে শোকসন্তপ্ত পৰিয়ালৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় আৰু ক্ষতিগ্ৰস্তসকলক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰাটো নিশ্চিত কৰিবলৈও কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাৰ বাবে দায়ীসকলক কঠোৰ শাস্তি বিহা হ’ব বুলিও ঘোষণা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস