--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভূমিকম্পৰ কৱলত এতিয়া তুৰস্ক। মৃত্যুমুখত পৰিছে হাজাৰ হাজাৰ লোক। মৃতকৰ সংখ্যা ৪১ হাজাৰ অতিক্ৰম কৰিছে। এনে পৰিস্থিতিত দুৰ্যোগৰ ২৪৮ ঘন্টাৰ পাছত উদ্ধাৰকাৰী দলে ১৭ বছৰীয়া কিশোৰীক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰে। সকলোৰে বাবে আচৰিত কথা যে ২৪৮ ঘন্টা আৱদ্ধ হৈ থকাৰ পাছতো বাচি থাকিল কিশোৰীগৰাকী। তথ্য অনুসৰি বৰ্তমান সুস্থ কিশোৰীগৰাকী। মৃতকৰ স্তূপৰ মাজত এটা জীৱিত আত্মাক উদ্ধাৰ কৰি উদ্ধাৰকাৰীসকল উল্লাসিত হৈ পৰিছে।

উদ্ধাৰকাৰী আলী আকদোগানে কয় যে, বিগত এসপ্তাহ ধৰি আমি এই অট্টালিকাসমূহৰ চাৰিওফালে তালাচী চলাই আহিছো। আশা এটাই যদি কিবা শব্দ শুনা যায়। আনকি এই অৱস্থাত জীয়াই থকা মেকুৰী এটা বিচাৰি পোৱাটোও আনন্দৰ কথা।” 

কেনে আছে সেই ছোৱালীজনী?  তথ্য অনুসৰি তেওঁ সুস্থ।  ছোৱালীজনীৰ খুৰাকে কান্দি কান্দি ভতিজীক ঘূৰাই পোৱাৰ পাছত এজন এজনকৈ উদ্ধাৰকাৰীক সাৱটি ধৰি আছিল। আৰু ক'লে, "আমি তোমাক কেতিয়াও পাহৰিব নোৱাৰো।"

মন কৰিব যে ৬ ফেব্ৰুৱাৰীত হোৱা ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। ইয়াৰ পিছত তুৰস্কতো কেইবাটাও আফটাৰশ্বকৰ সন্মুখীন হ’বলগীয়া হয়। যাৰ বাবে তাত জনজীৱন কাৰ্যতঃ বিঘ্নিত হৈ পৰিছে। এতিয়াও মানুহৰ অসহায়। বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত ।  ইফালে, বাচি থকাৰ পাছতো ৰাতিটোৰ ভিতৰতে সকলো হেৰুৱাই পেলোৱা গৃহহীন লোকসকলৰ অৱস্থা ভয়াৱহ সংকটত পৰিছে। প্ৰচণ্ড ঠাণ্ডা আৰু ভোকত জ্বলি থকা সেইসকল লোকক অতি সোনকালে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে বুলি জনা গৈছে। যদিও এই বিষয়ত প্ৰশাসনৰ ভূমিকাত বহুতেই সন্তুষ্ট নহয়। তেওঁলোকৰ দাবী, চৰকাৰে গৃহহীন লোকক সহায়ৰ হাত আগবঢ়োৱা নাই। যাৰ বিষয়ে বৰ্তমান নতুন বিতৰ্ক আৰম্ভ হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু