--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভূমিকম্পৰ কৱলত এতিয়া তুৰস্ক। মৃত্যুমুখত পৰিছে হাজাৰ হাজাৰ লোক। মৃতকৰ সংখ্যা ৪১ হাজাৰ অতিক্ৰম কৰিছে। এনে পৰিস্থিতিত দুৰ্যোগৰ ২৪৮ ঘন্টাৰ পাছত উদ্ধাৰকাৰী দলে ১৭ বছৰীয়া কিশোৰীক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰে। সকলোৰে বাবে আচৰিত কথা যে ২৪৮ ঘন্টা আৱদ্ধ হৈ থকাৰ পাছতো বাচি থাকিল কিশোৰীগৰাকী। তথ্য অনুসৰি বৰ্তমান সুস্থ কিশোৰীগৰাকী। মৃতকৰ স্তূপৰ মাজত এটা জীৱিত আত্মাক উদ্ধাৰ কৰি উদ্ধাৰকাৰীসকল উল্লাসিত হৈ পৰিছে।

উদ্ধাৰকাৰী আলী আকদোগানে কয় যে, বিগত এসপ্তাহ ধৰি আমি এই অট্টালিকাসমূহৰ চাৰিওফালে তালাচী চলাই আহিছো। আশা এটাই যদি কিবা শব্দ শুনা যায়। আনকি এই অৱস্থাত জীয়াই থকা মেকুৰী এটা বিচাৰি পোৱাটোও আনন্দৰ কথা।” 

কেনে আছে সেই ছোৱালীজনী?  তথ্য অনুসৰি তেওঁ সুস্থ।  ছোৱালীজনীৰ খুৰাকে কান্দি কান্দি ভতিজীক ঘূৰাই পোৱাৰ পাছত এজন এজনকৈ উদ্ধাৰকাৰীক সাৱটি ধৰি আছিল। আৰু ক'লে, "আমি তোমাক কেতিয়াও পাহৰিব নোৱাৰো।"

মন কৰিব যে ৬ ফেব্ৰুৱাৰীত হোৱা ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। ইয়াৰ পিছত তুৰস্কতো কেইবাটাও আফটাৰশ্বকৰ সন্মুখীন হ’বলগীয়া হয়। যাৰ বাবে তাত জনজীৱন কাৰ্যতঃ বিঘ্নিত হৈ পৰিছে। এতিয়াও মানুহৰ অসহায়। বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত ।  ইফালে, বাচি থকাৰ পাছতো ৰাতিটোৰ ভিতৰতে সকলো হেৰুৱাই পেলোৱা গৃহহীন লোকসকলৰ অৱস্থা ভয়াৱহ সংকটত পৰিছে। প্ৰচণ্ড ঠাণ্ডা আৰু ভোকত জ্বলি থকা সেইসকল লোকক অতি সোনকালে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে বুলি জনা গৈছে। যদিও এই বিষয়ত প্ৰশাসনৰ ভূমিকাত বহুতেই সন্তুষ্ট নহয়। তেওঁলোকৰ দাবী, চৰকাৰে গৃহহীন লোকক সহায়ৰ হাত আগবঢ়োৱা নাই। যাৰ বিষয়ে বৰ্তমান নতুন বিতৰ্ক আৰম্ভ হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ