--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰম অৰ্থনৈতিক মন্দাৱস্থাৰ গ্ৰাসত পৰিছে পাকিস্তান৷ অৰ্থনৈতিক সংকটে ছানি ধৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখন৷ অৰ্থনৈতিক মন্দাৱস্থাই দুৰ্বিষহ কৰি তুলিছে দেশখনৰ জনজীৱন৷ পাকিস্তানত আজিৰ পৰা কাৰ্যকৰী হৈছে ইন্ধন মূল্যৰ নতুন নিৰিখ৷ 

পাকিস্তানত কালি নিশাৰ পৰা পেট্ৰ’ল আৰু গেছৰ মূল্যই আকাশলংঘী উচ্চতালৈ বৃদ্ধি হৈছে৷ ২২.২০ টকা বৃদ্ধিৰ পাছত ৰাষ্ট্ৰখনত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২৭২ টকালৈ বৃদ্ধি কৰা হৈছে৷ বিত্ত বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে ডলাৰৰ বিপৰীতে টকাৰ অৱমূল্যায়নৰ ফলত এই বৃদ্ধি হৈছে।

১৭.২০ টকা বৃদ্ধিৰ পাছত ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২৮০ টকালৈ বৃদ্ধি কৰা হৈছে। ১২.৯০ টকাবৃদ্ধিৰ পিছত কেৰাচিন তেল এতিয়া প্ৰতি লিটাৰত ২০২.৭৩ টকাত উপলব্ধ হ'ব। ইফালে, ৯.৬৮ টকা বৃদ্ধিৰ পিছত পাতল ডিজেল তেল প্ৰতি লিটাৰত ১৯৬.৬৮ টকাত উপলব্ধ হ'ব।

নতুন মূল্যসমূহ কালি নিশা ১২ বজাৰ পৰা কাৰ্যকৰী হৈছে৷ 

মুডিজ এনালিটিক্সৰ সৈতে সম্পৰ্কিত জ্যেষ্ঠ অৰ্থনীতিবিদ কেটৰিনা ইলে ভৱিষ্যদ্বাণী কৰিছিল যে ২০২৩ চনৰ প্ৰথমাৰ্ধত পাকিস্তানত মুদ্ৰাস্ফীতি হ্ৰাস হোৱাৰ আগতে গড় ৩৩ শতাংশ হ'ব পাৰে, আৰু কেৱল আইএমএফৰ পৰা বেলআউটে অৰ্থনীতিক পুনৰ পথত পেলোৱাৰ সম্ভাৱনা নাই বুলি জিয়’ নিউজে প্ৰকাশ কৰিছে।

মিনি বাজেটৰ জৰিয়তে, পাকিস্তান ডেমক্ৰেটিক মুভমেণ্ট (পিডিএম)নেতৃত্বাধীন ফেডাৰেল চৰকাৰে বাজেটৰ ঘাটি হ্ৰাস কৰা আৰু ইয়াৰ কৰ সংগ্ৰহৰ মুঠ পৰিমাণ বিস্তৃত কৰাৰ লক্ষ্য ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ