--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বহুকেইগৰাকী প্ৰাৰ্থীয়ে কঁকালত টঙালি বান্ধিছে৷ আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনে নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব নে নাই তাকেলৈ বিভিন্ন জনৰ মাজত চৰ্চা চলি আছিল৷ বিশেষকৈ বয়সৰ ভৰৰ বাবেই বাইডেনে পুনৰ নিৰ্বাচনত ভাগ ল’ব নোৱাৰিব বুলিয়েই বহুতে ধাৰণা কৰি আহিছে৷ কিন্তু  ৰাষ্ট্ৰপতি জো বাইডেনক তেওঁৰ চিকিৎসকে ২০২৪ চনত পুনৰ নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ শাৰীৰিকভাবে সম্পূৰ্ণ সক্ষম বুলি প্ৰতিবেদন দিছে৷ 

 বাৰ্ষিক চিকিৎসা পৰীক্ষাৰ পিছতে বিদেনক  "কৰ্তব্যৰ বাবে উপযুক্ত" বুলি ঘোষণা কৰা হৈছে৷ উল্লেখ্য বাইডেনৰ বয়স এতিয়া ৮০ বছৰ৷বিদেনৰ স্বাস্থ্য  পৰীক্ষাত সামান্য  সমস্যা পোৱা গৈছে, কিন্তু বাইডেন গুৰুতৰ শাৰীৰিক আৰু স্নায়বিক সমস্যাত আক্ৰান্ত নহয় বুলি কোৱা হৈছে৷  বাইডেনৰ চিকিৎসক কেভিন অ'কনৰে হোৱাইট হাউছে প্ৰকাশ কৰা এখন পত্ৰত লিখিছে "ৰাষ্ট্ৰপতি বাইডেন এজন স্বাস্থ্যৱান, শক্তিশালী, ৮০ বছৰীয়া ব্যক্তি  হৈ আছে, যিয়ে ৰাষ্ট্ৰপতিৰ দায়িত্ব সফলতাৰে সম্পাদন কৰাৰ বাবে উপযুক্ত" । উল্লেখ্য বিদেনে  যোৱা বছৰ ৱাল্টাৰ ৰিড নেচনেল মিলিটাৰী মেডিকেল চেণ্টাৰত কেইবাটাও স্বাস্থ্য  পৰীক্ষা কৰোৱাইছিল৷ তেওঁ অৱশ্যে এতিয়াও পুনৰ নিৰ্বাচনত ভাগ লোৱাৰ কথা স্পষ্টকৈ ঘোষণা কৰা নাই, কিন্তু অতি সোনকালে  কৰিব বুলি আশা কৰা হৈছে৷  

ইপিনে  ৰিপাব্লিকান পক্ষত এতিয়ালৈকে আগশাৰীত থকা প্ৰাৰ্থীগৰাকী হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, যাক বাইডেনে ২০২০  চনৰ  নিৰ্বাচনত পৰাজিত কৰিছিল।  "ৰাষ্ট্ৰপতি বাইডেনে কোনো ধঁপাতজাত সামগ্ৰী ব্যৱহাৰ নকৰে, সুৰাপান নকৰে, আৰু তেওঁ সপ্তাহত কমেও পাঁচদিন ব্যায়াম কৰে," পত্ৰখনত কোৱা হৈছে। বাইডেন ওখই  ছয় ফুট (১.৮৩ মিটাৰ) আৰু ওজন ১৭৮ পাউণ্ড (প্ৰায় ৮০.৭ কিগ্ৰা)। পত্ৰ খনত কোৱা হৈছে " বাইডেনে "যৌৱনকালত ৰ'দত যথেষ্ট সময় অতিবাহিত কৰাৰ বিষয়ে উল্লেখ কৰি অ'কনৰে লিখিছে যে  মেলানোমা  ছালৰ কৰ্কট ৰোগৰ পৰা মুক্ত ৰখাৰ বাবে   ৰাষ্ট্ৰপতিক নিয়মীয়াকৈ চিকিৎসা কৰা হৈছে।" ৰাষ্ট্ৰপতিৰ বুকুত এটা সৰু ঘাঁ পোৱা গৈছে  আৰু পৰম্পৰাগত বায়োপ্সীৰ বাবে প্ৰেৰণ কৰা হৈছে," ৷ইপিনে  ২০২৪ৰ মাৰ্কিন ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াব ভাৰতীয় মূলৰ নিম্ৰতা নিকি ৰন্ধাৱা হেলীয়ে৷ এগৰাকী ভাৰতীয় মূলৰ মহিলা হ’ব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি । 

আপাততঃ তেনে আশাই কৰিছে বহুতে। সম্প্ৰতি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰি আছে ভাৰতীয় মূলৰ কমলা হেৰিছে। ইয়াৰ মাজতে ২০২৪ চনত অনুষ্ঠিত হ'বলগীয়া মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ভাৰতীয় মূলৰ  নিম্ৰতা নিকি হেলীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে।  পাঞ্জাবী সম্প্ৰদায়ৰ কন্যা  নিম্ৰতাই  ৰাষ্ট্ৰসংঘত আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আমেৰিকাৰ দক্ষিণ কেৰ’লিনাৰ প্ৰদেশৰ গৱৰ্ণৰো আছিল । আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়াত তেওঁৰ প্ৰতিদ্বন্দ্বী হ’ব তেওঁৰ ৰিপাব্লিকান সহযোগী আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।
 ট্ৰাম্পৰ বয়স এতিয়া ৭৬ বছৰ। নিকি ৫১। সেয়ে মাৰ্কিন নৱ প্ৰজন্মৰ মাজত নিকি যথেষ্ট জনপ্ৰিয়। সেই জনপ্ৰিয়তাকে মূলধন হিচাবে লৈ নিকিয়ে ২০২৪ চনত মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত এঘৰী যুঁজাৰ বাবে সাজু হৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ