--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ৰাখী বন্ধনৰ দিনাই  ছত্তীশগড়ত সংঘটিত হোৱা এক ঘটনাই  বহুতকে আচৰিত কৰি তুলিছে৷ ৰাখী বন্ধাৰ  পিছত দুগৰাকী ভগ্নীয়ে  এজন আত্মীয়ৰ ঘৰৰ পৰা উভতি আহিছিল। কিন্তু মাজবাটতে তেওঁলোকক উঠাই লৈ যোৱা হৈছিল আৰু দলবদ্ধভাবে ধৰ্ষণ কৰা হৈছিল।

এই ঘটনাত জডড়িত আছিল ১০ জন লোক। তেওঁলোকৰ ভিতৰৰে  এজন স্থানীয় বিজেপি  নেতাৰ পুত্ৰ । আৰক্ষীয়ে ঘটনাটো পোহৰলৈ অহাৰ পিছতে  তদন্ত আৰম্ভ কৰে আৰু অভিযুক্তসকলক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷  দুয়োগৰাকী ভগ্নীক  সংকটজনক অৱস্থাত এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ছত্তীশগড়ৰ ৰায়পুৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে । ভুক্তভোগী সকলৰ ভিতৰত এগৰাকী ১৯ বছৰীয়া ছোৱালী, আন গৰাকী নাবালিকা।তেওঁলোকৰ সৈতে এজন যুৱকো আছিল যদিও ১০ জনীয়া দলটোৱে যুৱক জনক মাৰধৰ কৰি খেদি পঠিয়াইছিল৷ অভিযুক্তকেইজনে  দুয়োগৰাকী ভগ্নীক   ৰায়পুৰৰ ৰিমছ মেডিকেল কলেজৰ সন্মুখৰ পৰা বলপূৰ্বক উঠাই নিছিল৷ 
 ছোৱালী দুগৰাকীক এক নিৰ্জন ঠাইলৈ নি তেওঁলোকে ধৰ্ষণ কৰিছিল।  ছোৱালী দুগৰাকীৰ  লগত যোৱা যুৱক জনে পিছত ঘৰত  খবৰ দিছিল। পৰিয়ালে  আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। 

আৰক্ষীয়ে পিছত ছোৱালী দুজনীক ৰিমছ মেডিকেল কলেজৰ ওচৰৰ এটা অঞ্চলৰ পৰা উদ্ধাৰ কৰে। তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় । আৰক্ষীয়ে ইতিমধ্যে ১০ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ বিৰুদ্ধে ধৰ্ষণৰ এটা গোচৰ ৰুজু কৰা হৈছে। মূল অভিযুক্তজন  হৈছে স্থানীয় বিজেপি নেতা লক্ষ্মীনাৰায়ণ সিঙৰ পুত্ৰ পুনম। তেওঁৰ বিৰুদ্ধে আগৰে পৰাই কেইবাটাও অপৰাধমূলক গোচৰ আছে। তেওঁক আগষ্ট মাহত কাৰাগাৰৰ  মুক্তি দিয়া হৈছিল। তাৰ পিছত তেওঁ পুনৰ  ধৰ্ষণকাণ্ড সংঘটিত কৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানক আৰু ধন নিদিয়ে চীনে
'আমি এছিয়া কাপ জিকিলোঁ, এতিয়া পৰৱৰ্তী লক্ষ্য বিশ্বকাপ'-টিম ইণ্ডিয়াৰ গৰ্জন
এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্য খালে ‘কেন্সাৰ’ হয় নেকি? ডাক্তৰৰ পৰামৰ্শ জানি লওক
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ