--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ৰাখী বন্ধনৰ দিনাই  ছত্তীশগড়ত সংঘটিত হোৱা এক ঘটনাই  বহুতকে আচৰিত কৰি তুলিছে৷ ৰাখী বন্ধাৰ  পিছত দুগৰাকী ভগ্নীয়ে  এজন আত্মীয়ৰ ঘৰৰ পৰা উভতি আহিছিল। কিন্তু মাজবাটতে তেওঁলোকক উঠাই লৈ যোৱা হৈছিল আৰু দলবদ্ধভাবে ধৰ্ষণ কৰা হৈছিল।

এই ঘটনাত জডড়িত আছিল ১০ জন লোক। তেওঁলোকৰ ভিতৰৰে  এজন স্থানীয় বিজেপি  নেতাৰ পুত্ৰ । আৰক্ষীয়ে ঘটনাটো পোহৰলৈ অহাৰ পিছতে  তদন্ত আৰম্ভ কৰে আৰু অভিযুক্তসকলক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷  দুয়োগৰাকী ভগ্নীক  সংকটজনক অৱস্থাত এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ছত্তীশগড়ৰ ৰায়পুৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে । ভুক্তভোগী সকলৰ ভিতৰত এগৰাকী ১৯ বছৰীয়া ছোৱালী, আন গৰাকী নাবালিকা।তেওঁলোকৰ সৈতে এজন যুৱকো আছিল যদিও ১০ জনীয়া দলটোৱে যুৱক জনক মাৰধৰ কৰি খেদি পঠিয়াইছিল৷ অভিযুক্তকেইজনে  দুয়োগৰাকী ভগ্নীক   ৰায়পুৰৰ ৰিমছ মেডিকেল কলেজৰ সন্মুখৰ পৰা বলপূৰ্বক উঠাই নিছিল৷ 
 ছোৱালী দুগৰাকীক এক নিৰ্জন ঠাইলৈ নি তেওঁলোকে ধৰ্ষণ কৰিছিল।  ছোৱালী দুগৰাকীৰ  লগত যোৱা যুৱক জনে পিছত ঘৰত  খবৰ দিছিল। পৰিয়ালে  আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। 

আৰক্ষীয়ে পিছত ছোৱালী দুজনীক ৰিমছ মেডিকেল কলেজৰ ওচৰৰ এটা অঞ্চলৰ পৰা উদ্ধাৰ কৰে। তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় । আৰক্ষীয়ে ইতিমধ্যে ১০ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ বিৰুদ্ধে ধৰ্ষণৰ এটা গোচৰ ৰুজু কৰা হৈছে। মূল অভিযুক্তজন  হৈছে স্থানীয় বিজেপি নেতা লক্ষ্মীনাৰায়ণ সিঙৰ পুত্ৰ পুনম। তেওঁৰ বিৰুদ্ধে আগৰে পৰাই কেইবাটাও অপৰাধমূলক গোচৰ আছে। তেওঁক আগষ্ট মাহত কাৰাগাৰৰ  মুক্তি দিয়া হৈছিল। তাৰ পিছত তেওঁ পুনৰ  ধৰ্ষণকাণ্ড সংঘটিত কৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ