--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ মাজৰ মেচখন অনুষ্ঠিত হোৱাটো বিচৰা নাছিল গৌতম গম্ভীৰে৷ বিজেপি সাংসদগৰাকীয়ে এটা সাক্ষাৎকাৰত এই মেচখন অনুষ্ঠিত হ’ব নালাগে বুলি উল্লেখ কৰিছিল৷ 

গৌতম গম্ভীৰে কৈছিল যে ভাৰত-পাকিস্তানৰ মাজৰ সমস্যাসমাধান নোহোৱালৈকে যিকোনো ক্ৰীড়া প্ৰতিযোগিতা হ’ব নোৱাৰে৷ ভাৰতীয় সেনাৰ জীৱনতকৈ তেওঁৰ বাবে ক্ৰিকেট অধিক মূল্যৱান নহয় বুলি মন্তব্য কৰি গম্ভীৰে এই খেলখনৰ বিৰোধিতা কৰিছিল৷

 ক্ৰিকেটক ৰাজনীতিৰ পৰা পৃথক কৰা সম্ভৱ নহয়, বিশেষকৈ ভাৰত আৰু পাকিস্তানৰ খেলৰ ক্ষেত্ৰত এয়া আৰু অসম্ভৱ বুলি মন্তব্য কৰিছিল গৌতমে৷ তেওঁ লগতে কৈছিল, দুয়োখন দেশৰ মাজত শত্ৰুতাৰ এক দীঘলীয়া ইতিহাস আছে, আৰু তেওঁলোকৰ মাজত ক্ৰিকেট খেলবোৰক প্ৰচাৰৰ মঞ্চ হিচাপে সঘনাই ব্যৱহাৰ কৰা হয়। মই বিশ্বাস নকৰোঁ যে দুয়োখন দেশৰ মাজত পৰিস্থিতি উন্নত নোহোৱালৈকে ভাৰতে কোনো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত পাকিস্তানৰ সৈতে খেলিব লাগে। 

কিন্তু, নিজৰ কথাৰ পৰা বিচলিত হ’ল গৌতম গম্ভীৰ৷ সুবিধাবাদৰ স্বৰূপ উদঙাই আজি ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেলত ধাৰাভাষ্যকাৰৰ ৰূপত দেখা গ’ল গৌতম গম্ভীৰক৷ এনেকৈয়ে এইসকল নেতাই সুবিধাবাদৰ ৰাজনীতি কৰি আহিছে৷ ৰাজনীতিৰ নামত জনসাধাৰণক বিভ্ৰান্ত কৰি নিজে গ্ৰহণ কৰি আহিছে দুতলীয়া চৰিত্ৰ৷ আজিৰ দৃশ্যৰ পাছত এতিয়া সৰ্বত্ৰ সমালোচিত হৈছে গৌতম গম্ভীৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ