--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ মাজৰ মেচখন অনুষ্ঠিত হোৱাটো বিচৰা নাছিল গৌতম গম্ভীৰে৷ বিজেপি সাংসদগৰাকীয়ে এটা সাক্ষাৎকাৰত এই মেচখন অনুষ্ঠিত হ’ব নালাগে বুলি উল্লেখ কৰিছিল৷ 

গৌতম গম্ভীৰে কৈছিল যে ভাৰত-পাকিস্তানৰ মাজৰ সমস্যাসমাধান নোহোৱালৈকে যিকোনো ক্ৰীড়া প্ৰতিযোগিতা হ’ব নোৱাৰে৷ ভাৰতীয় সেনাৰ জীৱনতকৈ তেওঁৰ বাবে ক্ৰিকেট অধিক মূল্যৱান নহয় বুলি মন্তব্য কৰি গম্ভীৰে এই খেলখনৰ বিৰোধিতা কৰিছিল৷

 ক্ৰিকেটক ৰাজনীতিৰ পৰা পৃথক কৰা সম্ভৱ নহয়, বিশেষকৈ ভাৰত আৰু পাকিস্তানৰ খেলৰ ক্ষেত্ৰত এয়া আৰু অসম্ভৱ বুলি মন্তব্য কৰিছিল গৌতমে৷ তেওঁ লগতে কৈছিল, দুয়োখন দেশৰ মাজত শত্ৰুতাৰ এক দীঘলীয়া ইতিহাস আছে, আৰু তেওঁলোকৰ মাজত ক্ৰিকেট খেলবোৰক প্ৰচাৰৰ মঞ্চ হিচাপে সঘনাই ব্যৱহাৰ কৰা হয়। মই বিশ্বাস নকৰোঁ যে দুয়োখন দেশৰ মাজত পৰিস্থিতি উন্নত নোহোৱালৈকে ভাৰতে কোনো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত পাকিস্তানৰ সৈতে খেলিব লাগে। 

কিন্তু, নিজৰ কথাৰ পৰা বিচলিত হ’ল গৌতম গম্ভীৰ৷ সুবিধাবাদৰ স্বৰূপ উদঙাই আজি ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেলত ধাৰাভাষ্যকাৰৰ ৰূপত দেখা গ’ল গৌতম গম্ভীৰক৷ এনেকৈয়ে এইসকল নেতাই সুবিধাবাদৰ ৰাজনীতি কৰি আহিছে৷ ৰাজনীতিৰ নামত জনসাধাৰণক বিভ্ৰান্ত কৰি নিজে গ্ৰহণ কৰি আহিছে দুতলীয়া চৰিত্ৰ৷ আজিৰ দৃশ্যৰ পাছত এতিয়া সৰ্বত্ৰ সমালোচিত হৈছে গৌতম গম্ভীৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত