--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত কৰা এক্টিভিটিৰ জৰিয়তে সদায় সংবাদ মাধ্যমত থকা ৰাখী সাৱন্তৰ প্ৰেমিক আদিল খান দুৰাণীয়ে লাভ কৰিছে মৃত্যুৰ ভাবুকি। ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত প্ৰকাশ কৰি ৰাখীয়ে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে মৃত্যুৰ ভাবুকিক। এটা ভিডিঅ'ত ৰাখীয়ে কয়- "আদিলক মৃত্যুৰ ভাবুকি দিয়া বন্ধ কৰক। মোক প্ৰথমে শেষ কৰক।"

ভিডিঅ'টোত ৰাখী সাৱন্তই কয়, "মই বৰ দুখ পাইছো, মোৰ আদিলক মৃত্যুৰ ভাবুকি দিছে। আদিলক ভাবুকি দি কোৱা হৈছে যে ৰাখীৰ পৰা আঁতৰত থাকক, আমি বিষ্ণুৱী গ্ৰুপৰ, তোমাক আমি হত্যা কৰিম।" ৰাখীয়ে এই সন্দৰ্ভত কয় যে "আমি ইজনে সিজনক ভাল পাওঁ। আমি লোকৰ একো ক্ষতি কৰা নাই। আদিলক কিয় ভাবুকি দিছে। আদিল মোৰ প্ৰাণ হয়। তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো।"

ভিডিঅ'টোত ৰাখীয়ে আৰু কয়, "আপুনি এই ভাবুকি দিয়া বন্ধ কৰক। প্ৰথমে মোক শেষ কৰক। আৰু মোক কিয় শেষ কৰিব আপোনালোকে। ভালপোৱাটো কিবা চুৰি নে অপৰাধ। মোৰ আদিলৰ যাতে একো নহয়। আপোনালোক মোৰ ভাই হয় আৰু মই আশা কৰিছো আপোনালোকে মোৰ ঘৰখন সজাই দিয়াৰ চেষ্টা কৰিবা.. নষ্ট নকৰিবা।"

উল্লেখ্য যে ৰিতেশৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছতে আদিলৰ লগত ডেটিং আৰম্ভ কৰিছিল ৰাখীয়ে। বিগ বছ ১৫ত একেলগে দেখা গৈছিল ৰাখী আৰু ৰিতেশক। তেওঁ ৰিতেশৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়। পিছত দেখা গ’ল যে তেওঁৰ কথিত প্ৰথম পত্নীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল, আৰু ৰাখীয়ে ঘোষণা কৰিছিল যে তেওঁলোকৰ বিবাহ বৈধ নহয় বাবে বিবাহ বিচ্ছেদৰ প্ৰয়োজন নাই।

আদিল মহীশূৰৰ এটা ব্যৱসায়ী পৰিয়ালৰ সন্তান। ৰাখীৰ লগত প্ৰেমৰ সম্পৰ্কত থকাৰ পাছৰে পৰা আদিলো সংবাদ মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে।মৃত্যুৰ ভাবুকিৰ সন্দৰ্ভত মুম্বাই আৰক্ষীক গোচৰ দিছে ৰাখী আৰু আদিলে। লগতে ৰাখীয়ে কয় যে তেওঁ অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবেও আবেদন কৰিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু