--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত কৰা এক্টিভিটিৰ জৰিয়তে সদায় সংবাদ মাধ্যমত থকা ৰাখী সাৱন্তৰ প্ৰেমিক আদিল খান দুৰাণীয়ে লাভ কৰিছে মৃত্যুৰ ভাবুকি। ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত প্ৰকাশ কৰি ৰাখীয়ে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে মৃত্যুৰ ভাবুকিক। এটা ভিডিঅ'ত ৰাখীয়ে কয়- "আদিলক মৃত্যুৰ ভাবুকি দিয়া বন্ধ কৰক। মোক প্ৰথমে শেষ কৰক।"

ভিডিঅ'টোত ৰাখী সাৱন্তই কয়, "মই বৰ দুখ পাইছো, মোৰ আদিলক মৃত্যুৰ ভাবুকি দিছে। আদিলক ভাবুকি দি কোৱা হৈছে যে ৰাখীৰ পৰা আঁতৰত থাকক, আমি বিষ্ণুৱী গ্ৰুপৰ, তোমাক আমি হত্যা কৰিম।" ৰাখীয়ে এই সন্দৰ্ভত কয় যে "আমি ইজনে সিজনক ভাল পাওঁ। আমি লোকৰ একো ক্ষতি কৰা নাই। আদিলক কিয় ভাবুকি দিছে। আদিল মোৰ প্ৰাণ হয়। তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো।"

ভিডিঅ'টোত ৰাখীয়ে আৰু কয়, "আপুনি এই ভাবুকি দিয়া বন্ধ কৰক। প্ৰথমে মোক শেষ কৰক। আৰু মোক কিয় শেষ কৰিব আপোনালোকে। ভালপোৱাটো কিবা চুৰি নে অপৰাধ। মোৰ আদিলৰ যাতে একো নহয়। আপোনালোক মোৰ ভাই হয় আৰু মই আশা কৰিছো আপোনালোকে মোৰ ঘৰখন সজাই দিয়াৰ চেষ্টা কৰিবা.. নষ্ট নকৰিবা।"

উল্লেখ্য যে ৰিতেশৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছতে আদিলৰ লগত ডেটিং আৰম্ভ কৰিছিল ৰাখীয়ে। বিগ বছ ১৫ত একেলগে দেখা গৈছিল ৰাখী আৰু ৰিতেশক। তেওঁ ৰিতেশৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়। পিছত দেখা গ’ল যে তেওঁৰ কথিত প্ৰথম পত্নীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল, আৰু ৰাখীয়ে ঘোষণা কৰিছিল যে তেওঁলোকৰ বিবাহ বৈধ নহয় বাবে বিবাহ বিচ্ছেদৰ প্ৰয়োজন নাই।

আদিল মহীশূৰৰ এটা ব্যৱসায়ী পৰিয়ালৰ সন্তান। ৰাখীৰ লগত প্ৰেমৰ সম্পৰ্কত থকাৰ পাছৰে পৰা আদিলো সংবাদ মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে।মৃত্যুৰ ভাবুকিৰ সন্দৰ্ভত মুম্বাই আৰক্ষীক গোচৰ দিছে ৰাখী আৰু আদিলে। লগতে ৰাখীয়ে কয় যে তেওঁ অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবেও আবেদন কৰিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী