--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অভিনেত্ৰী ৷ যিগৰাকী অভিনেত্ৰীক মূলতঃ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰত অভিনয় কৰাৰ বাবেই বহুতে জানে৷ সেইগৰাকী অভিনেত্ৰীয়েই এতিয়া তেওঁৰ জীৱনৰ বহু গোপন কথা ৰাজহুৱা কৰিছে৷ অভিনেত্ৰীগৰাকীয়ে কৈছে যে তেওঁৰ ২০০ জনৰো অধিক পুৰুশৰ শয্যা সংগিনী হোৱাৰ অভিজ্ঞতা আছে৷কোন এই অভিনেত্ৰী? 

তেওঁ হৈছে জনপ্ৰিয়  আমেৰিকান অভিনেত্ৰী জেনিফাৰ অড্ৰে কুলিজ৷ কুলিজক  প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ শৃংখলা 'আমেৰিকান পাই'ত জেনিন ষ্টিফেলাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বহুতেই জানে৷ ছবি খনত  তেওঁ এগৰাকী সংবেদনশীল মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল৷  ছবি খনে তেওঁৰ ব্যক্তিগত জীৱনলৈ  আমূল পৰিৱৰ্তন কৰিছিল।  

শেহতীয়া এক সাক্ষাৎকাৰত  অভিনেত্ৰী কুলিজে  ছবিখনৰ বিষয়ে বহু কথাই  কৈছিল৷ তেওঁ  প্ৰকাশ কৰিছে যে ছবি খনৰ চৰিত্ৰটোৱে তেওঁৰ জীৱনলৈ  যথেষ্ট পৰিৱৰ্তন  আনিছিল।  'আমেৰিকান পাই' নামৰ বহু বিতৰ্কিত ছবি খনত অভিনয় কৰাৰ পিছতে  তেওঁ প্ৰায় ২০০  জন লোকৰ শয্যা সংগিনী হৈছিল। 

তেওঁ কৈছিল, "মই আমেৰিকান পাইত অভিনয় কৰাৰ পিছৰে পৰাই ২০০ জন লোকৰ সৈতে নিবিড় সময় পাৰ কৰাৰ সুযোগ পাইছিলো,"  'আমেৰিকা পাই' চলচ্চিত্ৰখনত জেচন বিগছ, এলিচন হানিগান, ছিন উইলিয়াম স্কট আৰু ক্ৰিছ ক্লেইনৰ লগতে আন বহু তাৰকা অভিনেতা-অভিনেত্ৰীয়ে  অভিনয় কৰিছিল।

 ছবি খনে মানুহৰ যৌন জীৱনৰ বিষয়ত নানান দিশৰ উন্মেষ ঘটাইছিল৷ কুলিজে তেওঁৰ শেহতীয়া সাক্ষাৎকাৰটোত ২০০ জন লোকৰ শয্যা সংগিনী হোৱা বুলি কৰা মন্তব্যই বহুতোকে আচৰিত কৰি তুলিছে৷

বহুতে অভিনেত্ৰীগৰাকীৰ এয়া নৈতিক পতন বুলিও মন্তব্য কৰিছে৷ অভিনেত্ৰী কুলিজে অৱশ্যে কৈছে যে জীৱনত তেওঁ কোনো কথাই গোপন কৰি ৰাখিব নিবিচাৰে৷ সেয়ে তেওঁ সকলো কথাই এতিয়া ৰাজহুৱা কৰিছে৷

কুলিজে এ চিণ্ড্ৰেলা ষ্টৰী (২০০৪), ক্লিক (২০০৬), ডেট মুভি (২০০৬), এপিক মুভি (২০০৭), আমেৰিকান ড্ৰীমজ (২০০৬), ছ'ল মেন (২০০৮), জেন্টলমেন ব্ৰোঙ্কোছ (২০০৯), অষ্টেনলেণ্ড (২০১৩), লাইক এ বছ (২০২০), প্ৰিন্সিং ইয়ং ৱমেন (অল ২০২২), অল ৱে (অল ৱে), অল ৱে(অলৱে) আদি  ছবিতো অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু