--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কাজলৰ আজি জন্মদিন। আজি ৪৮ বছৰত ভৰি দিলে কাজলে। তেওঁক জন্মদিনৰ শুভকামনাৰে উপচাই পেলাইছে অনুৰাগীসকলে। আজি কাজলৰ জন্মদিনত আমি কম কাজলৰ প্ৰেম কাহিনীৰ বিষয়ে। স্বামী অজয় ​​দেৱগনৰ সৈতে সুখৰ সংসাৰ কৰি আছে কাজলে। পাছে অজয় কেনেকৈ তেওঁৰ জীৱনত প্ৰৱেশ কৰিছিল আপুনি বাৰু জানেনে? 

কাজল আৰু অজয়ে প্ৰথমে একেলগে কাম কৰিছিল ১৯৯৫ চনৰ ছবি হলচলত। এই ছবিখনৰ শ্বুটিঙৰ সময়ত অজয়ে মনে মনে থাকিছিল। একে সময়তে কাজলে কথা পাতি বৰ ভাল পাইছিল। গতিকে কাজলে অজয়ৰ লগত কথা পাতিবলৈ চেষ্টা কৰে কিন্তু অজয়ে বেছি কথা নকয়। ইয়াৰ বাবেই অজয়ৰ ওপৰত কাজলৰ বৰ খং উঠিছিল। কাজলৰ উৎপতীয়া স্বভাৱ একেবাৰে ভাল পোৱা নাছিল অজয়ে। কিন্তু লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব হ’ল। সেই সময়ত কাজলে অজয়ৰ পৰা প্ৰেমৰ টিপছ বিচাৰিছিল। আপুনি জানি আচৰিত হ’ব যে কাজলক প্ৰেমৰ টিপছ দিওতে দিওতে অজয়ে নিজেই কাজলৰ প্ৰেমত পৰিছিল।

কাজলে এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ কেৰিয়াৰৰ আৰম্ভণিতে কাৰোবাৰ লগত ডেটিং কৰি আছিল। সেই সময়ত প্ৰায়ে কাজল অজয়ৰ ওচৰলৈ গৈছিল প্ৰেমৰ টিপছৰ বাবে। কিছুদিনৰ পিছত কাজল আৰু তেওঁৰ প্ৰেমিকৰ মাজত ব্ৰেকআপ হৈছিল, সেই সময়ত অজয়ে তেওঁলোকক পেচ আপ কৰিবলৈ চেষ্টা কৰি আছিল। আৰু দুখত ভাগি পৰা কাজলক অকলশৰীয়া অনুভৱ কৰিব নিদিয়াকৈ আৱৰি আছিল। কিন্তু এই প্ৰচেষ্টা কৰোতে কৰোতে অজয়ৰ হৃদয় গলিছিল কাজলৰ প্ৰতি। তাৰপাছতেই এই দুজন তাৰকাই ইজনে সিজনৰ লগত ডেটিং কৰিবলৈ আৰম্ভ কৰিলে। কাজলৰ মনতো স্থান লৈছিল অজয়ে। অৱশেষত ১৯৯৯ চনত দুয়োজনে বিবাহপাশত আবদ্ধ হয়। সেই সময়ত অজয়ৰ বয়স আছিল ৩০ বছৰ আৰু কাজলৰ বয়স আছিল ২৫। 

শেহতীয়াকৈ কাজলে চলচ্চিত্ৰ জগতত ৩০ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৯২ চনত বেখুদীৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল শিল্পীগৰাকীয়ে। আজি জন্মদিন উপলক্ষে তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁৰ কেৰিয়াৰৰ কেইখনমান জনপ্ৰিয় ছবিৰ নাম আছিল। য’ত আছিল বেখুদি, দিলৱালে দুলহানিয়া লে জায়েংগে, গুপ্ত, প্যাৰ কিয়া টো দৰনা ক্যা, প্যাৰ তো হোনা হী থা, কুচ কুচ হোতা হায়, কভি খুশী কভি গম,ফানা,মাই নেম ইজ খান,হেলিকপ্টাৰ ঈলা,তনহাজী,আৰু তেওঁৰ শেহতীয়া ছবি ত্ৰিভংগা। 

স্বামী তথা অভিনেতা অজয় ​​দেৱগনেও ছ’চিয়েল মিডিয়াত এটা মৰমলগা টোকা শ্বেয়াৰ কৰি শুভকামনা জনাইছে পত্নী কাজলক। অজয়ে তনহাজী ছবিখনৰ এখন ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে, "চিনেমাত ত্ৰিশ বছৰ।" কিন্তু এয়া মাত্ৰ আৰম্ভণিহে।এতিয়াও আৰু ছবি, স্মৃতি আহিবলৈ বাকী আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?