ডিজিটেল ডেস্কঃ শচীন টেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰ (Sara Tendulkar) ছ’চিয়েল মিডিয়াত অতি সক্ৰিয়। তেওঁ শ্বেয়াৰ কৰা ফটোবোৰ অনুৰাগীসকলে খুবেই ভাল পায়। ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা ছাৰাই বহু ভিডিঅ’ পোষ্ট কৰে। ৰক্ষাবন্ধনই পূৰ্বেই ছাৰা তেণ্ডুলকাৰক তেওঁৰ ভাতৃ অৰ্জুন তেণ্ডুলকাৰে(Arjun Tendulkar) দিলে বিশেষ উপহাৰ। ছাৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই কথা প্ৰকাশ কৰিছে।
অৰ্জুন টেণ্ডুলকাৰে ৰক্ষা বন্ধনৰ পূৰ্বেই মৰমৰ বায়েক ছাৰা টেণ্ডুলকাৰক উপহাৰ দিছে। ৰাখী উপলক্ষে পোৱা এই সুন্দৰ উপহাৰৰ বাবে ছাৰাইও ভাতৃ অৰ্জুনক ধন্যবাদ জনাইছে। অৰ্জুন টেণ্ডুলকাৰৰ পৰা এটা হেণ্ডবেগ উপহাৰ হিচাপে লাভ কৰিছে ছাৰা টেণ্ডুলকাৰে।

ছাৰাই ইয়াৰ ফটো পোষ্ট কৰিছে। বেগটো ছাৰাৰ কান্ধত ওলমি আছে। লখনৱী কুৰ্টিত ছাৰাক দেখাতো বৰ ধুনীয়া লাগিছে। ছাৰা টেণ্ডুলকাৰে কেপচনত লিখিছে, "ধন্যবাদ মোৰ সৰু ভাইটি অৰ্জুন টেণ্ডুলকাৰ, ৰাখীৰ আগত মোক উপহাৰ দিয়াৰ বাবে।"
ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় ছাৰা টেণ্ডুলকাৰ। ইনষ্টাগ্ৰামত তেওঁৰ ২.২M ফ’ল’ৱাৰ আছে। ছাৰাই এই বছৰ মডেলিং জগতত ভৰি দিছে আৰু তেওঁ বলীউডতো অভিষেক ঘটোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ ছাৰা টেণ্ডুলকাৰে এটা কাপোৰৰ ব্ৰেণ্ডৰ বাবে মডেলিং কৰিছিল, তাৰ পিছত তেওঁ লাইমলাইটলৈ আহিছিল।
আৰু পঢ়কঃ 'বহু কষ্ট পাই আছো,মোৰ বাবে প্ৰাৰ্থনা কৰা’! বিষে-কোপে জৰ্জৰিত ‘ৰাৱলপিণ্ডি এক্সপ্ৰেছ’ ছোৱেইব আখটাৰ