--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বৰ্তমান স্বাধীনতা দিৱস উদযাপনৰ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে জনসাধাৰণৰ মাজত প্ৰচণ্ড উৎসাহ দেখা গৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে 'হৰ ঘৰ ত্ৰিৰংগা' অভিযান ব্যাপক কৰি তুলিছে। দেশৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা নিবেদন কৰিবলৈ তামিলনাডুৰ কইম্বাটুৰৰ এজন লোকে চকুৰ ভিতৰত বনালে ত্ৰিৰংগা। 

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ব্যক্তিগৰাকীৰ ছবি। ৰাজা নামৰ এই ব্যক্তিজনে এজন শিল্পীৰ সহায় লৈ চকুৰ ভিতৰত ত্ৰিৰংগ বনাইছিল। শিল্পীগৰাকীয়ে এটা কণীৰ ভিতৰত থকা পাতল ছালত ত্ৰিৰংগা বনাই তাৰ পিছত সেই ব্যক্তিজনৰ চকুৰ ভিতৰত চাপ মাৰি দিছিল। এই কাম সম্পূৰ্ণ কৰিবলৈ কেইবা ঘণ্টা সময় লাগিল। ৰাজাই এই সকলোবোৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

ৰাজাই নিজৰ চকুৰ ভিতৰত এনেদৰে ত্ৰিৰংগা বনাইছে যদিও অন্য লোকে যাতে এনে চেষ্টা নকৰে তাৰ বাবে তেওঁ এক সতৰ্কবাণীৰে সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভিডিঅ’টো। ৰাজাই কৈছিল যে ''এনে কাম কৰিবলৈ চেষ্টা নকৰিব। ইয়াৰ ফলত চকুত এলাৰ্জী, খজুৱতি আৰু সংক্ৰমণ হ’ব পাৰে।''

ৰাজাই লগতে কয় যে ''মই চকুৰ ভিতৰত জাতীয় পতাকা বনাইছোঁ এটা বিশেষ কাৰণত। যাতে সাধাৰণ মানুহৰ মাজত সজাগতা বিয়পাই দিব পাৰো যে আমাৰ জাতীয় পতাকাখন কিমান গুৰুত্বপূৰ্ণ আমি সকলোৱে বুজি পোৱা উচিত। আমি সকলোৱে আমাৰ জাতীয় পতাকাখনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত।''










FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ