--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বৰ্তমান স্বাধীনতা দিৱস উদযাপনৰ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে জনসাধাৰণৰ মাজত প্ৰচণ্ড উৎসাহ দেখা গৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে 'হৰ ঘৰ ত্ৰিৰংগা' অভিযান ব্যাপক কৰি তুলিছে। দেশৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা নিবেদন কৰিবলৈ তামিলনাডুৰ কইম্বাটুৰৰ এজন লোকে চকুৰ ভিতৰত বনালে ত্ৰিৰংগা। 

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ব্যক্তিগৰাকীৰ ছবি। ৰাজা নামৰ এই ব্যক্তিজনে এজন শিল্পীৰ সহায় লৈ চকুৰ ভিতৰত ত্ৰিৰংগ বনাইছিল। শিল্পীগৰাকীয়ে এটা কণীৰ ভিতৰত থকা পাতল ছালত ত্ৰিৰংগা বনাই তাৰ পিছত সেই ব্যক্তিজনৰ চকুৰ ভিতৰত চাপ মাৰি দিছিল। এই কাম সম্পূৰ্ণ কৰিবলৈ কেইবা ঘণ্টা সময় লাগিল। ৰাজাই এই সকলোবোৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

ৰাজাই নিজৰ চকুৰ ভিতৰত এনেদৰে ত্ৰিৰংগা বনাইছে যদিও অন্য লোকে যাতে এনে চেষ্টা নকৰে তাৰ বাবে তেওঁ এক সতৰ্কবাণীৰে সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভিডিঅ’টো। ৰাজাই কৈছিল যে ''এনে কাম কৰিবলৈ চেষ্টা নকৰিব। ইয়াৰ ফলত চকুত এলাৰ্জী, খজুৱতি আৰু সংক্ৰমণ হ’ব পাৰে।''

ৰাজাই লগতে কয় যে ''মই চকুৰ ভিতৰত জাতীয় পতাকা বনাইছোঁ এটা বিশেষ কাৰণত। যাতে সাধাৰণ মানুহৰ মাজত সজাগতা বিয়পাই দিব পাৰো যে আমাৰ জাতীয় পতাকাখন কিমান গুৰুত্বপূৰ্ণ আমি সকলোৱে বুজি পোৱা উচিত। আমি সকলোৱে আমাৰ জাতীয় পতাকাখনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত।''










FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ