--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাখীবন্ধন উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰে মহিলাসকলক প্ৰদান কৰিছে এক বৃহৎ উপহাৰ। দৰাচলতে, শেহতীয়া তথ্য অনুসৰি, উত্তৰ প্ৰদেশত ৰাখীবন্ধন উপলক্ষে মহিলাসকলে ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। তথ্যত অনুসৰি ভাই-ভনীৰ মৰমৰ অনন্য উৎসৱ, শাওণ পূৰ্ণিমা  ‘ৰাখীবন্ধন'ৰ শুভ উপলক্ষে উত্তৰ প্ৰদেশ ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছসমূহত মুক্ত চলাচলৰ সুবিধা থাকিব ৰাজ্যৰ মাতৃ আৰু ভগ্নীসকলৰ বাবে।

ইয়াৰ সমান্তৰালভাৱে স্বাধীনতাৰ অমৃত মহোৎসৱৰ ক্ৰম অনুসৰি ৪৮ ঘণ্টাৰ বাবে বিনামূলীয়া বাছ সেৱা উপলব্ধ হ’ব বুলিও কোৱা হৈছে। ১০ আগষ্টৰ মাজনিশাৰ পৰা ১২ আগষ্টৰ মাজনিশালৈ মাতৃ-ভগ্নীয়ে বিনামূলীয়া বাছ সেৱাৰ সুবিধা লাভ কৰিব পাৰিব। উল্লেখযোগ্য যে  আন কিছুমান ৰাজ্যতো ৰাখীবন্ধন উপলক্ষে মহিলাসকলক চৰকাৰী বাছত বিনামূলীয়াকৈ যাতায়ত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে উত্তৰাখণ্ড আৰু হাৰিয়ানা চৰকাৰেও এই কথা ঘোষণা কৰিছিল।

অহা ১১ আগষ্টত পালন কৰা হ’ব ৰক্ষাবন্ধন উৎসৱ

এইবাৰ অহা ১১ আগষ্টত সমগ্ৰ দেশজুৰি ধুমধামেৰে পালন কৰা হ’ব ৰাখীবন্ধন উৎসৱ। ৰাখীবন্ধনৰ দিনটোত  ভগ্নীয়ে ভাতৃৰ ঘৰলৈ গৈ তেওঁৰ হাতত ৰাখী বান্ধি দীৰ্ঘায়ু প্ৰাৰ্থনা কৰে, আনহাতে আনফালে ভায়েকেও ভনীয়েকক সদায় ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। উত্তৰাখণ্ড আৰু ইউ পিতো যোৱা বছৰো সুৰক্ষা বন্ধৰ দিনা মহিলাসকলক বিনামূলীয়াকৈ যাতায়তৰ সুবিধা প্ৰদান কৰা হৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ