--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাখীবন্ধন উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰে মহিলাসকলক প্ৰদান কৰিছে এক বৃহৎ উপহাৰ। দৰাচলতে, শেহতীয়া তথ্য অনুসৰি, উত্তৰ প্ৰদেশত ৰাখীবন্ধন উপলক্ষে মহিলাসকলে ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। তথ্যত অনুসৰি ভাই-ভনীৰ মৰমৰ অনন্য উৎসৱ, শাওণ পূৰ্ণিমা  ‘ৰাখীবন্ধন'ৰ শুভ উপলক্ষে উত্তৰ প্ৰদেশ ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছসমূহত মুক্ত চলাচলৰ সুবিধা থাকিব ৰাজ্যৰ মাতৃ আৰু ভগ্নীসকলৰ বাবে।

ইয়াৰ সমান্তৰালভাৱে স্বাধীনতাৰ অমৃত মহোৎসৱৰ ক্ৰম অনুসৰি ৪৮ ঘণ্টাৰ বাবে বিনামূলীয়া বাছ সেৱা উপলব্ধ হ’ব বুলিও কোৱা হৈছে। ১০ আগষ্টৰ মাজনিশাৰ পৰা ১২ আগষ্টৰ মাজনিশালৈ মাতৃ-ভগ্নীয়ে বিনামূলীয়া বাছ সেৱাৰ সুবিধা লাভ কৰিব পাৰিব। উল্লেখযোগ্য যে  আন কিছুমান ৰাজ্যতো ৰাখীবন্ধন উপলক্ষে মহিলাসকলক চৰকাৰী বাছত বিনামূলীয়াকৈ যাতায়ত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে উত্তৰাখণ্ড আৰু হাৰিয়ানা চৰকাৰেও এই কথা ঘোষণা কৰিছিল।

অহা ১১ আগষ্টত পালন কৰা হ’ব ৰক্ষাবন্ধন উৎসৱ

এইবাৰ অহা ১১ আগষ্টত সমগ্ৰ দেশজুৰি ধুমধামেৰে পালন কৰা হ’ব ৰাখীবন্ধন উৎসৱ। ৰাখীবন্ধনৰ দিনটোত  ভগ্নীয়ে ভাতৃৰ ঘৰলৈ গৈ তেওঁৰ হাতত ৰাখী বান্ধি দীৰ্ঘায়ু প্ৰাৰ্থনা কৰে, আনহাতে আনফালে ভায়েকেও ভনীয়েকক সদায় ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। উত্তৰাখণ্ড আৰু ইউ পিতো যোৱা বছৰো সুৰক্ষা বন্ধৰ দিনা মহিলাসকলক বিনামূলীয়াকৈ যাতায়তৰ সুবিধা প্ৰদান কৰা হৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ