--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহুতৰে ঘৰত জাতীয় পতাকা আছে। কিন্তু এই পতাকাখন ৰখাৰ সঠিক উপায় সকলোৱে জানেনে? নাজানিলে ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰা নহয়। গতিকে নিয়মবোৰ জানি লওক। মাজত মাত্ৰ কেইটামান দিন বাকী, তাৰ পাছত সমগ্ৰ দেশতে উদযাপন কৰা হ’ব স্বাধীনতা দিৱস। দেশৰ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ। গতিকে এই দিনটো বিশেষভাৱে পালন কৰা হ’ব স্বাধীনতা দিৱস। আৰু সেই উপলক্ষে ইতিমধ্যে কেন্দ্রীয় চৰকাৰে কেইবাটাও কার্যসূচী আৰম্ভ কৰিছে৷ 'আজাদি কা অমৃত মহোৎসৱ'ৰ এটা বিশেষ অনুষ্ঠান হৈছে 'হৰ ঘৰ ত্ৰিৰংগা অভিযান'। তাত সকলোকে ছ’চিয়েল মিডিয়াৰ প্ৰফাইল ফটো এখন বা ঘৰতে এখন ফটো তুলি ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰিবলৈ কোৱা হৈছে।

প্ৰশ্ন হয়  আমি জাতীয় পতাকাখন আমি সকলোৱে কোঠাটোত সঠিকভাৱে ৰাখোঁ নে? সকলো নাগৰিকে জাতীয় পতাকাখন যথাযথ শ্ৰদ্ধাৰে ঘৰত ৰাখেনে? জাতীয় পতাকা কেনেকৈ ভাঁজ কৰিব লাগে, বা কেনেকৈ ৰাখিব লাগে বহুতে নাজানে।  এইবাৰ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ‘হৰ ঘৰ  ত্ৰিৰংগা’ অভিযানত জাতীয় পতাকা ভাঁজ কৰি ৰাখিবলৈ শিকোৱা হৈছে। সেই পদক্ষেপবোৰ জানো আহক।

• প্ৰথমে পতাকাখন ক’ৰবাত অনুভূমিক আৰু সমতল ঠাইত ৰাখক।

• তাৰ পাছত গেৰুৱা আৰু সেউজীয়া অংশবোৰ ভাঁজ কৰি বগা অংশটোৰ তলত সুমুৱাই দিব লাগে।

• তাৰ পাছত বাকী থকা অংশটো এনেদৰে ভাঁজ দিব লাগে যাতে অশোক চক্ৰটো সম্পূৰ্ণৰূপে দেখা যায়।

• তাৰ পাছত এই ভাঁজ কৰা পতাকাখন তুলি লওক।

• আৰু ইয়াৰ পৰৱৰ্তী সময়ত সন্মানেৰে আঁতৰাই থওক বা সাৱধানে সংৰক্ষণ কৰক

বহু লোকে ঘৰত ৰাখে জাতীয় পতাকা। কিন্তু সঠিক পদ্ধতিৰ বিষয়ে সকলো জ্ঞাত নহয় । গতিকে ওপৰোক্ত নিৰ্দেশনাসমূহ লক্ষ্য কৰি পূৰ্ণ সন্মানেৰে জাতীয় পতাকাক সঠিক ভাঁজ কৰক।

২ আগষ্ট মঙলবাৰে ‘হৰ ঘৰ ত্ৰিৰংগা ’ অভিযান আৰম্ভ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক এই অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়। তাৰ পাছত তেওঁ নিজেই নিজৰ সকলো ছ’চিয়েল মিডিয়া প্ৰফাইলৰ ছবিখনৰ ঠাইত ৰাষ্ট্ৰীয় পতাকাখন লগাই দিয়ে। ইয়াৰ ফলস্বৰূপে অমিত শ্বাহৰ পৰা আৰম্ভ কৰি বিজেপিৰ কেইবাজনো নেতা-মন্ত্রীয়ে নিজৰ প্রফাইল ছবিখনত (পিকচাৰত )ৰাষ্ট্রীয় পতাকাৰ ছবি লগাই সন্মান প্ৰদান কৰে। কেৱল নেতা-মন্ত্ৰীয়েই নহয়, সাধাৰণ ৰাইজেও বৰ্তমান এই পদক্ষেপত অংশগ্ৰহণ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক