--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহুতৰে ঘৰত জাতীয় পতাকা আছে। কিন্তু এই পতাকাখন ৰখাৰ সঠিক উপায় সকলোৱে জানেনে? নাজানিলে ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰা নহয়। গতিকে নিয়মবোৰ জানি লওক। মাজত মাত্ৰ কেইটামান দিন বাকী, তাৰ পাছত সমগ্ৰ দেশতে উদযাপন কৰা হ’ব স্বাধীনতা দিৱস। দেশৰ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ। গতিকে এই দিনটো বিশেষভাৱে পালন কৰা হ’ব স্বাধীনতা দিৱস। আৰু সেই উপলক্ষে ইতিমধ্যে কেন্দ্রীয় চৰকাৰে কেইবাটাও কার্যসূচী আৰম্ভ কৰিছে৷ 'আজাদি কা অমৃত মহোৎসৱ'ৰ এটা বিশেষ অনুষ্ঠান হৈছে 'হৰ ঘৰ ত্ৰিৰংগা অভিযান'। তাত সকলোকে ছ’চিয়েল মিডিয়াৰ প্ৰফাইল ফটো এখন বা ঘৰতে এখন ফটো তুলি ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰিবলৈ কোৱা হৈছে।

প্ৰশ্ন হয়  আমি জাতীয় পতাকাখন আমি সকলোৱে কোঠাটোত সঠিকভাৱে ৰাখোঁ নে? সকলো নাগৰিকে জাতীয় পতাকাখন যথাযথ শ্ৰদ্ধাৰে ঘৰত ৰাখেনে? জাতীয় পতাকা কেনেকৈ ভাঁজ কৰিব লাগে, বা কেনেকৈ ৰাখিব লাগে বহুতে নাজানে।  এইবাৰ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ‘হৰ ঘৰ  ত্ৰিৰংগা’ অভিযানত জাতীয় পতাকা ভাঁজ কৰি ৰাখিবলৈ শিকোৱা হৈছে। সেই পদক্ষেপবোৰ জানো আহক।

• প্ৰথমে পতাকাখন ক’ৰবাত অনুভূমিক আৰু সমতল ঠাইত ৰাখক।

• তাৰ পাছত গেৰুৱা আৰু সেউজীয়া অংশবোৰ ভাঁজ কৰি বগা অংশটোৰ তলত সুমুৱাই দিব লাগে।

• তাৰ পাছত বাকী থকা অংশটো এনেদৰে ভাঁজ দিব লাগে যাতে অশোক চক্ৰটো সম্পূৰ্ণৰূপে দেখা যায়।

• তাৰ পাছত এই ভাঁজ কৰা পতাকাখন তুলি লওক।

• আৰু ইয়াৰ পৰৱৰ্তী সময়ত সন্মানেৰে আঁতৰাই থওক বা সাৱধানে সংৰক্ষণ কৰক

বহু লোকে ঘৰত ৰাখে জাতীয় পতাকা। কিন্তু সঠিক পদ্ধতিৰ বিষয়ে সকলো জ্ঞাত নহয় । গতিকে ওপৰোক্ত নিৰ্দেশনাসমূহ লক্ষ্য কৰি পূৰ্ণ সন্মানেৰে জাতীয় পতাকাক সঠিক ভাঁজ কৰক।

২ আগষ্ট মঙলবাৰে ‘হৰ ঘৰ ত্ৰিৰংগা ’ অভিযান আৰম্ভ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক এই অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়। তাৰ পাছত তেওঁ নিজেই নিজৰ সকলো ছ’চিয়েল মিডিয়া প্ৰফাইলৰ ছবিখনৰ ঠাইত ৰাষ্ট্ৰীয় পতাকাখন লগাই দিয়ে। ইয়াৰ ফলস্বৰূপে অমিত শ্বাহৰ পৰা আৰম্ভ কৰি বিজেপিৰ কেইবাজনো নেতা-মন্ত্রীয়ে নিজৰ প্রফাইল ছবিখনত (পিকচাৰত )ৰাষ্ট্রীয় পতাকাৰ ছবি লগাই সন্মান প্ৰদান কৰে। কেৱল নেতা-মন্ত্ৰীয়েই নহয়, সাধাৰণ ৰাইজেও বৰ্তমান এই পদক্ষেপত অংশগ্ৰহণ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ