--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লক্ষ্মীপতী বালাজী। এসময়ত অত্যন্ত জনপ্ৰিয় এগৰাকী বলাৰ। টীম ইণ্ডিয়াৰ হৈ ফাষ্ট বলাৰগৰাকীয়ে কেইবাখনো মেচত দৰ্শনীয় প্ৰদৰ্শন কৰিছিল। শেহতীয়াকৈ বালাজীয়ে সাংবাদিকৰ আগত জনাইছে যে তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ দুটা স্মাৰক লগত ৰাখিছে।

বালাজীয়ে কয় যে কেৰিয়াৰৰ অন্যান্য স্মৃতিসৌধৰ লগতে তেওঁৰ সংগ্ৰহত দুটা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ স্মৃতিচাৰক আছে। প্ৰথমতে চেন্নাই ছুপাৰ কিংছৰ হৈ আই পি এলৰ হেট্ৰিক বলটো আৰু পাকিস্তান ভ্ৰমণত শ্বোৱেইব আখতাৰৰ ভঙা বেট।

বালাজীয়ে ঘৰুৱা মাটিত কিংছ একাদশ পঞ্জাৱৰ বিৰুদ্ধে উদ্বোধনী আই পি এলত হেট্ৰিক অৰ্জন কৰে। আই পি এলৰ ইতিহাসত এইটোৱেই আছিল প্ৰথম হেট্ৰিক। একেৰাহে তিনিটা বলত তিনিটা উইকেট দখল কৰি বালাজীয়ে নিজৰ কেবিনেটত বলটোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

আনহাতে, ২০০৪ চনত পাকিস্তান ভ্ৰমণৰ সময়ত লাহোৰত এই শৃংখলাৰ পঞ্চম আৰু অন্তিমখন এদিনীয়া খেলিছিল। সেই মেচত বালাজীয়ে শ্বোৱেইব আখতাৰক বিশাল ছয়ৰ বাবে আঘাত কৰে। একেবাৰে পিছৰ বলটোত ডাঙৰ শ্বট এটা ল’বলৈ চেষ্টা কৰিলে। অৱশ্যে আখতাৰৰ তীব্ৰ গতিৰ বলত বালাজীৰ বেট দুটুকুৰা ভাঙি যায়। সেই সময়ত আখটাৰক বিশ্বৰ আটাইতকৈ দ্ৰুততম বলাৰ হিচাপে গণ্য কৰা হৈছিল। তাৰ স্মৃতিস্বৰূপেই বালাজীয়ে বেটখন ভগ্ন অৱস্থাতে সংৰক্ষণ কৰি ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক