--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৯৪ চনত ভাৰতে উইলছ ৱৰ্ল্ড ছিৰিজ আয়োজন কৰিছিল, য’ত ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ডে অংশগ্ৰহণ কৰিছিল। ৭খন মেচ খেলোৱা হৈছিল। আলহী দলৰ বিৰুদ্ধে ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে উইণ্ডিজ আৰু কিৱি বাহিনীৰ মাজত প্ৰথমখন খেল ৱাছআউটত শেষ হয়। কানপুৰত অনুষ্ঠিত হোৱা এখন মেচত ভাৰতে কেৰিবিয়ান দলৰ বিৰুদ্ধে খেলিছিল। এই মেচখনত বিজয়ৰ দ্বাৰা ৱেষ্ট ইণ্ডিজে ফাইনেলত প্ৰৱেশৰ বাবে সাজু হৈছিল।

প্ৰথমে বলিং কৰিবলৈ বাছি লয় ভাৰতে। ফিল ছিমনছ (৬৫) আৰু ষ্টুয়াৰ্ট উইলিয়ামছে (৪৫) প্ৰথম উইকেটত ১১৫ ৰান সংগ্ৰহ কৰে। দুয়োজনকে শচীন টেণ্ডুলকাৰে আউট কৰে। তাৰপাছত কিথ আৰ্থাৰ্টনে নিজৰ দলৰ হৈ গুৰুত্বপূৰ্ণ ন’ক খেলি ৬২টা বলত ৭২ ৰান সংগ্ৰহ কৰে। শেষত ৱেষ্ট ইণ্ডিজে মুঠ ২৫৭/৬ ৰান সংগ্ৰহ কৰে।

২৫৮ ৰাণৰ লক্ষ্য লৈ নমা ভাৰতে ৪১ নং অভাৰত ১৯৫/৫ কৰি থাকোতে জয়ৰ বাবে প্ৰয়োজন আছিল ৫৪ বলত ৬৩ ৰান। নয়ন মংগিয়াই মনোজ প্ৰভাকৰৰ লগত ক্ৰীজত যোগ দিলে আৰু যুটিটোৱে সকলোকে আচৰিত কৰি মন্থৰ বেটিং কৰিবলৈ ধৰিলে। পৰৱৰ্তী চাৰি অভাৰত ৫ ৰান আৰু অন্তিম পাঁচ অভাৰত আৰু ১১ ৰান সংযোজন কৰি ২১১/৫ ৰানত ইনিংছ অন্ত পেলায়। ফলত উইণ্ডিজে ৪৬ ৰাণেৰে খেলখনত জয়লাভ কৰে।

প্ৰভাকৰে ১৫২ বলত ১০২ ৰান কৰি অপৰাজিত থকাৰ বিপৰীতে মংগিয়াই ২১ টা ডেলিভাৰীত ৪ ৰান সংগ্ৰহ কৰে। একেৰাহে দুখন মেচত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈ পৰে নিউজিলেণ্ড। ইডেন গাৰ্ডেনত পুনৰ ফাইনেলত ভাৰত আৰু উইণ্ডিজৰ মুখামুখি হয় য’ত ভাৰতে ৭২ ৰানৰ ব্যৱধানত ছিৰিজৰ খিতাপ দখল কৰে। টেণ্ডুলকাৰক ফাইনেলৰ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰাৰ লগতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও নিৰ্বাচিত কৰা হয়।

মেচ ৰেফাৰী আৰ চুব্বা ৰ’ৱে ভাৰতক দুটা পইণ্ট জৰিমনা বিহে আৰু তেওঁ অভিযোগ কৰে যে ফাইনেলত ভাৰতে নিউজিলেণ্ডতকৈ ৱেষ্ট ইণ্ডিজক বিচাৰিছিল, সেই অনুসৰিয়েই তেনেকৈ খেলিছিল। কিন্তু পিছত মেচ ৰেফাৰীৰ এনে অভিযোগ কৰাৰ কোনো অধিকাৰ নাই বুলি আইচিচিয়ে তেওঁৰ মতামত গুৰুত্ব নিদিলে। প্ৰভাকাৰ আৰু মংগিয়াক প্ৰতিযোগিতাখনৰ বাকী মেচসমূহৰ পৰা বাদ দি তাৰ ঠাইত চেতন শৰ্মা আৰু বিজয় যাদৱক স্থান দিয়া হয়। অভিযোগৰ বাবেই বিচিচিআইয়ে অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ য়েশ্বৱন্ত বিষ্ণু চন্দ্ৰচুদৰ নেতৃত্বত একজনীয়া তদন্ত সমিতি গঠন কৰিবলৈ বাধ্য হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক