--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৯৪ চনত ভাৰতে উইলছ ৱৰ্ল্ড ছিৰিজ আয়োজন কৰিছিল, য’ত ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ডে অংশগ্ৰহণ কৰিছিল। ৭খন মেচ খেলোৱা হৈছিল। আলহী দলৰ বিৰুদ্ধে ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে উইণ্ডিজ আৰু কিৱি বাহিনীৰ মাজত প্ৰথমখন খেল ৱাছআউটত শেষ হয়। কানপুৰত অনুষ্ঠিত হোৱা এখন মেচত ভাৰতে কেৰিবিয়ান দলৰ বিৰুদ্ধে খেলিছিল। এই মেচখনত বিজয়ৰ দ্বাৰা ৱেষ্ট ইণ্ডিজে ফাইনেলত প্ৰৱেশৰ বাবে সাজু হৈছিল।

প্ৰথমে বলিং কৰিবলৈ বাছি লয় ভাৰতে। ফিল ছিমনছ (৬৫) আৰু ষ্টুয়াৰ্ট উইলিয়ামছে (৪৫) প্ৰথম উইকেটত ১১৫ ৰান সংগ্ৰহ কৰে। দুয়োজনকে শচীন টেণ্ডুলকাৰে আউট কৰে। তাৰপাছত কিথ আৰ্থাৰ্টনে নিজৰ দলৰ হৈ গুৰুত্বপূৰ্ণ ন’ক খেলি ৬২টা বলত ৭২ ৰান সংগ্ৰহ কৰে। শেষত ৱেষ্ট ইণ্ডিজে মুঠ ২৫৭/৬ ৰান সংগ্ৰহ কৰে।

২৫৮ ৰাণৰ লক্ষ্য লৈ নমা ভাৰতে ৪১ নং অভাৰত ১৯৫/৫ কৰি থাকোতে জয়ৰ বাবে প্ৰয়োজন আছিল ৫৪ বলত ৬৩ ৰান। নয়ন মংগিয়াই মনোজ প্ৰভাকৰৰ লগত ক্ৰীজত যোগ দিলে আৰু যুটিটোৱে সকলোকে আচৰিত কৰি মন্থৰ বেটিং কৰিবলৈ ধৰিলে। পৰৱৰ্তী চাৰি অভাৰত ৫ ৰান আৰু অন্তিম পাঁচ অভাৰত আৰু ১১ ৰান সংযোজন কৰি ২১১/৫ ৰানত ইনিংছ অন্ত পেলায়। ফলত উইণ্ডিজে ৪৬ ৰাণেৰে খেলখনত জয়লাভ কৰে।

প্ৰভাকৰে ১৫২ বলত ১০২ ৰান কৰি অপৰাজিত থকাৰ বিপৰীতে মংগিয়াই ২১ টা ডেলিভাৰীত ৪ ৰান সংগ্ৰহ কৰে। একেৰাহে দুখন মেচত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈ পৰে নিউজিলেণ্ড। ইডেন গাৰ্ডেনত পুনৰ ফাইনেলত ভাৰত আৰু উইণ্ডিজৰ মুখামুখি হয় য’ত ভাৰতে ৭২ ৰানৰ ব্যৱধানত ছিৰিজৰ খিতাপ দখল কৰে। টেণ্ডুলকাৰক ফাইনেলৰ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰাৰ লগতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও নিৰ্বাচিত কৰা হয়।

মেচ ৰেফাৰী আৰ চুব্বা ৰ’ৱে ভাৰতক দুটা পইণ্ট জৰিমনা বিহে আৰু তেওঁ অভিযোগ কৰে যে ফাইনেলত ভাৰতে নিউজিলেণ্ডতকৈ ৱেষ্ট ইণ্ডিজক বিচাৰিছিল, সেই অনুসৰিয়েই তেনেকৈ খেলিছিল। কিন্তু পিছত মেচ ৰেফাৰীৰ এনে অভিযোগ কৰাৰ কোনো অধিকাৰ নাই বুলি আইচিচিয়ে তেওঁৰ মতামত গুৰুত্ব নিদিলে। প্ৰভাকাৰ আৰু মংগিয়াক প্ৰতিযোগিতাখনৰ বাকী মেচসমূহৰ পৰা বাদ দি তাৰ ঠাইত চেতন শৰ্মা আৰু বিজয় যাদৱক স্থান দিয়া হয়। অভিযোগৰ বাবেই বিচিচিআইয়ে অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ য়েশ্বৱন্ত বিষ্ণু চন্দ্ৰচুদৰ নেতৃত্বত একজনীয়া তদন্ত সমিতি গঠন কৰিবলৈ বাধ্য হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু