--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বৰ তথা দেশৰ লগতে ৰাজ্যজুৰি পুনৰ বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণ৷ ইতিমধ্যেই অসমৰ ধৰা পৰিছে দুজনকৈ ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰন আক্ৰান্ত ৰোগীও৷ জানিব পৰা মতে, মেঘালয়লৈ যোৱাৰ পাছতেই লোক দুজনৰ দেহত ধৰা পৰে ক'ভিড সংক্ৰমণ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি, কৰিমগঞ্জত কৰ'নাৰ ব্যাপক সংক্ৰমণ ঘটে। এদিনতে ২১ গৰাকী ব্যক্তি দেহত ধৰা পৰে কৰ'নাৰ উপস্থিতি৷ আক্ৰান্তৰ ১৩ জন ক কৰিমগঞ্জ ক'ভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জিলাখনত আক্ৰান্তৰ সংখ্য ৪৬ জন লৈ বৃদ্ধি হয়। তাৰউপৰিও চিকিৎসাধীন হৈ আছে মুঠ ১৭ গৰাকীকৈ আক্ৰান্ত। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিগত তিনিদিনত জিলাখন ৩৫ গৰাকী লোক আক্ৰান্ত হয় কৰ'না ভাইৰাছত।

ইপিনে গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক'ভিডত আক্রান্তৰ সংখ্যা৷ বিগত ২৪ ঘন্টাত ৰাজ্যত ৫৯১ জন ক'ভিড পজিটিভৰ বিপৰীতে কেৱল গুৱাহাটীত আক্ৰান্ত হয় ২৭৯ জন৷

শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি, ভাৰতত বিগত ২৪ ঘণ্টাত ৫৮,০৯৭ জনৰ দেহত ধৰা পৰে ক'ভিড সংক্ৰমণ৷ ১৯৯ দিনৰ ভিতৰত এই সংক্ৰমণ সৰ্বাধিক বুলি অবিহিত হৈছে৷ যাৰ ফলত দেশৰ মুঠ আক্ৰান্তৰ সংখ্যা ৩,৫০,১৮,৩৫৮জন হয়গৈ৷ আনহাতে চিকিৎসাধীন হৈ আছে ২লাখৰো অধিকে৷ প্ৰায় ৮১ দিনৰ পাছত দেশখনত অভিলেখ গঢ়িছে চিকিৎসাধীনৰ সংখ্যাই৷ তাৰ উপৰিও বাতৰি লিখা পৰলৈ দেশৰ ২৪ খন ৰাজ্যত অ'মিক্ৰনত আক্ৰান্ত হয় মুঠ ২,১৩৫জন লোকে ৷ তাৰভিতৰত ৮২৮ জন প্ৰবজিত লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ভাইৰাছ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি