--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বৰ তথা দেশৰ লগতে ৰাজ্যজুৰি পুনৰ বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণ৷ ইতিমধ্যেই অসমৰ ধৰা পৰিছে দুজনকৈ ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰন আক্ৰান্ত ৰোগীও৷ জানিব পৰা মতে, মেঘালয়লৈ যোৱাৰ পাছতেই লোক দুজনৰ দেহত ধৰা পৰে ক'ভিড সংক্ৰমণ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি, কৰিমগঞ্জত কৰ'নাৰ ব্যাপক সংক্ৰমণ ঘটে। এদিনতে ২১ গৰাকী ব্যক্তি দেহত ধৰা পৰে কৰ'নাৰ উপস্থিতি৷ আক্ৰান্তৰ ১৩ জন ক কৰিমগঞ্জ ক'ভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জিলাখনত আক্ৰান্তৰ সংখ্য ৪৬ জন লৈ বৃদ্ধি হয়। তাৰউপৰিও চিকিৎসাধীন হৈ আছে মুঠ ১৭ গৰাকীকৈ আক্ৰান্ত। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিগত তিনিদিনত জিলাখন ৩৫ গৰাকী লোক আক্ৰান্ত হয় কৰ'না ভাইৰাছত।

ইপিনে গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক'ভিডত আক্রান্তৰ সংখ্যা৷ বিগত ২৪ ঘন্টাত ৰাজ্যত ৫৯১ জন ক'ভিড পজিটিভৰ বিপৰীতে কেৱল গুৱাহাটীত আক্ৰান্ত হয় ২৭৯ জন৷

শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি, ভাৰতত বিগত ২৪ ঘণ্টাত ৫৮,০৯৭ জনৰ দেহত ধৰা পৰে ক'ভিড সংক্ৰমণ৷ ১৯৯ দিনৰ ভিতৰত এই সংক্ৰমণ সৰ্বাধিক বুলি অবিহিত হৈছে৷ যাৰ ফলত দেশৰ মুঠ আক্ৰান্তৰ সংখ্যা ৩,৫০,১৮,৩৫৮জন হয়গৈ৷ আনহাতে চিকিৎসাধীন হৈ আছে ২লাখৰো অধিকে৷ প্ৰায় ৮১ দিনৰ পাছত দেশখনত অভিলেখ গঢ়িছে চিকিৎসাধীনৰ সংখ্যাই৷ তাৰ উপৰিও বাতৰি লিখা পৰলৈ দেশৰ ২৪ খন ৰাজ্যত অ'মিক্ৰনত আক্ৰান্ত হয় মুঠ ২,১৩৫জন লোকে ৷ তাৰভিতৰত ৮২৮ জন প্ৰবজিত লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ভাইৰাছ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক