--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতত ক’ভিডৰ তৃতীয় ঢৌৱে লৈছে সংহাৰী ৰূপ৷ নতুন দিল্লীত বিগত ২৪ ঘণ্টাত ১১ হাজাৰ লোক সংক্ৰমিত হৈছে ক’ভিডত৷ মৃত্যু হৈছে আঠগৰাকী লোকৰ৷ ক’ভিড-১৯ৰ এই বৰ্ধিত সংক্ৰমণৰ সংশয়ৰ মাজতে নতুন দিল্লীৰ এইমছ কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এইমছৰ চিকিৎসকৰ ছুটী বাতিল কৰি তেওঁলোকক পুনৰ কৰ্তব্যত নিয়োজিত হ’বলৈ নিৰ্দেশনা জাৰি কৰা হৈছে৷ দিল্লীত কৰ’না সংক্ৰমণ আৰু অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে দিল্লীৰ এইমছ চিকিৎসালয় প্ৰশাসনে শীতকালীন বন্ধ বাতিল কৰিছে৷

দেশত প্ৰতিদিনে নতুন কৰ’না ৰোগী বৃদ্ধি পাইছে, বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত প্ৰায় ৩৭,০০০ নতুন কৰ’না সংক্ৰমণ হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এইমছৰ সকলো শিক্ষকক কাইলৈ পুনৰ যোগদান কৰিবলৈ কোৱা হৈছে। এইমছৰ দ্বাৰা সকলো কৰ্মচাৰীক নিৰ্দেশ দিয়া হৈছে। এইমছৰ স্থায়ী চিকিৎসকসকলক দুটা ভাগত ১০ দিনৰ ছুটী দিয়া হৈছিল৷ এই ক্ষেত্ৰত আৱাসিক চিকিৎসক সন্থাৰ প্ৰাক্তন সভাপতি অমৰিন্দৰ সিঙে কৈছিল যে এই বন্ধবোৰ আৱাসী চিকিৎসকসকলক দিয়া নহয়, সেইবোৰ কেৱল এইমছৰ স্থায়ী চিকিৎসকক দিয়া হয়, তেওঁলোকৰ বন্ধৰ দিনবোৰ দুটা শ্লটত থাকে আৰু প্ৰায় সকলোকে ১০ দিনৰ ছুটী দিয়া হয়।

কিন্তু, কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা আৰু চিকিৎসালয়ত মানুহৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এইমছে ইয়াৰ সকলো শিক্ষক সদস্যক কাইলৈৰ পৰা কৰ্তব্যত যোগদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। লগতে, এইমছৰ আৱাসী চিকিৎসকৰ কাৰ্যকালো বৃদ্ধি কৰা হৈছে৷ ইয়াৰ আগতে আৱাসী চিকিৎসকৰ ধৰ্মঘটৰ পাছত আৰু কৰ’নাত বৰ্ধিত সংকটৰ মাজত আৱাসী চিকিৎসকসকলৰ কাৰ্যকাল এমাহলৈ বৃদ্ধি কৰা হৈছিল৷

নতুন দিল্লীৰ এইমছ কৰ্তৃপক্ষৰ এই কঠোৰ সিদ্ধান্তই ক’ভিডে আনিব পৰা সংকট আৰু সংশয়ক প্ৰকট কৰি তুলিছে৷ ছুটী বাতিল কৰি কৰ্তব্যত নিয়োজিত হ’বলৈ এইমছ কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনাই ইংগিত বহন কৰিছে আসন্ন সংকটৰ৷ অথচ, ইমানৰ পাছতো দেশৰ ৰাজনৈতিক নেতাসকলে পৰিস্থিতিৰ উপলব্ধি কৰা নাই৷ আনকি, প্ৰধানমন্ত্ৰী মোদীয়েও অব্যাহত ৰাখিছে ইখনৰ পাছত সিখন নিৰ্বাচনী সভা৷

এই নিৰ্বাচনী সভাই জনসাধাৰণৰ মাজলৈ নমাই আনিব চূড়ান্ত বিপৰ্যয়৷ ক’ভিডৰ প্ৰতি সচেতনতা আনিবলৈ কেন্দ্ৰ অথবা অসমৰ ৰাজ্য চৰকাৰে কোনোধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ অসমত যোৱা বৰদিন আৰু নৱবৰ্ষ উদযাপনৰ অভূতপূৰ্ব ভিৰে ক’ভিডৰ এটি জটিল পৰিস্থিতিৰ সম্ভাৱনা বহন কৰিছে৷ আকৌ যদি ক’ভিডৰ বাবে লকডাউনৰ হ’বলৈ হয়, তেতিয়াও বিপৰ্যস্ত হ’ব সাধাৰণ জনতা৷ বিদ্যালয়, মহাবিদ্যালয় বন্ধৰে ৰুদ্ধ কৰা হ’ব শিক্ষাৰ্থীৰ জ্ঞানযাত্ৰা৷ সেয়ে ক’ভিডৰ প্ৰতি জনসাধাৰণে ব্যক্তিগত পৰ্যায়ত সকলোৱে সতৰ্ক আৰু সাৱধান হোৱাতো অতি জৰুৰী হিচাপে বিবেচিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি