--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতত ক’ভিডৰ তৃতীয় ঢৌৱে লৈছে সংহাৰী ৰূপ৷ নতুন দিল্লীত বিগত ২৪ ঘণ্টাত ১১ হাজাৰ লোক সংক্ৰমিত হৈছে ক’ভিডত৷ মৃত্যু হৈছে আঠগৰাকী লোকৰ৷ ক’ভিড-১৯ৰ এই বৰ্ধিত সংক্ৰমণৰ সংশয়ৰ মাজতে নতুন দিল্লীৰ এইমছ কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এইমছৰ চিকিৎসকৰ ছুটী বাতিল কৰি তেওঁলোকক পুনৰ কৰ্তব্যত নিয়োজিত হ’বলৈ নিৰ্দেশনা জাৰি কৰা হৈছে৷ দিল্লীত কৰ’না সংক্ৰমণ আৰু অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে দিল্লীৰ এইমছ চিকিৎসালয় প্ৰশাসনে শীতকালীন বন্ধ বাতিল কৰিছে৷

দেশত প্ৰতিদিনে নতুন কৰ’না ৰোগী বৃদ্ধি পাইছে, বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত প্ৰায় ৩৭,০০০ নতুন কৰ’না সংক্ৰমণ হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এইমছৰ সকলো শিক্ষকক কাইলৈ পুনৰ যোগদান কৰিবলৈ কোৱা হৈছে। এইমছৰ দ্বাৰা সকলো কৰ্মচাৰীক নিৰ্দেশ দিয়া হৈছে। এইমছৰ স্থায়ী চিকিৎসকসকলক দুটা ভাগত ১০ দিনৰ ছুটী দিয়া হৈছিল৷ এই ক্ষেত্ৰত আৱাসিক চিকিৎসক সন্থাৰ প্ৰাক্তন সভাপতি অমৰিন্দৰ সিঙে কৈছিল যে এই বন্ধবোৰ আৱাসী চিকিৎসকসকলক দিয়া নহয়, সেইবোৰ কেৱল এইমছৰ স্থায়ী চিকিৎসকক দিয়া হয়, তেওঁলোকৰ বন্ধৰ দিনবোৰ দুটা শ্লটত থাকে আৰু প্ৰায় সকলোকে ১০ দিনৰ ছুটী দিয়া হয়।

কিন্তু, কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা আৰু চিকিৎসালয়ত মানুহৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এইমছে ইয়াৰ সকলো শিক্ষক সদস্যক কাইলৈৰ পৰা কৰ্তব্যত যোগদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। লগতে, এইমছৰ আৱাসী চিকিৎসকৰ কাৰ্যকালো বৃদ্ধি কৰা হৈছে৷ ইয়াৰ আগতে আৱাসী চিকিৎসকৰ ধৰ্মঘটৰ পাছত আৰু কৰ’নাত বৰ্ধিত সংকটৰ মাজত আৱাসী চিকিৎসকসকলৰ কাৰ্যকাল এমাহলৈ বৃদ্ধি কৰা হৈছিল৷

নতুন দিল্লীৰ এইমছ কৰ্তৃপক্ষৰ এই কঠোৰ সিদ্ধান্তই ক’ভিডে আনিব পৰা সংকট আৰু সংশয়ক প্ৰকট কৰি তুলিছে৷ ছুটী বাতিল কৰি কৰ্তব্যত নিয়োজিত হ’বলৈ এইমছ কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনাই ইংগিত বহন কৰিছে আসন্ন সংকটৰ৷ অথচ, ইমানৰ পাছতো দেশৰ ৰাজনৈতিক নেতাসকলে পৰিস্থিতিৰ উপলব্ধি কৰা নাই৷ আনকি, প্ৰধানমন্ত্ৰী মোদীয়েও অব্যাহত ৰাখিছে ইখনৰ পাছত সিখন নিৰ্বাচনী সভা৷

এই নিৰ্বাচনী সভাই জনসাধাৰণৰ মাজলৈ নমাই আনিব চূড়ান্ত বিপৰ্যয়৷ ক’ভিডৰ প্ৰতি সচেতনতা আনিবলৈ কেন্দ্ৰ অথবা অসমৰ ৰাজ্য চৰকাৰে কোনোধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ অসমত যোৱা বৰদিন আৰু নৱবৰ্ষ উদযাপনৰ অভূতপূৰ্ব ভিৰে ক’ভিডৰ এটি জটিল পৰিস্থিতিৰ সম্ভাৱনা বহন কৰিছে৷ আকৌ যদি ক’ভিডৰ বাবে লকডাউনৰ হ’বলৈ হয়, তেতিয়াও বিপৰ্যস্ত হ’ব সাধাৰণ জনতা৷ বিদ্যালয়, মহাবিদ্যালয় বন্ধৰে ৰুদ্ধ কৰা হ’ব শিক্ষাৰ্থীৰ জ্ঞানযাত্ৰা৷ সেয়ে ক’ভিডৰ প্ৰতি জনসাধাৰণে ব্যক্তিগত পৰ্যায়ত সকলোৱে সতৰ্ক আৰু সাৱধান হোৱাতো অতি জৰুৰী হিচাপে বিবেচিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক