--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আকৌ বাঢ়িছে কৰ'নাৰ সংক্ৰমণ। ইফালে ভূতৰ ওপৰত দানহ পৰাদি আহিল অ'মিক্ৰণ। এই ভাইৰাছৰ আক্ৰমণে জনসাধাৰণক যেন ঠেলি দিছে আন্ধাৰৰ গহ্বৰলৈ। দিল্লীত দিনকদিনে বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণ। কৰ'না সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে দিল্লী-এনচিআৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো কৰ'নাত আক্ৰান্ত হ'ল। দিল্লীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানীৰ জিমবোৰ বন্ধ কৰি দিয়া হৈছে। এই সিদ্ধান্তত জিমৰ মালিকে দিকবিদিক হেৰুৱাই পেলাইছে। তেওঁলোকৰ মন বিমৰ্ষ হৈ পৰিছে। তেওঁলোকৰ জীৱিকাৰ প্ৰতি নামি আহিছে ঘোৰ সংকট।

জিমৰ মালিকসকলে কৈছে যে ''জিম ২ বছৰত ৯ মাহৰ বাবে বন্ধ আছিল। পুনৰ পৰিস্থিতি ভাললৈ ঘূৰি অহাত জিমসমূহ কেইমাহমান আগত খোলা হৈছিলহে কিন্তু আকৌ কৰ'নাৰ বাবে জাৰি কৰা প্ৰতিবন্ধকতাৰ বাবে পুনৰ বন্ধ হৈ পৰিল জিমসমূহ। আমি চৰকাৰক প্ৰশ্ন কৰিছো যে এনে পৰিস্থিতিত যদি সুৰাৰ দোকান খোলা ৰাখিব পাৰি তেন্তে জিম কিয় খোলা ৰাখিব নোৱাৰি। সুৰাই স্বাস্থ্যৰ হানি কৰে কিন্তু জিমে মানুহৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে, গতিকে এই দিশটো যাতে দিল্লী চৰকাৰে বিবেচনা কৰি চায়। নহ'লে আমিও সুৰা বিক্ৰী কৰিবলৈকে বাধ্য হৈ পৰিম। কাৰণ আমিওটো খাই বৈ চলি থাকিব লাগিব। জিমৰ মালিকে লগতে কয় যে প্ৰতিবাৰেই জিমসমূহ সকলোতকৈ আগত বন্ধ কৰা হয় আৰু আটাইতকৈ পাছত খোলা হয়।'' উল্লেখ্য যে এই পেছাটোত দিল্লীৰ প্ৰায় ১০০,০০০ লোক জড়িত হৈ আছে আৰু তেওঁলোকৰ জীৱনৰ ওপৰত বৰ বেয়া প্ৰভাৱ পৰিছে। দিল্লীত প্ৰায় ৫৫০০ জিম আছে।

এক চৰকাৰী বিবৃতি অনুসৰি দিল্লীত কোভিড পজিটিভৰ হাৰ হৈছে প্ৰায় ৭ শতাংশ। কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সেৱাসমূহ বাদ দি সম্পূৰ্ণ কাৰফিউ জাৰি কৰা হৈছে দেশৰ ৰাজধানীত। অপ্ৰয়োজনীয় দোকান, মল আৰু চেলুন বন্ধ কৰা হৈছে আৰু ৰাজহুৱা পৰিবহন, বিবাহ আৰু অন্ত্যেষ্টিক্ৰিয়াৰ ওপৰত অধিক নিয়ন্ত্ৰণৰ দৰে ‘ৰেড এলাৰ্ট’ নিষেধাজ্ঞাৰ সন্মুখীন হৈছে। ২৯ ডিচেম্বৰৰ পৰা ৰাজধানী দিল্লীত চিনেমা হল, জিম বন্ধ কৰা হৈছে আৰু দোকানবোৰক অড-ইভেন আধাৰত খুলিবলৈ অনুমতি দিয়া হৈছে। মেট্ৰ’ ৰেল আৰু বাছবোৰকো কোভিড প্ৰট’কলৰ অধীনত অনা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি