--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক'ভিডক লৈ অধিক সাৱধানতাৰ প্ৰয়োজনীয়তা আহি পৰিছে বৰ্তমান৷ শেহতীয়াকৈ ভাৰতত যোৱা ২৪ ঘণ্টাত ৯০,৯২৮ টা নতুন ক'ভিড সংক্ৰমণ ধৰা পৰিছে৷ যিটো সংখ্যা বুধবাৰৰ তুলনাত ৫৬.৫শতাংশৰো অধিক। ইয়াৰ পাছতে মুঠ ক'ভিডৰ সংখ্যা হৈছেগৈ ৩,৫১,০৯,২৮৬জন৷ লগতে, যোৱা ২৪ ঘণ্টাত দেশত ৩২৫জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে আৰু ইয়াৰ ফলত মুঠ মৃত্যুৰ সংখ্যা ৫,৮২,৮৭৬ লৈ বৃদ্ধি হৈছে।

দিল্লী, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু কেৰালাকে ধৰি কেইবাখনো ৰাজ্যত ক'ভিড-১৯ ৰ ঘটনা পুনৰ বৃদ্ধি পাইছে। বুধবাৰে ৰাজধানী দিল্লীত ক'ভিড-১৯ৰ ৰোগীৰ দৈনিক সংখ্যা প্ৰায় দুগুণ বৃদ্ধি হয়৷ বুধবাৰে ১০,৬৫৫জন ধৰা পৰে দিল্লীত৷ লগতে পজিটিভিটিৰ হাৰ ১১.৮৮ শতাংশলৈ বৃদ্ধি পাইছে আৰু ৮জনলোকৰ মৃত্যু হৈছে, যিটো প্ৰায় সাত মাহত সৰ্বাধিক বুলি জানিব পৰা গৈছে।

লগতে, মহাৰাষ্ট্ৰত বুধবাৰে ২৬,৫৩৮ টা নতুন ক'ভিডৰ ঘটনা ধৰা পৰে৷ যি এদিন আগৰ তুলনাত ৪৩.৭১ শতাংশ বা ৮,০৭২ টা ঘটনা বৃদ্ধি পাইছে৷ আনহাতে ৰাজ্যখনত আৰু ৮জন ৰোগী সংক্ৰমণত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে।

https://twitter.com/keshab_mahanta/status/1478728736740499456?s=20

ইপিনে অসমতো উদ্বেগজনক হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ৷ বুধবাৰে নতুনকৈ আক্ৰান্ত হয় ৫৯১ জন লোক৷ ইয়াৰে কামৰূপ মেট্ৰ’তে সৰ্বাধিক আক্ৰান্ত হৈছে ২৭৯ জন৷ বুধবাৰে মৃত্যু ঘটিছে ৪ গৰাকী কৰ’না ৰোগীৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি