--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ আগতেই নষ্ট্ৰাডামুছকলৈ নতুনকৈ চৰ্চা  আৰম্ভ হৈছে৷   ফৰাচী জ্যোতিষী নষ্ট্ৰাডামুছে  প্ৰায় ৫০০ বছৰ আগতে ইটোৰ পিছত সিটোকৈ ভৱিষ্যদ্বাণী কৰিছিল। সেইবোৰৰ প্ৰায়ভাগেই মিলিও গৈছিল৷ প্ৰায় ৫০০ বছৰ  আগতে তেওঁ কৰা এটাৰ পিছত এটাকৈ ভৱিষ্যদ্বাণী ২০২৪ চনতো মিলি যাব পাৰে বুলি বহুতে মন্তব্য কৰিছে৷ লোকসভা নিৰ্বাচনৰ ফলাফল ২০২৪ ঘোষণা হোৱাৰ আগতেই নতুনকৈ চৰ্চালৈ অহা  নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণীৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে মানুহক অৱগত কৰিছিল৷ 


২০১৬ চনত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে দিয়া  এটা বাৰ্তা  এতিয়া পুনৰ চৰ্চালৈ আহিছে৷ ফেচবুক পোষ্টত ৰিজিজুৱে লিখিছিল, ‘২০১৪ চনৰ পৰা ২০২৬ চনলৈ এজন ব্যক্তিয়েই ভাৰতৰ নেতৃত্ব বহন কৰিব। আৰম্ভণিতে মানুহে তেওঁক ঘৃণা কৰিব, কিন্তু পিছলৈ তেওঁ মানুহৰ নয়নৰ মই হৈ পৰিব । তেওঁ দেশক এক নতুন দিশ দেখুৱাব, দেশক অনন্য উচ্চতালৈ আগুৱাই লৈ যাব।” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে লিখিছিল, ‘১৫৫৫ চনত এই ভৱিষ্যদ্বাণী কৰা হৈছিল। এজন আদবয়সীয়া মানুহে সোণালী যুগৰ সূচনা কৰিব, কেৱল ভাৰতৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবে। তেওঁৰ নেতৃত্বত ভাৰত বিশ্বৰ নেতা হৈ পৰিব। বিশ্বৰ বহু দেশ ভাৰতৰ ছাতিৰ অধীনলৈ আহিব।” 

লোকসভা নিৰ্বাচনৰ ফলাফলৰ প্ৰাকক্ষণত নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণীৰ সমান্তৰালকৈ কিৰেন ৰিজিজুৰ পুৰণি পোষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে।  লোকসভা নিৰ্বাচনৰ ফলাফল কোন দিশে যাব সেয়া হ’ব লক্ষ্যণীয়। যদিও ৫০০ বছৰৰ আগৰ নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণী আজিও প্ৰাসংগিক হৈ পৰিব বুলিও ৰিজিজুৰ দৰেই বহুতে বিশ্বাস কৰিছে। পাঁচ শতিকাৰ আগতে দিয়া ২০২৪ বৰ্ষৰ বিষয়ে এটাৰ পিছত এটাকৈ বাৰ্তা আচৰিত ধৰণে বৰ্তমানৰ সময়ৰ লগত মিলি গৈছে। উল্লেখ্য নষ্ট্ৰাডামুছে পৰিৱেশৰ বিভিন্ন পৰিস্থিতকলৈয়ো  ভৱিষ্যদ্বাণী কৰিছিল। কোন ঠাইত বানপানী, কোন ঠাইত খৰাং, কোন ঠাইত বনজুই হ’ব সেই বিষয়ে কৈ গৈছিল৷ যিবোৰ কথা পিছত হবহু মিলিছিল৷  





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু