--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ আগতেই নষ্ট্ৰাডামুছকলৈ নতুনকৈ চৰ্চা  আৰম্ভ হৈছে৷   ফৰাচী জ্যোতিষী নষ্ট্ৰাডামুছে  প্ৰায় ৫০০ বছৰ আগতে ইটোৰ পিছত সিটোকৈ ভৱিষ্যদ্বাণী কৰিছিল। সেইবোৰৰ প্ৰায়ভাগেই মিলিও গৈছিল৷ প্ৰায় ৫০০ বছৰ  আগতে তেওঁ কৰা এটাৰ পিছত এটাকৈ ভৱিষ্যদ্বাণী ২০২৪ চনতো মিলি যাব পাৰে বুলি বহুতে মন্তব্য কৰিছে৷ লোকসভা নিৰ্বাচনৰ ফলাফল ২০২৪ ঘোষণা হোৱাৰ আগতেই নতুনকৈ চৰ্চালৈ অহা  নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণীৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে মানুহক অৱগত কৰিছিল৷ 


২০১৬ চনত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে দিয়া  এটা বাৰ্তা  এতিয়া পুনৰ চৰ্চালৈ আহিছে৷ ফেচবুক পোষ্টত ৰিজিজুৱে লিখিছিল, ‘২০১৪ চনৰ পৰা ২০২৬ চনলৈ এজন ব্যক্তিয়েই ভাৰতৰ নেতৃত্ব বহন কৰিব। আৰম্ভণিতে মানুহে তেওঁক ঘৃণা কৰিব, কিন্তু পিছলৈ তেওঁ মানুহৰ নয়নৰ মই হৈ পৰিব । তেওঁ দেশক এক নতুন দিশ দেখুৱাব, দেশক অনন্য উচ্চতালৈ আগুৱাই লৈ যাব।” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে লিখিছিল, ‘১৫৫৫ চনত এই ভৱিষ্যদ্বাণী কৰা হৈছিল। এজন আদবয়সীয়া মানুহে সোণালী যুগৰ সূচনা কৰিব, কেৱল ভাৰতৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবে। তেওঁৰ নেতৃত্বত ভাৰত বিশ্বৰ নেতা হৈ পৰিব। বিশ্বৰ বহু দেশ ভাৰতৰ ছাতিৰ অধীনলৈ আহিব।” 

লোকসভা নিৰ্বাচনৰ ফলাফলৰ প্ৰাকক্ষণত নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণীৰ সমান্তৰালকৈ কিৰেন ৰিজিজুৰ পুৰণি পোষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে।  লোকসভা নিৰ্বাচনৰ ফলাফল কোন দিশে যাব সেয়া হ’ব লক্ষ্যণীয়। যদিও ৫০০ বছৰৰ আগৰ নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণী আজিও প্ৰাসংগিক হৈ পৰিব বুলিও ৰিজিজুৰ দৰেই বহুতে বিশ্বাস কৰিছে। পাঁচ শতিকাৰ আগতে দিয়া ২০২৪ বৰ্ষৰ বিষয়ে এটাৰ পিছত এটাকৈ বাৰ্তা আচৰিত ধৰণে বৰ্তমানৰ সময়ৰ লগত মিলি গৈছে। উল্লেখ্য নষ্ট্ৰাডামুছে পৰিৱেশৰ বিভিন্ন পৰিস্থিতকলৈয়ো  ভৱিষ্যদ্বাণী কৰিছিল। কোন ঠাইত বানপানী, কোন ঠাইত খৰাং, কোন ঠাইত বনজুই হ’ব সেই বিষয়ে কৈ গৈছিল৷ যিবোৰ কথা পিছত হবহু মিলিছিল৷  





FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement