--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ধৰ্ষণ আৰু ধাৰাবাহিক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত  হাছান সাংসদ প্ৰজ্জ্বল ৰেভান্নাই কংগ্ৰেছৰ শ্ৰেয়াছ পেটেলৰ হাতত  পৰাজিত হ’ল ।পেটেলৰ হাতত  ৪০ হাজাৰ ভোটত পৰাস্ত হয় প্ৰজ্জ্বল।  ২৫ বছৰৰ পাছত হাছান লোকসভা সমষ্টিত কংগ্ৰেছ  জয়ী হ’ল । যোৱা বছৰ বিধানসভাৰ নিৰ্বাচনত হোলেনাৰসীপুৰৰ পৰা প্ৰজ্জ্বলৰ  পিতৃ এইচ ডি ৰেভান্নাৰ বিৰুদ্ধে যুঁজ দি  পেটেল পৰাস্ত হৈছিল।প্রাক্তন প্রধানমন্ত্রী দেৱগৌড়াৰ নাতি তথা কর্নাটকৰ প্রাক্তন মুখ্যমন্ত্রী এইচ ডি কুমাৰস্বামীৰ ভতিজাক প্রজ্জ্বল ৰেভান্নাই সমষ্টিটোত ভোটদান হোৱাৰ এদিন পিছত,  ২৭ এপ্ৰিলত জাৰ্মানীলৈ ৰাওনা হৈছিল । 

তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছিল আৰু সাংসদগৰাকীৰ সন্ধান উলিওৱাত সহায়ক হোৱাকৈ ব্লু কৰ্ণাৰ জাননীও জাৰি কৰা হৈছিল।   অৱশেষত বহু  সতৰ্কবাণীৰ পিছত জেডিএছৰ নেতাগৰাকী ভাৰতলৈ উভতি আহি ৩১ মে’ৰ পুৱাৰ ভাগত গ্ৰেপ্তাৰ হৈছিল। উল্লেখ্য ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত প্ৰজ্জ্বলে হাছানৰ পৰা ১.৪ লাখৰো অধিক ব্যৱধানত জয়লাভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ