--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ধৰ্ষণ আৰু ধাৰাবাহিক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত  হাছান সাংসদ প্ৰজ্জ্বল ৰেভান্নাই কংগ্ৰেছৰ শ্ৰেয়াছ পেটেলৰ হাতত  পৰাজিত হ’ল ।পেটেলৰ হাতত  ৪০ হাজাৰ ভোটত পৰাস্ত হয় প্ৰজ্জ্বল।  ২৫ বছৰৰ পাছত হাছান লোকসভা সমষ্টিত কংগ্ৰেছ  জয়ী হ’ল । যোৱা বছৰ বিধানসভাৰ নিৰ্বাচনত হোলেনাৰসীপুৰৰ পৰা প্ৰজ্জ্বলৰ  পিতৃ এইচ ডি ৰেভান্নাৰ বিৰুদ্ধে যুঁজ দি  পেটেল পৰাস্ত হৈছিল।প্রাক্তন প্রধানমন্ত্রী দেৱগৌড়াৰ নাতি তথা কর্নাটকৰ প্রাক্তন মুখ্যমন্ত্রী এইচ ডি কুমাৰস্বামীৰ ভতিজাক প্রজ্জ্বল ৰেভান্নাই সমষ্টিটোত ভোটদান হোৱাৰ এদিন পিছত,  ২৭ এপ্ৰিলত জাৰ্মানীলৈ ৰাওনা হৈছিল । 

তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছিল আৰু সাংসদগৰাকীৰ সন্ধান উলিওৱাত সহায়ক হোৱাকৈ ব্লু কৰ্ণাৰ জাননীও জাৰি কৰা হৈছিল।   অৱশেষত বহু  সতৰ্কবাণীৰ পিছত জেডিএছৰ নেতাগৰাকী ভাৰতলৈ উভতি আহি ৩১ মে’ৰ পুৱাৰ ভাগত গ্ৰেপ্তাৰ হৈছিল। উল্লেখ্য ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত প্ৰজ্জ্বলে হাছানৰ পৰা ১.৪ লাখৰো অধিক ব্যৱধানত জয়লাভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু