--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌন আতিশয্যৰ অভিযোগ,  গ্ৰেপ্তাৰৰ ভয়ত বিদেশলৈ পলায়ন আৰু পিছত দেশলৈ উভতি আহি গ্ৰেপ্তাৰ  হোৱা প্ৰজ্জ্বল ৰেভান্নাই পিছতে ভোটযুদ্ধত আগুৱাই আছে।   হাছান লোকসভা আসনত তেওঁ আগবাঢ়ি আছে। দুপৰীয়ালৈকে  প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ নাতি তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ ভতিজাক জেডিএছ নেতা ৰেভান্না  সমষ্টিটোৰ পৰা অগ্ৰগতি লাভ কৰি আছে।  কংগ্ৰেছৰ শ্ৰেয়াছ পেটেলৰ তুলনাত প্ৰজ্জ্বল ৰেভান্নাই ১৩,৫০০ৰো অধিক ভোটত আগগবাঢ়ি আছে।  ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ হাছানৰ পৰা ১.৪ লাখৰো অধিক ব্যৱধানত জয়লাভ কৰিছিল।

প্রাক্তন প্রধানমন্ত্রী দেৱগৌড়াৰ নাতি তথা কর্নাটকৰ প্রাক্তন মুখ্যমন্ত্রী এইচ ডি কুমাৰস্বামীৰ ভতিজাক প্রজ্জ্বল ৰেভান্নাই সমষ্টিটোত ভোটদান হোৱাৰ এদিন পিছত,  ২৭ এপ্ৰিলত জাৰ্মানীলৈ ৰাওনা হৈছিল । 

তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছিল আৰু সাংসদগৰাকীৰ সন্ধান উলিওৱাত সহায়ক হোৱাকৈ ব্লু কৰ্ণাৰ জাননীও জাৰি কৰা হৈছিল।   অৱশেষতবহু  সতৰ্কবাণীৰ পিছত জেডিএছৰ নেতাগৰাকী ভাৰতলৈ উভতি আহি ৩১ মে’ৰ পুৱাৰ ভাগত গ্ৰেপ্তাৰ হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু