--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু এখন যুদ্ধৰ সন্মুখীন হ’ব নেকি বিশ্ব। ৰাছিয়া-ইউক্ৰেইনৰ ৰক্তক্ষয়ী যুঁজৰ বিভীষিকা মাৰ নৌযাওঁতেই আন এখন যুদ্ধৰ দামামা বাজি উঠিছে। এইবাৰ সাম্ভাব্য যুদ্ধৰ অভিকেন্দ্ৰ টাইৱান। টাইৱানৰ  প্ৰসংগকলৈ  চীন আৰু আমেৰিকাৰ  মাজত উত্তেজনা বৃদ্ধি হোৱাৰ সময়তে টাইৱানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে চীনৰ ২১ খনকৈ  যুঁজাৰু বিমান।আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদনৰ অধ্যক্ষ নেন্সি পেলোচিয়ে  টাইৱান ভ্ৰমণ কৰাৰ সময়তে চীনৰ যুদ্ধ বিমানে টাইৱানত প্ৰৱেশ কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে। 

উল্লেখ্য পেলোচিৰ সুৰক্ষাৰ বাবে আমেৰিকায়ো টাইৱানৰ চৌদিশে চাৰি খনকৈ যুদ্ধ জাহাজ সাজু কৰি ৰাখিছে। চীনৰ  প্ৰতিবাদৰ পিছতো পোলোচিয়ে টাইৱান ভ্ৰমণ কৰিছে। ৰপেলোচিৰ সুৰক্ষাৰ বাবেই  আমেৰিকাই  চাৰিখন যুদ্ধজাহাজ টাইৱানৰ  পূব এলেকাৰ  সাগৰত সাজু কৰি ৰাখিছে। দক্ষিণ চীন সাগৰত আমেৰিকাই কেৰিয়াৰ ইউএছএছ ৰোনাল্ড ৰেগন সাজু কৰি ৰখাৰ লগতে ফিলিপাইনছ সাগৰজাপানৰ দক্ষিণত দিশত মাৰ্কিন যুদ্ধ জাহাজ সাজু কৰি ৰখা হৈছে।  আমেৰিকাৰ নৌসেনাৰ এজন বিষয়াই এই কথা প্ৰকাশ কৰিছে। ৰেগান নামৰ জাহাজ খনত  এটা গাইডেড মিছাইল ক্ৰুজাৰ, ইউএছএছ এণ্টিটাম আৰু ইউএছএছ হিগিন্স নামৰ এটা মিছাইল  আছে।

যদি পেলোচিয়ে টাইৱান ভ্ৰমণ কৰে ইয়াৰ পৰিণাম ভয়ংকৰ হ’ব বুলি চীনে কেইবাদিনো ধৰি সতৰ্ক কৰি দি  আহিছে। এনে সময়তে আমেৰিকা আৰু চীনে টাইৱানত সমৰসজ্জা কৰাৰ কথাই আন এখন যুদ্ধৰ আশংকা বৃদ্ধি কৰিছে। 
বিডেন প্ৰশাসনেও চীনক এই বিষয়ে সতৰ্ক কৰি দিছে। 

ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে পেলোচিৰ ভ্ৰমণৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে চীনৰ যিকোনো প্ৰতিৰোধ ওফৰাই পেলোচিক সুৰক্ষিত ৰাখিবলৈ সাজু হৈছে।

ইপিনে  চীনে কয় যে পেলোচিৰ এই ভ্ৰমণৰ ৰাজনৈতিক পৰিণাম ভয়ংকৰ হ’ব। চীনৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্ট কৰি দি কয়,”আমি আমেৰিকা যুক্তৰাষ্ট্ৰক ক’ব বিচাৰো যে চীন সাজু আৰু চীনৰ মুক্তি সেনা নিষ্ক্ৰিয় হৈ বহি নাথাকে। চীনে ইয়াৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক স্থিতি সুৰক্ষিত কৰিবলৈ উপযুক্ত প্ৰত্যুত্তৰ দিব।”

পেলোচিয়ে  বৰ্তমান এছিয়া ভ্ৰমণ কৰি  আছে ।  ইপিনে টাইৱান প্ৰসংগত  মস্কোৱে চীনক সমৰ্থন কৰিছে। ৰাছিয়াই কৈছে যে যিকোনো পৰিস্থিতিতে ৰাছিয়াৰ চৰকাৰে চীনৰ সৈতে থাকিব। এনে পৰিস্থিতিত পুনৰ আন এখন বিধ্বংসী যুদ্ধ হোৱাৰ আশংকা অধিক ঘনীভূত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক