--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু এখন যুদ্ধৰ সন্মুখীন হ’ব নেকি বিশ্ব। ৰাছিয়া-ইউক্ৰেইনৰ ৰক্তক্ষয়ী যুঁজৰ বিভীষিকা মাৰ নৌযাওঁতেই আন এখন যুদ্ধৰ দামামা বাজি উঠিছে। এইবাৰ সাম্ভাব্য যুদ্ধৰ অভিকেন্দ্ৰ টাইৱান। টাইৱানৰ  প্ৰসংগকলৈ  চীন আৰু আমেৰিকাৰ  মাজত উত্তেজনা বৃদ্ধি হোৱাৰ সময়তে টাইৱানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে চীনৰ ২১ খনকৈ  যুঁজাৰু বিমান।আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদনৰ অধ্যক্ষ নেন্সি পেলোচিয়ে  টাইৱান ভ্ৰমণ কৰাৰ সময়তে চীনৰ যুদ্ধ বিমানে টাইৱানত প্ৰৱেশ কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে। 

উল্লেখ্য পেলোচিৰ সুৰক্ষাৰ বাবে আমেৰিকায়ো টাইৱানৰ চৌদিশে চাৰি খনকৈ যুদ্ধ জাহাজ সাজু কৰি ৰাখিছে। চীনৰ  প্ৰতিবাদৰ পিছতো পোলোচিয়ে টাইৱান ভ্ৰমণ কৰিছে। ৰপেলোচিৰ সুৰক্ষাৰ বাবেই  আমেৰিকাই  চাৰিখন যুদ্ধজাহাজ টাইৱানৰ  পূব এলেকাৰ  সাগৰত সাজু কৰি ৰাখিছে। দক্ষিণ চীন সাগৰত আমেৰিকাই কেৰিয়াৰ ইউএছএছ ৰোনাল্ড ৰেগন সাজু কৰি ৰখাৰ লগতে ফিলিপাইনছ সাগৰজাপানৰ দক্ষিণত দিশত মাৰ্কিন যুদ্ধ জাহাজ সাজু কৰি ৰখা হৈছে।  আমেৰিকাৰ নৌসেনাৰ এজন বিষয়াই এই কথা প্ৰকাশ কৰিছে। ৰেগান নামৰ জাহাজ খনত  এটা গাইডেড মিছাইল ক্ৰুজাৰ, ইউএছএছ এণ্টিটাম আৰু ইউএছএছ হিগিন্স নামৰ এটা মিছাইল  আছে।

যদি পেলোচিয়ে টাইৱান ভ্ৰমণ কৰে ইয়াৰ পৰিণাম ভয়ংকৰ হ’ব বুলি চীনে কেইবাদিনো ধৰি সতৰ্ক কৰি দি  আহিছে। এনে সময়তে আমেৰিকা আৰু চীনে টাইৱানত সমৰসজ্জা কৰাৰ কথাই আন এখন যুদ্ধৰ আশংকা বৃদ্ধি কৰিছে। 
বিডেন প্ৰশাসনেও চীনক এই বিষয়ে সতৰ্ক কৰি দিছে। 

ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে পেলোচিৰ ভ্ৰমণৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে চীনৰ যিকোনো প্ৰতিৰোধ ওফৰাই পেলোচিক সুৰক্ষিত ৰাখিবলৈ সাজু হৈছে।

ইপিনে  চীনে কয় যে পেলোচিৰ এই ভ্ৰমণৰ ৰাজনৈতিক পৰিণাম ভয়ংকৰ হ’ব। চীনৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্ট কৰি দি কয়,”আমি আমেৰিকা যুক্তৰাষ্ট্ৰক ক’ব বিচাৰো যে চীন সাজু আৰু চীনৰ মুক্তি সেনা নিষ্ক্ৰিয় হৈ বহি নাথাকে। চীনে ইয়াৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক স্থিতি সুৰক্ষিত কৰিবলৈ উপযুক্ত প্ৰত্যুত্তৰ দিব।”

পেলোচিয়ে  বৰ্তমান এছিয়া ভ্ৰমণ কৰি  আছে ।  ইপিনে টাইৱান প্ৰসংগত  মস্কোৱে চীনক সমৰ্থন কৰিছে। ৰাছিয়াই কৈছে যে যিকোনো পৰিস্থিতিতে ৰাছিয়াৰ চৰকাৰে চীনৰ সৈতে থাকিব। এনে পৰিস্থিতিত পুনৰ আন এখন বিধ্বংসী যুদ্ধ হোৱাৰ আশংকা অধিক ঘনীভূত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু