--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বেলুচিস্তানত উদ্ধাৰ পাকিস্তানী সেনাৰ হেলিকপ্টাৰৰ ধ্বংসাৱশেষ। এই দুৰ্ঘটনাত ৬ জন সেনা বিষয়াৰ মৃত্যু হৈছে।তথ্য অনুসৰি লাছবেলা জিলাৰ মুছা গোথৰ সমীপত ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। এই হেলিকপ্টাৰখনত দ্বাদশ কৰ্পছৰ কমাণ্ডাৰ জেনেৰেল সৰফৰাজ আলীৰ লগতে আন পাঁচজন জ্যেষ্ঠ সেনা বিষয়াও আছিল বুলি আইএছপিআৰৰ (Inter-Services Public Relations) তৰফৰ পৰা জানিব পৰা গৈছে। কোনে বেলুচিস্তানৰ বান সাহায্য অভিযানৰ তদাৰক কৰি আছিল।

উত্তৰ-পশ্চিম প্ৰদেশ বেলুচিস্তানত সোমবাৰে নিশাৰ পৰা নিৰুদ্দেশ হোৱা পাকিস্তানী সেনাৰ এখন হেলিকপ্টাৰ, যাৰ ধ্বংসাৱশেষ লাছবেলা জিলাৰ মুছা গোথৰ ওচৰত উদ্ধাৰ কৰা হৈছে। তথ্য অনুসৰি এই দুৰ্ঘটনাত ৬ জন সেনা বিষয়াৰ মৃত্যু হৈছে, যাৰ মৃতদেহ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে।ইন্টাৰ চাৰ্ভিচ পাব্লিক ৰিলেচনৰ ( Inter-Services Public Relations)  মতে, বেয়া বতৰৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে। একে সময়তে পাকিস্তান সেনাৰ সংবাদ মাধ্যমৰ মতে এই দুৰ্ঘটনাত লেফটেনেণ্ট জেনেৰেল সৰফৰাজ আলীকে ধৰি ৬ জন সেনা জোৱানৰ আটাইকেইজন লোকৰ মৃত্যু হয়।

আই এছ পি আৰৰ সঞ্চালক প্ৰধানে (ডি জি) টুইট কৰি কয় যে লাছবেলা জিলাৰ মুছা গোথত এখন হেলিকপ্টাৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। ইয়াৰ মাজতে লেফটেনেণ্ট জেনেৰেল সৰফৰাজ আলীকে ধৰি ৬ জন বিষয়া জোৱানৰ আটাইকেইজন লোকৰ মৃত্যু হয়। তেওঁ কয় যে প্ৰাথমিক তদন্তত দেখা গৈছে যে বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

একে সময়তে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে পাকিস্তানী সেনাৰ জোৱানৰ মৃত্যুত দেশ অতিশয় শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে ,"লেফটেনেণ্ট জেনেৰেল সৰফৰাজ আলী আৰু পাকিস্তান সেনাৰ আন ৫জন বিষয়া শ্বহীদ হোৱাত দেশ অতিশয় শোক প্ৰকাশ কৰিছে। তেওঁ বানপীড়িতক সাহায্য প্ৰদানৰ এক উদাত্ত কাম কৰি আছিল। এই পুত্ৰসকলৰ ওচৰত দেশ সদায় ঋণী হৈ থাকিব।শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। "

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে আৰু শ্বহীদ সকলৰ পৰিয়ালবৰ্গলৈ  সমবেদনা আৰু প্ৰাৰ্থনা জ্ঞাপন কৰিছে। 

সোমবাৰে নিশা নিৰুদ্দেশ হয় হেলিকপ্টাৰখন

তথ্য অনুসৰি সোমবাৰে নিশা পাকিস্তান সেনাই জনাইছিল যে বেলুচিস্তানৰ লাছবেলাত বান সাহায্য অভিযানত লিপ্ত হৈ থকা পাকিস্তান সেনাৰ এখন হেলিকপ্টাৰ সন্ধানহীন হৈছে। আই এছ পি আৰৰ মতে, হেলিকপ্টাৰখনত ১২ জন কৰ্পছ কমাণ্ডাৰ জেনেৰেল সৰফৰাজ আলীৰ লগতে আন ৫ জন জ্যেষ্ঠ সেনা বিষয়া আছিল। বেলুচিস্তানত চলি থকা বান সাহায্যৰ কাম কোনে নিৰীক্ষণ কৰি আছিল। উদ্ধাৰ অভিযানত নিয়োজিত এই বিমানখনে এ টি চিৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছিল। য'ত মুঠ ৬ জন লোক  উপস্থিত আছিল।

পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হেলিকপ্টাৰখন এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি)ৰ সৈতে যোগাযোগ হেৰুৱাই যোৱা ৫ ঘণ্টা ধৰি সন্ধানহীন হৈ আছিল। বানপীড়িত বেলুচিস্তান, সিন্ধ, গিলগিট-বাল্টিস্তান আৰু খাইবেৰ পাখতুনখোৱা জিলাত পাকিস্তানী সেনাই উদ্ধাৰ আৰু সাহায্যৰ কামত নিয়োজিত আছিল। প্ৰচণ্ড বানপানীত তাত আবদ্ধ হৈ পৰিছিল হাজাৰ হাজাৰ লোক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হানীমুনত বাৰ্বিকিউৰ জুইত দগ্ধ নৱবিবাহিতা; দুমাহ জীৱন-মৃত্যুৰে যুঁজি অৱশেষত শেষ নিঃশ্বাস ত্যাগ
অসমৰ পৰা হেৰাই যাবলৈ ধৰিছে ‘গঙা চিলনী’
ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে জাপানে ব্যৱহাৰ কৰিব ভাৰতৰ ফায়াৰিং ৰেঞ্জ, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য
ভাৰতৰ সেউজ শক্তিত ৭০০ কোটি ডলাৰ বিনিয়োগ কৰিব এমাজনে
উখল মাখল নলবাৰী; তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ
কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত কৰ্মচাৰীয়ে লাভ নকৰে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধা: গুৱাহাটী উচ্চ ন্যায়ালয়
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ