--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আগষ্ট মাহৰ প্ৰথম সপ্তাহটো প্ৰতি বছৰে বিশ্ব স্তনপান সপ্তাহ হিচাপে পালন কৰা হয়। সমগ্ৰ বিশ্বতে উদযাপন কৰা এই সপ্তাহৰ উদ্দেশ্য হৈছে মানুহক বিশেষকৈ মহিলাসকলক স্তনপান কৰোৱাৰ বিষয়ে সজাগ কৰা। এয়া বিশ্বমানৰ বাৰ্ষিক অভিযান। এই বিশ্ব স্তনপান সপ্তাহটো প্ৰতিষ্ঠা কৰিছিল ৱৰ্ল্ড এলায়েন্স ফৰ ব্ৰেষ্টফিডিং একচনে। এই সংস্থাই ব্যক্তিসকলক তেওঁলোকৰ স্তনপান কৰা যাত্ৰাত সহায়-সহযোগ আৰু উৎসাহিত কৰাৰ বাবে কাম কৰে। একে সময়তে এই সংগঠন অনুসৰি পৃথিৱীৰ মুঠ শিশুৰ প্ৰায় ৪০ শতাংশইহে ৬ মাহৰ বাবে প্ৰয়োজনীয় স্তনপান কৰা সৌভাগ্য লাভ কৰে, বাকী ৬০ শতাংশ সন্তান ইয়াৰ পৰা বঞ্চিত হয়। স্তনপান সপ্তাহ উপলক্ষে শিশুটিৰ বাবে স্তনপান কৰোৱাৰ উপকাৰিতা জানো আহক।

 * ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়

* ডায়েৰিয়া, কোষ্ঠকাঠিন্য, গেষ্ট্ৰ’এণ্টেৰাইটিছ, গেষ্ট্ৰ’ইছ’ফেজিয়াল

* ৰিফ্লাক্স আদি প্ৰতিৰোধ কৰে

* চৰ্দি আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ যেনে-নিউমোনিয়া, শ্বাস-প্ৰশ্বাসজনিত চিনচিটিয়াল ভাইৰাছ, হুপিং কাহ আদি প্ৰতিৰোধ কৰে

* সামগ্ৰিকভাৱে শিশুৰ কান্দোন হ্ৰায় পায়

*  শৈশৱৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পায়

*  বেক্টেৰিয়াৰ মেনিনজাইটিছ প্ৰতিৰোধ কৰে

* চকুৰ ৰশ্মি উজ্জ্বল কৰে

* শিশুৰ অকাল মৃত্যুৰ হাৰ হ্ৰাস কৰে

* এলাৰ্জী, একজিমা আৰু হাঁপানী ৰোগ প্ৰতিৰোধ কৰে

* মেদবহুল হোৱাৰ সম্ভাৱনা কম কৰে

* মানসিক স্বাস্থ্য উন্নত কৰে

মাতৃৰ বাবেও স্তনপান কৰোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

প্ৰসৱৰ পাছত মাতৃৰ ওজন দ্ৰুতগতিত হ্ৰাস পায়।জৰায়ুক সংকোচন কৰি স্বাভাৱিক আকাৰলৈ ঘূৰি অহাত সহায় কৰে। প্ৰসৱৰ পাছত ৰক্তক্ষৰণ হ্ৰাস কৰে। প্ৰস্ৰাৱৰ সংক্ৰমণ প্ৰতিৰোধ কৰে।ৰক্তহীনতাৰ সম্ভাৱনা কম কৰে। প্ৰসৱকালীনভাৱে হোৱা অৱসাদ দূৰ কৰা ইত্যাদি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু