--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ হিজাব বিতৰ্ক৷ হিজাব প্ৰসংগই দেশৰ ৰাজনীতি মাজে সময়ে উত্তাল কৰি তোলে৷ হিজাব বিতৰ্কৰ অচিলাৰে ধৰ্মীয় মেৰুকৰণ কৰি ভোটৰ ৰাজনীতি কৰে ৰাজনীতিকে৷ পুনৰ চৰ্চালৈ আহিছে হিজাব৷ 

এইবাৰ স্থান উত্তৰ-পূৰ্বাঞ্চল৷ ত্ৰিপুৰাৰ এজন সংখ্যালঘু ছাত্ৰই হিজাবক সমৰ্থন কৰে৷ আৰু সেয়াই হৈ পৰিল দোষ! যাৰ বাবে শুকুৰবাৰে ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ এখন বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনক হিন্দুত্ববাদী গোটৰ একাংশ সদস্যই আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ তথ্য অনুসৰি, হিন্দুত্ববাদী গোটৰ সদস্যসকলে সংখ্যালঘু শিক্ষাৰ্থীসকলক হিজাব পিন্ধি বিদ্যালয়ত প্ৰৱেশ কৰাত বাধা দি আছিল, যিটো ছাত্ৰজনে প্ৰতিবাদ কৰিছিল। এই সন্দৰ্ভত স্থানীয় লোকে কয় যে ভুক্তভোগীজনক বিদ্যালয়ৰ বাহিৰলৈ টানি নিয়া হৈছিল আৰু বিদ্যালয়ৰ সন্মুখত প্ৰহাৰ কৰা হৈছিল আৰু সেইসময়ত প্ৰধান শিক্ষককে ধৰি কোনো শিক্ষকে তেওঁক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি অহা নাছিল।

বিশালগড় উপ-বিভাগৰ কাৰামুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আলিয়াজ সৰকাৰ সুমনক শুকুৰবাৰে বিদ্যালয় চৌহদৰ বাহিৰত প্ৰহাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
ভুক্তভোগীগৰাকীয়ে বিশালগড় আৰক্ষী থানাত অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে বুলি আৰক্ষীয়ে সদৰী কৰিছে৷
সহকাৰী আৰক্ষী মহাপৰিদৰ্শক জ্যোতিষ্মান দাস চৌধুৰীয়ে কয়, আমি ছাত্ৰজনৰ পৰা এটা অভিযোগ পাইছিলোঁ, যিয়ে কিছুমান বাহিৰৰ লোকে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ঘটনাটোক লৈ এটা গোচৰ ৰুজু কৰা হ’ব৷

শেহতীয়াকৈ এই ঘটনাটোৱে অঞ্চলটোত স্থানীয় লোকসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে৷ স্থানীয় লোকে কৰিছে পথ অৱৰোধ৷ আক্ৰমণকাৰীসকল বাহিৰৰ লোক আছিল, যাৰ বিদ্যালয়খনৰ সৈতে কোনো সম্পৰ্ক নাছিল বুলি অভিযোগ কৰা হৈছে। বিদ্যালয়ৰ বাহিৰতো একাংশ লোকে প্ৰতিবাদ কৰিছিল৷ কিয়নো বিদ্যালয়খনৰ কোনো শিক্ষকে ঘটনাটো বন্ধ কৰিবলৈ কোনো পদক্ষেপ লোৱা নাছিল। এই ক্ষোভৰ পাছত জনতাক শান্ত কৰিবলৈ অঞ্চলটোত আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে৷ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, এতিয়ালৈকে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। 

বিদ্যালয় কৰ্তৃপক্ষই কয় যে এসপ্তাহ আগতে যিসকলে নিজকে এটা সোঁপন্থী সংগঠনৰ সৈতে জড়িত বুলি দাবী কৰা প্ৰাক্তন শিক্ষাৰ্থীৰ এটা গোটে বিদ্যালয়লৈ আহিছিল আৰু মুছলমান ছাত্ৰীসকলক বিদ্যালয় চৌহদত হিজাব পিন্ধিবলৈ অনুমতি দিয়াৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল আৰু প্ৰধান শিক্ষকক ইয়াক নিষিদ্ধ কৰিবলৈ দাবী জনাইছিল। সেই সময়ত বিশ্ব হিন্দু পৰিষদৰ সৈতে জড়িত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এটা দলে অধ্যক্ষ প্ৰত্যুষ নন্দীক সাক্ষাৎ কৰিছিল।

যিহেতু এনে নিয়ম সন্দৰ্ভত সংশ্লিষ্ট চৰকাৰী বিভাগৰ পৰা কোনো স্পষ্ট নিৰ্দেশনা নাই, প্ৰধান শিক্ষকে ছাত্ৰীসকলক বিদ্যালয়ত সেয়ে হিজাব পৰিধান নকৰিবলৈ মৌখিকভাৱে অৱগত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস