--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিপাকত পৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। তোশাখানা গোচৰত ইমৰাণ খানক  আদালতে তিনি বছৰৰ কাৰাদণ্ড বিহিছে। শনিবাৰে পাকিস্তানৰ এখন জিলা আৰু সত্ৰ আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী খানক তিনি বছৰৰ কাৰাদণ্ড প্ৰদান কৰাৰ ৰায় দিয়ে। 

আদালতে তেওঁক পাকিস্তানী মুদ্ৰাত  ১ লাখ টকাৰ জৰিমনাও বিহিছে। জৰিমনা আদায় নিদিলে  আৰু ছয় মাহ অতিৰিক্ত ভাবে কাৰাগাৰত কটাব লাগিব। আৰক্ষীয়ে ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰিছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ।শুক্ৰবাৰে, পাকিস্তানৰ এখন  ন্যায়ালয়ে কৈছিল যে  আদালতে  গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব। অৱশেষত শনিবাৰে ইমৰাণৰ শাস্তিৰ কথা ঘোষণা কৰা হয়।  ইমৰাণ খানে  অপৰাধমূলক গোচৰটোত শাস্তিৰ পৰা  ৰেহাই বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। 

পাকিস্তানৰ শীৰ্ষ আদালতে বুধবাৰে তেওঁৰ আবেদন নাকচ কৰিছিল। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ দুই সদস্যৰ বিচাৰপীঠৰ ন্যায়াধীশ য়াহিয়া আফ্ৰিদীয়ে কৈছিল  যে উচ্চতম ন্যায়ালয়ে নিম্ন আদালতত চলি থকা গোচৰটোত হস্তক্ষেপ নকৰে।উল্লেখ্য পিটিআইৰ মুৰব্বী ইমৰান খানে কেইবাটাও গোচৰৰ সন্মুখীন হৈছে। তাৰে এটা হ'ল তোশাখানা গোচৰ। ২০১৮ চনৰ পৰা ২০২২ চনলৈ প্ৰধানমন্ত্ৰী হৈ থাকোতে তেওঁ নিজৰ পদবীৰ অপব্যৱহাৰ কৰিছিল বুলি অভিযোগ উঠিছে। 

অভিযোগ অনুসৰি তেওঁ প্ৰধানমন্ত্ৰী হিচাপে লাভ কৰা উপহাৰবোৰ চৰকাৰী সংগ্ৰহালয়  বা তোশাখানাত জমা কৰাৰ পৰিৱৰ্তে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত  বিক্ৰী কৰাৰ অভিযোগ উঠিছে। পাকিস্তানী আইন অনুসৰি, বিভিন্ন ৰাষ্ট্ৰৰ মুৰব্বীয়ে  দিয়া উপহাৰবোৰ পাক তোশাখানাত জমা কৰিব লাগে। সেয়া বিক্ৰী কৰাটো অপৰাধ। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে শাসনত থাকোতে আন দেশৰ নেতাসকলৰ বিভিন্ন ধৰণৰ  উপহাৰ লৈছিল। 

তেওঁ সেই উপহাৰবোৰৰ বিষয়ে  তেওঁ নিৰ্বাচন আয়োগত মিছা তথ্য দিছিল। । নিৰ্বাচন আয়োগে  ইমৰানৰ বিৰুদ্ধে অপৰাধমূলক তদন্ত আৰম্ভ কৰাৰো নিৰ্দেশ দিছিল। পাকিস্তানৰ নিয়ম অনুসৰি, যদি চৰকাৰৰ মুৰব্বীসকলে বিদেশী ব্যক্তিৰ পৰা মূল্যৱান উপহাৰ লাভ কৰে, তেন্তে সেইবোৰ 'তোশাখানা'ত ৰাখিব লাগে। অৱশ্যে, সেই ঠাইৰ পৰা উপহাৰ বিক্ৰী কৰিব পাৰি। ইমৰান খানৰ বিৰুদ্ধে বাৰে বাৰে বিদেশী উপহাৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। তেওঁ সেইবোৰৰ  তথ্য লুকুৱাই ৰাখিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ