--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিপাকত পৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। তোশাখানা গোচৰত ইমৰাণ খানক  আদালতে তিনি বছৰৰ কাৰাদণ্ড বিহিছে। শনিবাৰে পাকিস্তানৰ এখন জিলা আৰু সত্ৰ আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী খানক তিনি বছৰৰ কাৰাদণ্ড প্ৰদান কৰাৰ ৰায় দিয়ে। 

আদালতে তেওঁক পাকিস্তানী মুদ্ৰাত  ১ লাখ টকাৰ জৰিমনাও বিহিছে। জৰিমনা আদায় নিদিলে  আৰু ছয় মাহ অতিৰিক্ত ভাবে কাৰাগাৰত কটাব লাগিব। আৰক্ষীয়ে ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰিছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ।শুক্ৰবাৰে, পাকিস্তানৰ এখন  ন্যায়ালয়ে কৈছিল যে  আদালতে  গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব। অৱশেষত শনিবাৰে ইমৰাণৰ শাস্তিৰ কথা ঘোষণা কৰা হয়।  ইমৰাণ খানে  অপৰাধমূলক গোচৰটোত শাস্তিৰ পৰা  ৰেহাই বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। 

পাকিস্তানৰ শীৰ্ষ আদালতে বুধবাৰে তেওঁৰ আবেদন নাকচ কৰিছিল। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ দুই সদস্যৰ বিচাৰপীঠৰ ন্যায়াধীশ য়াহিয়া আফ্ৰিদীয়ে কৈছিল  যে উচ্চতম ন্যায়ালয়ে নিম্ন আদালতত চলি থকা গোচৰটোত হস্তক্ষেপ নকৰে।উল্লেখ্য পিটিআইৰ মুৰব্বী ইমৰান খানে কেইবাটাও গোচৰৰ সন্মুখীন হৈছে। তাৰে এটা হ'ল তোশাখানা গোচৰ। ২০১৮ চনৰ পৰা ২০২২ চনলৈ প্ৰধানমন্ত্ৰী হৈ থাকোতে তেওঁ নিজৰ পদবীৰ অপব্যৱহাৰ কৰিছিল বুলি অভিযোগ উঠিছে। 

অভিযোগ অনুসৰি তেওঁ প্ৰধানমন্ত্ৰী হিচাপে লাভ কৰা উপহাৰবোৰ চৰকাৰী সংগ্ৰহালয়  বা তোশাখানাত জমা কৰাৰ পৰিৱৰ্তে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত  বিক্ৰী কৰাৰ অভিযোগ উঠিছে। পাকিস্তানী আইন অনুসৰি, বিভিন্ন ৰাষ্ট্ৰৰ মুৰব্বীয়ে  দিয়া উপহাৰবোৰ পাক তোশাখানাত জমা কৰিব লাগে। সেয়া বিক্ৰী কৰাটো অপৰাধ। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে শাসনত থাকোতে আন দেশৰ নেতাসকলৰ বিভিন্ন ধৰণৰ  উপহাৰ লৈছিল। 

তেওঁ সেই উপহাৰবোৰৰ বিষয়ে  তেওঁ নিৰ্বাচন আয়োগত মিছা তথ্য দিছিল। । নিৰ্বাচন আয়োগে  ইমৰানৰ বিৰুদ্ধে অপৰাধমূলক তদন্ত আৰম্ভ কৰাৰো নিৰ্দেশ দিছিল। পাকিস্তানৰ নিয়ম অনুসৰি, যদি চৰকাৰৰ মুৰব্বীসকলে বিদেশী ব্যক্তিৰ পৰা মূল্যৱান উপহাৰ লাভ কৰে, তেন্তে সেইবোৰ 'তোশাখানা'ত ৰাখিব লাগে। অৱশ্যে, সেই ঠাইৰ পৰা উপহাৰ বিক্ৰী কৰিব পাৰি। ইমৰান খানৰ বিৰুদ্ধে বাৰে বাৰে বিদেশী উপহাৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। তেওঁ সেইবোৰৰ  তথ্য লুকুৱাই ৰাখিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ