--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ সংবাদ শিৰোনানলৈ আহিছে নুছৰত জাহান৷ শেহতীয়া খবৰ অনুসৰি, প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)ত অভিনেতা-ৰাজনীতিবিদ তথা তৃণমূল কংগ্ৰেছ সাংসদ নুছৰত জাহানৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ দাখিল কৰা হৈছে৷ বিজেপি নেতা শংকুদেব পাণ্ডাই জাহানৰ বিৰুদ্ধে ইডিৰ চল্ট লেক কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল।

কেন্দ্ৰীয় সংস্থাৰ ওচৰত কৰা অভিযোগত কোৱা হৈছিল যে ছেভেন চেঞ্চ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড নামৰ উক্ত সংস্থাটোৱে প্ৰতাৰিত বিনিয়োগকাৰীসকলৰ পৰা চাৰি বছৰৰ ভিতৰত যুক্তিসংগত হাৰত আৱাসিক ফ্লেটৰ প্ৰতিশ্ৰুতি দি প্ৰায় ৬,০০,০০০ টকা লাভ কৰিছিল। যদিও তেওঁলোকে এতিয়ালৈকে সেই আৱাসিক ফ্লেটবোৰ লাভ কৰা নাছিল৷ অভিযোগ অনুসৰি, উক্ত সংস্থাটোৰ সঞ্চালকসকলে তেওঁলোকৰ নিজৰ ফ্লেট নিৰ্মাণৰ বাবে সেই ধন ব্যৱহাৰ কৰিছিল বুলি অভিযোগ কৰা হৈছে।

এইটো বিত্তীয় কেলেংকাৰীৰ এটা স্পষ্ট ঘটনা। বিষয়টোত আদালতত আগতে এটা গোচৰ ৰুজু কৰা হৈছিল। আদালতে আনকি তৃণমূল কংগ্ৰেছৰ সাংসদক আদালতত উপস্থিত থাকিবলৈ কৈছিল, যিটো তেওঁ অস্বীকাৰ কৰিছিল। গতিকে আমি বিষয়টোত ইডিৰ কাষ চাপিবলৈ বাধ্য হৈছোঁ’, অভিযোগ দাখিল কৰা বিজেপি নেতাজনে কয়। এই সন্দৰ্ভত জাহানৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি পোৱা হোৱা নাই। ২০১৯ৰ লোকসভা নিৰ্বাচনত নুছৰত জাহানক উত্তৰ ২৪ পৰগণা জিলাৰ বাছিৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল, য’ত অভিনেত্ৰীগৰাকীয়ে সফলতাৰে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়