--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশজুৰি আৰম্ভ হৈছিল দেশ কঁপাই যোৱা কৃষক আন্দোলন। ২০২০ চনৰ ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ বিভিন্ন সীমাত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদ অব্যাহত আছিল। অৱশেষত বিগত বছৰৰ ১১ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ আশ্বাস অনুসৰি স্থগিত ৰখা হৈছিল বছৰজোৰা আন্দোলনৰ। কৃষক নেতাসকলে উত্থাপন কৰা দাবীসমূহৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে ইতিবাচক মনোভাৱ পোষণ কৰিছিল আৰু দাবীসমূহ ৰূপায়ণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু সেই দাবীৰ প্ৰতি চৰকাৰে সঁহাৰি নিদিয়াৰ অভিযোগ তুলি শেহতীয়াকৈ কৃষক নেতাসকলে ঘোষণা কৰিছে আন্দোলনৰ কাৰ্যসূচী। ভাৰতীয় কিষাণ ইউনিয়ন (BKU)-এ শনিবাৰে কৈছিল যে যদি কেন্দ্ৰই তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি নিদিয়ে তেন্তে কৃষকসকলে ৩১ জানুৱাৰীত দেশজুৰি ‘বিৰোধ দিৱস’ পালন কৰিব। সিংঘু সীমান্তত এখন সংবাদমেল সম্বোধন কৰি বিকেইউ নেতা যুধবীৰ সিঙে কয় যে এতিয়ালৈকে কেন্দ্ৰই নূন্যতম সমৰ্থন মূল্য (MSP) সম্পৰ্কীয় এখন সমিতি গঠন কৰা নাই বা এই সম্পৰ্কত কৃষকসকলৰ সৈতে কোনো আলোচনাতো ভাগ লোৱা নাই কেন্দ্ৰীয় চৰকাৰে। লগতে লখিমপুৰ খেৰী ঘটনাত যিসকল মন্ত্ৰীৰ পুত্ৰ জড়িত আছিল সেই ৰাজ্যিক মন্ত্ৰীসকলক চৰকাৰে আঁতৰ কৰা নাই। যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে কৃষকনেতাসকল। যাৰ বাবে ৩১ জানুৱাৰীত ‘বিৰোধ দিৱস’ উদযাপন কৰাৰ হুংকাৰ প্ৰদান কৰিছে কৃষক নেতাসকলে। উল্লেখযোগ্য যে তিনিখনকৈ কৃষি আইন বাতিল কৰাৰ লগতে MSP সম্পৰ্কে এখন সমিতি গঠন কৰা, কৃষকৰ ওপৰত জাপি দিয়া গোচৰ প্ৰত্যাহাৰ কৰা, খেৰীৰ ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা আদি দাবীবোৰ পূৰণ কৰাৰ আশ্বাসৰ পাছতেই ১১ ডিচেম্বৰত কৃষক আন্দোলন পিছুৱাই দিয়া হৈছিল। লোকসভা আৰু ৰাজ্যসভাৰ দুয়োখন সদনতে ২৯ নৱেম্বৰত শীতকালীন অধিৱেশনৰ প্ৰথমদিনাই ‘কৃষি আইন বাতিল বিধেয়ক’ গৃহীত কৰিছিল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও বিধেয়কখনত সন্মতি প্ৰদান কৰিছিল। ফলত তিনিখন কৃষি আইন বাতিল কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল। লগতে বিগত বছৰৰ ডিচেম্বৰত, সংযুক্ত কিষাণ মৰ্চাই কেন্দ্ৰৰ পৰা এখন পত্ৰ লাভ কৰা পাছত তেওঁলোকৰ বছৰজোৰা আন্দোলন স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল। পত্ৰত নিম্নতম সমৰ্থন মূল্য (MSP) সম্পৰ্কে এখন সমিতি গঠন কৰাৰ প্ৰতিশ্ৰুতি আৰু তেওঁলোকৰ বিৰুদ্ধে তৎক্ষণাৎ গোচৰ প্ৰত্যাহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু কৃষকসকলে এতিয়া অভিযোগ উত্থাপন কৰিছে যে চৰকাৰে এতিয়ালৈকে তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি দিয়া নাই। বিকেইউয়ে ঘোষণা কৰিছে যে ১ ফেব্ৰুৱাৰীৰ পৰা কৃষকসকলে উত্তৰ-প্ৰদেশত পুনৰ আন্দোলন আৰম্ভ কৰিব। লগতে ২১ জানুৱাৰীৰ পৰা ৩-৪ দিনৰ বাবে উত্তৰ-প্ৰদেশৰ লখিমপুৰ খেৰী ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত কৃষক পৰিয়ালক লগ কৰাৰ কাৰ্যসূচী ঘোষণা কৰিছে। এই কথা জানিবলৈ দিছে বিকেইউ নেতা ৰাকেশ টিকাইটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ