--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশজুৰি আৰম্ভ হৈছিল দেশ কঁপাই যোৱা কৃষক আন্দোলন। ২০২০ চনৰ ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ বিভিন্ন সীমাত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদ অব্যাহত আছিল। অৱশেষত বিগত বছৰৰ ১১ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ আশ্বাস অনুসৰি স্থগিত ৰখা হৈছিল বছৰজোৰা আন্দোলনৰ। কৃষক নেতাসকলে উত্থাপন কৰা দাবীসমূহৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে ইতিবাচক মনোভাৱ পোষণ কৰিছিল আৰু দাবীসমূহ ৰূপায়ণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু সেই দাবীৰ প্ৰতি চৰকাৰে সঁহাৰি নিদিয়াৰ অভিযোগ তুলি শেহতীয়াকৈ কৃষক নেতাসকলে ঘোষণা কৰিছে আন্দোলনৰ কাৰ্যসূচী। ভাৰতীয় কিষাণ ইউনিয়ন (BKU)-এ শনিবাৰে কৈছিল যে যদি কেন্দ্ৰই তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি নিদিয়ে তেন্তে কৃষকসকলে ৩১ জানুৱাৰীত দেশজুৰি ‘বিৰোধ দিৱস’ পালন কৰিব। সিংঘু সীমান্তত এখন সংবাদমেল সম্বোধন কৰি বিকেইউ নেতা যুধবীৰ সিঙে কয় যে এতিয়ালৈকে কেন্দ্ৰই নূন্যতম সমৰ্থন মূল্য (MSP) সম্পৰ্কীয় এখন সমিতি গঠন কৰা নাই বা এই সম্পৰ্কত কৃষকসকলৰ সৈতে কোনো আলোচনাতো ভাগ লোৱা নাই কেন্দ্ৰীয় চৰকাৰে। লগতে লখিমপুৰ খেৰী ঘটনাত যিসকল মন্ত্ৰীৰ পুত্ৰ জড়িত আছিল সেই ৰাজ্যিক মন্ত্ৰীসকলক চৰকাৰে আঁতৰ কৰা নাই। যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে কৃষকনেতাসকল। যাৰ বাবে ৩১ জানুৱাৰীত ‘বিৰোধ দিৱস’ উদযাপন কৰাৰ হুংকাৰ প্ৰদান কৰিছে কৃষক নেতাসকলে। উল্লেখযোগ্য যে তিনিখনকৈ কৃষি আইন বাতিল কৰাৰ লগতে MSP সম্পৰ্কে এখন সমিতি গঠন কৰা, কৃষকৰ ওপৰত জাপি দিয়া গোচৰ প্ৰত্যাহাৰ কৰা, খেৰীৰ ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা আদি দাবীবোৰ পূৰণ কৰাৰ আশ্বাসৰ পাছতেই ১১ ডিচেম্বৰত কৃষক আন্দোলন পিছুৱাই দিয়া হৈছিল। লোকসভা আৰু ৰাজ্যসভাৰ দুয়োখন সদনতে ২৯ নৱেম্বৰত শীতকালীন অধিৱেশনৰ প্ৰথমদিনাই ‘কৃষি আইন বাতিল বিধেয়ক’ গৃহীত কৰিছিল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও বিধেয়কখনত সন্মতি প্ৰদান কৰিছিল। ফলত তিনিখন কৃষি আইন বাতিল কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল। লগতে বিগত বছৰৰ ডিচেম্বৰত, সংযুক্ত কিষাণ মৰ্চাই কেন্দ্ৰৰ পৰা এখন পত্ৰ লাভ কৰা পাছত তেওঁলোকৰ বছৰজোৰা আন্দোলন স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল। পত্ৰত নিম্নতম সমৰ্থন মূল্য (MSP) সম্পৰ্কে এখন সমিতি গঠন কৰাৰ প্ৰতিশ্ৰুতি আৰু তেওঁলোকৰ বিৰুদ্ধে তৎক্ষণাৎ গোচৰ প্ৰত্যাহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু কৃষকসকলে এতিয়া অভিযোগ উত্থাপন কৰিছে যে চৰকাৰে এতিয়ালৈকে তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি দিয়া নাই। বিকেইউয়ে ঘোষণা কৰিছে যে ১ ফেব্ৰুৱাৰীৰ পৰা কৃষকসকলে উত্তৰ-প্ৰদেশত পুনৰ আন্দোলন আৰম্ভ কৰিব। লগতে ২১ জানুৱাৰীৰ পৰা ৩-৪ দিনৰ বাবে উত্তৰ-প্ৰদেশৰ লখিমপুৰ খেৰী ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত কৃষক পৰিয়ালক লগ কৰাৰ কাৰ্যসূচী ঘোষণা কৰিছে। এই কথা জানিবলৈ দিছে বিকেইউ নেতা ৰাকেশ টিকাইটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা