--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বাবেই ২২টা কৃষক সংগঠনক চাৰিমাহৰ বাবে সংযুক্ত কিষাণ মৰ্চা (SKM)ৰ পৰা বহিষ্কাৰ কৰা হৈছে। সংযুক্ত কিষাণ মৰ্চাৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। শেহতীয়াকৈ সংযুক্ত কিষাণ মৰ্চাৰ সৈতে জড়িত ২২টা কৃষক সংগঠনে পঞ্জাবৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল। তাৰ পাছতেই মৰ্চাৰ ফালৰ পৰা গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। বৈঠকত এইটোও সিদ্ধান্ত লোৱা হৈছে যে চৰকাৰে MSP আইন সন্দৰ্ভত সমিতি গঠন কৰা, আন্দোলনৰ সময়ত কৃষকৰ ওপৰত জাপি দিয়া গোচৰ প্ৰত্যাহাৰ কৰা তথা ক্ষতিপূৰণ প্ৰদান কৰা সম্পৰ্কত হেমাহি কৰাৰ বাবে ৩১ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব। এইখনেই আছিল আন্দোলন স্থগিত ৰখাৰ পাছত সংযুক্ত কিষাণ মৰ্চাৰ প্ৰথমখন বৈঠক। বৈঠকখন যথেষ্ট বাক-বিতন্তা আৰু হুলস্থুলেৰে আৰম্ভ হৈছিল। তিনিখন কৃষি আইন বাতিল আৰু অন্যান্য দাবীৰে দিল্লীৰ সীমাত কৃষকসকলৰ আন্দোলন প্ৰায় ৩৮৫ দিন ধৰি চলিছিল। অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ আশ্বাস আৰু কৃষক নেতাসকলৰ নিৰ্দেশত বিগত বছৰৰ ১১ ডিচেম্বৰত সকলো কৃষকে দিল্লীৰ সীমা ত্যাগ কৰি তেওঁলোকৰ ঘৰলৈ উভতি আহিছিল। প্ৰধানমন্ত্ৰীৰ ঘোষণা আৰু তিনিখন কৃষি আইন দুয়োখন সদনৰ পৰা প্ৰত্যাহাৰৰ আইন গৃহীত কৰাৰ পাছত কৃষকসকলে ১১ ডিচেম্বৰত দিল্লীৰ সীমা এৰি নিজৰ ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰিছিল। ৯ ডিচেম্বৰত অনুষ্ঠিত হোৱা সংযুক্ত কিষাণ মৰ্চাৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে ১৫ জানুৱাৰীত চৰকাৰৰ সৈতে অনুষ্ঠিত হোৱা আলোচনা সন্দৰ্ভত পুনৰ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব। উল্লেখ্য যে ২২ টা কৃষক সংগঠনে পঞ্জাবৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰাৰ পাছত সংযুক্ত কিষাণ মৰ্চাই স্পষ্টীকৰণ জাৰি কৰি কৈছিল যে পঞ্জাবৰ কিছুমান কৃষক সংগঠনে আজি ‘সংযুক্ত সমাজ মৰ্চা’ গঠন কৰি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ সৈতে সংযুক্ত কিষাণ মৰ্চাৰ কোনো সম্পৰ্ক নাই। তেওঁলোকে কয় যে সংযুক্ত কিষাণ মৰ্চাই কোনো ৰাজনৈতিক দলক তেওঁলোকৰ মঞ্চ ব্যৱহাৰ কৰিবলৈ অনুমতি নিদিয়ে। এই নীতিৰ বাবে মৰ্চাই কঠোৰ স্থিতি গ্ৰহণ কৰিব। লগতে মৰ্চাই এই কথাও যোষণা কৰে যে নিৰ্বাচনত সংযুক্ত কিষাণ মৰ্চাৰ নাম ব্যৱহাৰ কৰিলে সাংগঠনিক অনুশাসন উলংঘা হ'ব। সংযুক্ত কিষাণ মৰ্চাৰ অন্তৰ্গত কৃষক সংগঠন বা নেতাসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব নে নাই সেই সন্দৰ্ভত ১৫ জানুৱাৰীত অনুস্থিতব্য মৰ্চাৰ ৰাষ্ট্ৰীয় বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ