--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বাবেই ২২টা কৃষক সংগঠনক চাৰিমাহৰ বাবে সংযুক্ত কিষাণ মৰ্চা (SKM)ৰ পৰা বহিষ্কাৰ কৰা হৈছে। সংযুক্ত কিষাণ মৰ্চাৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। শেহতীয়াকৈ সংযুক্ত কিষাণ মৰ্চাৰ সৈতে জড়িত ২২টা কৃষক সংগঠনে পঞ্জাবৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল। তাৰ পাছতেই মৰ্চাৰ ফালৰ পৰা গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। বৈঠকত এইটোও সিদ্ধান্ত লোৱা হৈছে যে চৰকাৰে MSP আইন সন্দৰ্ভত সমিতি গঠন কৰা, আন্দোলনৰ সময়ত কৃষকৰ ওপৰত জাপি দিয়া গোচৰ প্ৰত্যাহাৰ কৰা তথা ক্ষতিপূৰণ প্ৰদান কৰা সম্পৰ্কত হেমাহি কৰাৰ বাবে ৩১ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব। এইখনেই আছিল আন্দোলন স্থগিত ৰখাৰ পাছত সংযুক্ত কিষাণ মৰ্চাৰ প্ৰথমখন বৈঠক। বৈঠকখন যথেষ্ট বাক-বিতন্তা আৰু হুলস্থুলেৰে আৰম্ভ হৈছিল। তিনিখন কৃষি আইন বাতিল আৰু অন্যান্য দাবীৰে দিল্লীৰ সীমাত কৃষকসকলৰ আন্দোলন প্ৰায় ৩৮৫ দিন ধৰি চলিছিল। অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ আশ্বাস আৰু কৃষক নেতাসকলৰ নিৰ্দেশত বিগত বছৰৰ ১১ ডিচেম্বৰত সকলো কৃষকে দিল্লীৰ সীমা ত্যাগ কৰি তেওঁলোকৰ ঘৰলৈ উভতি আহিছিল। প্ৰধানমন্ত্ৰীৰ ঘোষণা আৰু তিনিখন কৃষি আইন দুয়োখন সদনৰ পৰা প্ৰত্যাহাৰৰ আইন গৃহীত কৰাৰ পাছত কৃষকসকলে ১১ ডিচেম্বৰত দিল্লীৰ সীমা এৰি নিজৰ ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰিছিল। ৯ ডিচেম্বৰত অনুষ্ঠিত হোৱা সংযুক্ত কিষাণ মৰ্চাৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে ১৫ জানুৱাৰীত চৰকাৰৰ সৈতে অনুষ্ঠিত হোৱা আলোচনা সন্দৰ্ভত পুনৰ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব। উল্লেখ্য যে ২২ টা কৃষক সংগঠনে পঞ্জাবৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰাৰ পাছত সংযুক্ত কিষাণ মৰ্চাই স্পষ্টীকৰণ জাৰি কৰি কৈছিল যে পঞ্জাবৰ কিছুমান কৃষক সংগঠনে আজি ‘সংযুক্ত সমাজ মৰ্চা’ গঠন কৰি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ সৈতে সংযুক্ত কিষাণ মৰ্চাৰ কোনো সম্পৰ্ক নাই। তেওঁলোকে কয় যে সংযুক্ত কিষাণ মৰ্চাই কোনো ৰাজনৈতিক দলক তেওঁলোকৰ মঞ্চ ব্যৱহাৰ কৰিবলৈ অনুমতি নিদিয়ে। এই নীতিৰ বাবে মৰ্চাই কঠোৰ স্থিতি গ্ৰহণ কৰিব। লগতে মৰ্চাই এই কথাও যোষণা কৰে যে নিৰ্বাচনত সংযুক্ত কিষাণ মৰ্চাৰ নাম ব্যৱহাৰ কৰিলে সাংগঠনিক অনুশাসন উলংঘা হ'ব। সংযুক্ত কিষাণ মৰ্চাৰ অন্তৰ্গত কৃষক সংগঠন বা নেতাসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব নে নাই সেই সন্দৰ্ভত ১৫ জানুৱাৰীত অনুস্থিতব্য মৰ্চাৰ ৰাষ্ট্ৰীয় বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক