--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াত আভ্যন্তৰীণ বিদ্ৰোহৰ আৰম্ভ হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক উৎখাতৰ বাবে এতিয়া  সময়লৈ  বাট চাইছে নাগৰিকে। আৰু এনেকোৱা হ'বই। ইউক্ৰেইনৰ সেনাৰ মেজৰ জেনেৰেল কিৰিলো বুদানোভে এই চাঞ্চল্যকৰ দাবী কৰা দেখা গৈছে।

স্কাই নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কিৰিলোৰ দাবী , আগষ্টৰ মাজভাগলৈ এইখন যুদ্ধই এক বেলেগ ৰূপ ল'ব। আৰু বছৰটোৰ শেষৰ ফালে যুদ্ধ সমাপ্ত হ'ব। যদি ৰাছিয়াই ইউক্ৰেইনত যুদ্ধত পৰাজিত হয় তেতিলয়া পুটিনৰ উৎখাত নিশ্চিত। কেৱল সেয়াই নহয়, ৰাছিয়াও ধ্বংস হ'ব। আৰু এনে পৰিস্থিতিত ৰাছিয়াৰ নেতৃত্বত ব্যাপক পৰিৱৰ্তন আহিব। এই প্ৰক্ৰিয়া ইতিমধ্যে ৰাছিয়াত আৰম্ভ হৈছে।’ 

কিৰিলোৰ এই দাবীয়ে আচলতে কিহৰ ইংগিত দিছে? পুটিনৰ বিৰুদ্ধে গণ বিদ্ৰোহৰ কথা কোৱা নাইতো? এই প্ৰসংগত কিৰিলোৰ স্পষ্টমত, ‘নিশ্চিতভাৱে পুটিনৰ বিৰুদ্ধে গণ অভ্যুত্থানৰ পথলৈ অগ্ৰসৰ হৈছে ৰাছিয়া। আৰু সেয়া অনিবাৰ্য।’

ইউক্ৰেইনৰ সামৰিক বাহিনীয়েও কৈছিল যে, এয়া কোনো প্ৰচাৰমুখী দাবী নহয়। তেওঁৰ দাবী, ‘ৰাছিয়াৰ ৰাষ্ট্ৰপতি কৰ্কট ৰোগত আক্ৰান্ত। অসুস্থ। তেওঁ মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে।’ কেৱল কিৰিলোভেই নহয়, কেইবাখনো প্ৰতিবেদনত পূৰ্বেই প্ৰকাশ পাইছিল পুটিন যে গুৰুতৰভাৱে অসুস্থ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে