--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াত আভ্যন্তৰীণ বিদ্ৰোহৰ আৰম্ভ হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক উৎখাতৰ বাবে এতিয়া  সময়লৈ  বাট চাইছে নাগৰিকে। আৰু এনেকোৱা হ'বই। ইউক্ৰেইনৰ সেনাৰ মেজৰ জেনেৰেল কিৰিলো বুদানোভে এই চাঞ্চল্যকৰ দাবী কৰা দেখা গৈছে।

স্কাই নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কিৰিলোৰ দাবী , আগষ্টৰ মাজভাগলৈ এইখন যুদ্ধই এক বেলেগ ৰূপ ল'ব। আৰু বছৰটোৰ শেষৰ ফালে যুদ্ধ সমাপ্ত হ'ব। যদি ৰাছিয়াই ইউক্ৰেইনত যুদ্ধত পৰাজিত হয় তেতিলয়া পুটিনৰ উৎখাত নিশ্চিত। কেৱল সেয়াই নহয়, ৰাছিয়াও ধ্বংস হ'ব। আৰু এনে পৰিস্থিতিত ৰাছিয়াৰ নেতৃত্বত ব্যাপক পৰিৱৰ্তন আহিব। এই প্ৰক্ৰিয়া ইতিমধ্যে ৰাছিয়াত আৰম্ভ হৈছে।’ 

কিৰিলোৰ এই দাবীয়ে আচলতে কিহৰ ইংগিত দিছে? পুটিনৰ বিৰুদ্ধে গণ বিদ্ৰোহৰ কথা কোৱা নাইতো? এই প্ৰসংগত কিৰিলোৰ স্পষ্টমত, ‘নিশ্চিতভাৱে পুটিনৰ বিৰুদ্ধে গণ অভ্যুত্থানৰ পথলৈ অগ্ৰসৰ হৈছে ৰাছিয়া। আৰু সেয়া অনিবাৰ্য।’

ইউক্ৰেইনৰ সামৰিক বাহিনীয়েও কৈছিল যে, এয়া কোনো প্ৰচাৰমুখী দাবী নহয়। তেওঁৰ দাবী, ‘ৰাছিয়াৰ ৰাষ্ট্ৰপতি কৰ্কট ৰোগত আক্ৰান্ত। অসুস্থ। তেওঁ মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে।’ কেৱল কিৰিলোভেই নহয়, কেইবাখনো প্ৰতিবেদনত পূৰ্বেই প্ৰকাশ পাইছিল পুটিন যে গুৰুতৰভাৱে অসুস্থ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক