--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ১৬ মে’। আজিৰ দিনটোত পালন কৰা হৈছে বুদ্ধ পূৰ্ণিমা। এই বুদ্ধ পূৰ্ণিমাৰ দিনটোতে দৃশ্যমান হৈছে বছৰটোৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ(Lunar Eclipse)। 

চন্দ্ৰগ্ৰহণ দক্ষিণ-পশ্চিম ইউৰোপ, দক্ষিণ-পশ্চিম এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলাণ্টিক আৰু এণ্টাৰ্কটিকাকে ধৰি কেইবাটাও অঞ্চলত দৃশ্যমান হ’ব। 

ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱা ৭:০২ বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ আৰু দুপৰীয়া ১২-২০ বজাত সমাপ্ত হ’ব। পাঁচ ঘন্টাতকৈয়ো অধিক সময় চন্দ্ৰগ্ৰহণ চলিব। অৱশ্যে এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান হোৱাৰ সম্ভাৱনা নাই।

ভাৰতত এই চন্দ্ৰগ্ৰহণ সোমবাৰে পুৱা ৭-৫৭ বজাত আৰম্ভ হ’ব। আজি সূৰ্য আৰু চন্দ্ৰৰ মাজত একেটা শাৰীতে অৱস্থান কৰিব পৃথিৱীয়ে।যাৰ ফলতেই পৃথিৱীৰ ছাঁ-এ ঢাকি পেলাব চন্দ্ৰক। ইয়াকেই চন্দ্ৰগ্ৰহণ বোলা হয়।

যদি পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ৰাখে, চন্দ্ৰক পৃথিৱীৰ বাবে সম্পূৰ্ণৰূপে দেখা নাযায় তেতিয়া ইয়াক পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়। উল্লেখ্য যে দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব ৮ নবেম্বৰ তাৰিখে। সেই চন্দ্ৰগ্ৰহণো হ’ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক