--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ১৬ মে’। আজিৰ দিনটোত পালন কৰা হৈছে বুদ্ধ পূৰ্ণিমা। এই বুদ্ধ পূৰ্ণিমাৰ দিনটোতে দৃশ্যমান হৈছে বছৰটোৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ(Lunar Eclipse)। 

চন্দ্ৰগ্ৰহণ দক্ষিণ-পশ্চিম ইউৰোপ, দক্ষিণ-পশ্চিম এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলাণ্টিক আৰু এণ্টাৰ্কটিকাকে ধৰি কেইবাটাও অঞ্চলত দৃশ্যমান হ’ব। 

ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱা ৭:০২ বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ আৰু দুপৰীয়া ১২-২০ বজাত সমাপ্ত হ’ব। পাঁচ ঘন্টাতকৈয়ো অধিক সময় চন্দ্ৰগ্ৰহণ চলিব। অৱশ্যে এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান হোৱাৰ সম্ভাৱনা নাই।

ভাৰতত এই চন্দ্ৰগ্ৰহণ সোমবাৰে পুৱা ৭-৫৭ বজাত আৰম্ভ হ’ব। আজি সূৰ্য আৰু চন্দ্ৰৰ মাজত একেটা শাৰীতে অৱস্থান কৰিব পৃথিৱীয়ে।যাৰ ফলতেই পৃথিৱীৰ ছাঁ-এ ঢাকি পেলাব চন্দ্ৰক। ইয়াকেই চন্দ্ৰগ্ৰহণ বোলা হয়।

যদি পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ৰাখে, চন্দ্ৰক পৃথিৱীৰ বাবে সম্পূৰ্ণৰূপে দেখা নাযায় তেতিয়া ইয়াক পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়। উল্লেখ্য যে দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব ৮ নবেম্বৰ তাৰিখে। সেই চন্দ্ৰগ্ৰহণো হ’ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে