--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ নিৰ্বাচনৰ দিনলৈ এমাহো নথকাত ৰাজ্যখনত দেখা গৈছে নিৰ্বাচনী তৎপৰতা৷ নিৰ্বাচনলৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল৷ যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰখনক সংকটত পেলাই ইজনৰ পিছত সিজন বিজেপি মন্ত্ৰী-বিধায়কে দলত্যাগ কৰিছে৷ ১৪ জানুৱাৰীত উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ধৰম সিং চৈনী আৰু স্বামী প্ৰসাদ মৌৰ্যই বিজেপি এৰি সমাজবাদী পাৰ্টিত যোগদান কৰিছিল৷ আজি আন এগৰাকী পদত্যাগী মন্ত্ৰী দাৰা সিং চৌহানে সমাজবাদী পাৰ্টিত যোগদান কৰে৷ সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ উপস্থিতিত ১৪ জানুৱাৰীত লক্ষ্ণৌত আয়োজিত যোগদান সমাৰোহৰ পাছত ক’ভিড প্ৰটকল উলংঘা কৰাৰ বাবে সমাজবাদী পাৰ্টিলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে৷ নিৰ্বাচন আয়োগে শনিবাৰে সমাজবাদী পাৰ্টিক লক্ষ্ণৌত ক’ভিড প্ৰটকল উলংঘা কৰাৰ অভিযোগত জাননী জাৰি কৰে আৰু ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ কয়। আয়োগে জাননীখনত কয় যে, উপলব্ধ প্ৰতিবেদনসমূহে প্ৰাথমিক ভাৱে, পৰামৰ্শ দিয়ে যে সমাজবাদী পাৰ্টিয়ে আয়োগৰ আইনী নিৰ্দেশনা উলংঘা কৰিছে আৰু সেয়েহে, আয়োগে, বিষয়টোত উপলব্ধ সামগ্ৰী আৰু বহিষ্কৃত নিৰ্দেশনাবোৰ বিবেচনা কৰাৰ পাছত, সমাজবাদী পাৰ্টিক উক্ত উলংঘন সম্পৰ্কে স্থিতি ব্যাখ্যা কৰাৰ সুযোগ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে৷ আয়োগে লগতে কয় যে ৰাজনৈতিক দলসমূহ নিৰ্বাচনী প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু তেওঁলোকে প্ৰত্যাহ্বানপূৰ্ণ সময়তো নিৰ্বাচন অনুষ্ঠিত কৰাৰ সাংবিধানিক কৰ্তব্য পালনত নিৰ্বাচন আয়োগৰ সৈতে সদায় সহযোগিতা কৰে আৰু নিৰ্বাচনৰ সময়ছোৱাত আয়োগৰ নীতিসমূহ আখৰে আখৰে পালন কৰি তেওঁলোকে সৰ্বসাধাৰণৰ মাজত উচ্চ মান নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে, ভাৰতীয় দণ্ডবিধিৰ এ ১৮৮, ২৬৯, ২৭০ আৰু ৩৪১ ধাৰাৰ অধীনত এখন এজাহাৰ, দুৰ্যোগ ব্যৱস্থাপনা আইন, আৰু মহামাৰী আইনৰ অধীনত ১৪ জানুৱাৰীত সমাজবাদী পাৰ্টিৰ ৰাজনৈতিক কৰ্মকৰ্তাসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে সমাজবাদী পাৰ্টীয়ে ইয়াৰ মুখ্য কাৰ্যালয়ত ক’ভিডৰ নিয়ম উলংঘা কৰি ৰাজনৈতিক সমাৱেশ অনুষ্ঠিত কৰে আৰু আয়োগে গৌতমপল্লীৰ ষ্টেচন হাউচ বিষয়াক নিলম্বন কৰে আৰু গৌতমপল্লী আৰক্ষী সীমাৰ অধীনত আদৰ্শ আচৰণ বিধি আৰু ক’ভিড-১৯ প্ৰটকল উলংঘন সন্দৰ্ভত লক্ষ্ণৌৰ জিলা দণ্ডাধীশে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত গুৰুত্ব আৰোপ কৰি জ্যেষ্ঠ বিষয়াসকলৰ পৰা লিখিত স্পষ্টীকৰণ বিচাৰিছে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত এমাহো নথকাত বিজেপিৰ পৰা এজন এজনকৈ মন্ত্ৰী-বিধায়ক সমাজবাদী পাৰ্টিত যোগদান কৰা বিষয়টোক সহজভাৱে লোৱা নাই বিজেপিয়ে৷ সমাজবাদী পাৰ্টিৰ পুনৰুত্থান আৰু বিজেপি নেতাৰ দলটোলৈ গমনৰ বাবে সমাজবাদী পাৰ্টিৰ উত্থানক ৰোধ কৰাৰ বাবে দলটোৰ বিৰুদ্ধে ক’ভিড বিধি উলংঘন অথবা প্ৰৱৰ্তন সঞ্চালকালয়ৰ দ্বাৰা তালাচী চলাই দলটোৰ স্থিতি দুৰ্বল কৰিব বিচৰা হৈছে বুলি দেশৰ ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷ অৰ্থনৈতিক অনগ্ৰসৰতাৰ পাছতো উন্নয়ন, স্বাস্থ্য আৰু শিক্ষাক প্ৰাধান্য নিদি উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰখনে ধৰ্মীয় কথা-বতৰাবোৰকহে গুৰুত্ব দিয়া দেখা গৈছিল৷ বিজেপি চৰকাৰখনৰ দোষ-দুৰ্বলতাক ৰাইজৰ মাজলৈ উলিয়াই আনি নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া সমাজবাদী পাৰ্টিক উত্তৰ প্ৰদেশৰ ভোটাৰে কেনেধৰণে গ্ৰহণ কৰে, তাৰ বাবে বাট চাব লাগিব ১০ মাৰ্চলৈ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement