--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত অব্যাহত আছে অঘটন। বুধবাৰেও বৃহৎ অঘটন ঘটালে দুৰ্বল দেশ জাপানে। এইবাৰ চিকাৰ হ’ল বিশ্বকাপৰ অন্যতম দাবীদাৰ জাৰ্মানী।

বুধবাৰে খালিফা ইনটাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ইৰ জাপান বনাম জাৰ্মানীৰ মেচখনত জাপানে সুন্দৰ বিজয়সাব্যষ্ট কৰিছে। জাপানৰ হাতত ধৰাশায়ী হ’ল চাৰিবাৰৰ চেম্পিয়ন জাৰ্মানী।

মেচখনৰ প্ৰথমাৰ্ধত ৩৩ মিনিটত জাৰ্মানীয়ে পেণাল্টি লাভ কৰে। ইলকাই গুণ্ডগানৰ পেণাল্টি গ’লেৰে ১-০ গ’লত আগুৱাই থাকে জাৰ্মানী।

কিন্তু দ্বিতীয়াৰ্ধৰ ৭৫ মিনিটত উভটি ধৰে জাপানে। ৰিটছু ডুৱানৰ গ’লেৰে জাপানে সমতা স্থাপন কৰিবলৈ সক্ষম হয়। ৮৩ মিনিটত পুনৰ জাপানৰ টাকুমা আছান’ই গ’ল কৰে। ফলত ২-১ গ’লত আগুৱাই এছিয়াৰ দেশখনে।

উল্লেখ্য যে মঙলবাৰে চৌদী আৰৱে আৰ্জেণ্টিনাক পৰাস্ত কৰাৰ পাছতে কাটাৰ বিশ্বকাপ আকৰ্ষণীয় হৈ পৰিছে। আৰ্জেণ্টিনাৰ পাছত এইবাৰ তুলনামূলকভাৱে দুৰ্বল দলৰ হাতত পৰাজীত হ’ল জাৰ্মানীও।

মেনুৱেল নয়াৰ, থমাছ মুলাৰ, ৰুডিগাৰ, হাভাৰ্টজৰ দৰে তাৰকাখচিত জাৰ্মানীৰ এই অপ্ৰত্যাশিত পৰাজয় মানি ল’ব পৰা নাই দলটোৰ অনুৰাগীসকলে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক