ডিজিটেল ডেস্কঃ বিশ্বকাপত অব্যাহত আছে অঘটন। বুধবাৰেও বৃহৎ অঘটন ঘটালে দুৰ্বল দেশ জাপানে। এইবাৰ চিকাৰ হ’ল বিশ্বকাপৰ অন্যতম দাবীদাৰ জাৰ্মানী।
বুধবাৰে খালিফা ইনটাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ইৰ জাপান বনাম জাৰ্মানীৰ মেচখনত জাপানে সুন্দৰ বিজয়সাব্যষ্ট কৰিছে। জাপানৰ হাতত ধৰাশায়ী হ’ল চাৰিবাৰৰ চেম্পিয়ন জাৰ্মানী।
মেচখনৰ প্ৰথমাৰ্ধত ৩৩ মিনিটত জাৰ্মানীয়ে পেণাল্টি লাভ কৰে। ইলকাই গুণ্ডগানৰ পেণাল্টি গ’লেৰে ১-০ গ’লত আগুৱাই থাকে জাৰ্মানী।
কিন্তু দ্বিতীয়াৰ্ধৰ ৭৫ মিনিটত উভটি ধৰে জাপানে। ৰিটছু ডুৱানৰ গ’লেৰে জাপানে সমতা স্থাপন কৰিবলৈ সক্ষম হয়। ৮৩ মিনিটত পুনৰ জাপানৰ টাকুমা আছান’ই গ’ল কৰে। ফলত ২-১ গ’লত আগুৱাই এছিয়াৰ দেশখনে।
উল্লেখ্য যে মঙলবাৰে চৌদী আৰৱে আৰ্জেণ্টিনাক পৰাস্ত কৰাৰ পাছতে কাটাৰ বিশ্বকাপ আকৰ্ষণীয় হৈ পৰিছে। আৰ্জেণ্টিনাৰ পাছত এইবাৰ তুলনামূলকভাৱে দুৰ্বল দলৰ হাতত পৰাজীত হ’ল জাৰ্মানীও।
মেনুৱেল নয়াৰ, থমাছ মুলাৰ, ৰুডিগাৰ, হাভাৰ্টজৰ দৰে তাৰকাখচিত জাৰ্মানীৰ এই অপ্ৰত্যাশিত পৰাজয় মানি ল’ব পৰা নাই দলটোৰ অনুৰাগীসকলে।