--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যি চৌদী আৰৱৰ লগত বিশ্বকাপৰ প্ৰথমকন মেচতে হাৰ মানিছে, সেই চৌদী আৰৱকে সমৰ্থন জনাব লিঅ’নেল মেছিয়ে! মেছিৰ সমৰ্থন লাভৰ বাবে চুক্তিও হৈ গৈছে। কিন্তু কিহৰ সমৰ্থন লাগে চৌদী আৰৱক।

প্ৰকৃততে ২০৩০ চনৰ ফুটবল বিশ্বকাপ আয়োজন কৰিব বিচাৰে চৌদী আৰৱে। এই প্ৰস্তাৱক মেছিয়ে সমৰ্থন জনোৱাটো বিচাৰে দেশখনে। ঘটনাক্ৰমে, ২০৩০ চনৰ বিশ্বকাপ আয়োজন কৰিব বিচাৰে মেছিৰ ঘৰুৱা দেশ আৰ্জেণ্টিনাইও।

'দ্যা আথলেটিক’ নামৰ এখন সংবাদ পত্ৰই জনাইছে যে চৌদী আৰৱৰ বিশ্বকাপ আয়োজনৰ আবেদনৰ সমৰ্থনত থিয় দিব মেছি। তাৰ বাবে আৰ্থিক চুক্তিও সম্পন্ন হৈছে। যদিও এই বিষয়ে আৰ্জেণ্টিনা বা মেছিয়ে এতিয়ালৈকে একো জনোৱা নাই।

জানিব পৰা মতে, ২৪৩ কোটি টকাৰ বিনিময়ত মেছিয়ে চৌদী আৰৱৰ স’তে চুক্তিবদ্ধ হৈছে। আনহাতে, ২০৩০ চনৰ বিশ্বকাপ আয়োজনৰ বাবে কেইবাখনো দেশে আবেদন কৰিছে। ইজিপ্ট আৰু গ্ৰীচৰ স’তে একেলগে চৌদী আৰৱেও বিশ্বকাপ আয়োজন কৰিব বিচাৰ। অন্যফালে স্পেইন আৰু পৰ্টুগালেও বিশ্বকাপৰ বাবে আবেদন কৰিছে। লেটিন আমেৰিকান দেশ আৰ্জেণ্টিনা, উৰুগুৱে, পাৰাগুৱে আৰু চিলিয়েও একলগে আবেদন কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক