--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যি চৌদী আৰৱৰ লগত বিশ্বকাপৰ প্ৰথমকন মেচতে হাৰ মানিছে, সেই চৌদী আৰৱকে সমৰ্থন জনাব লিঅ’নেল মেছিয়ে! মেছিৰ সমৰ্থন লাভৰ বাবে চুক্তিও হৈ গৈছে। কিন্তু কিহৰ সমৰ্থন লাগে চৌদী আৰৱক।

প্ৰকৃততে ২০৩০ চনৰ ফুটবল বিশ্বকাপ আয়োজন কৰিব বিচাৰে চৌদী আৰৱে। এই প্ৰস্তাৱক মেছিয়ে সমৰ্থন জনোৱাটো বিচাৰে দেশখনে। ঘটনাক্ৰমে, ২০৩০ চনৰ বিশ্বকাপ আয়োজন কৰিব বিচাৰে মেছিৰ ঘৰুৱা দেশ আৰ্জেণ্টিনাইও।

'দ্যা আথলেটিক’ নামৰ এখন সংবাদ পত্ৰই জনাইছে যে চৌদী আৰৱৰ বিশ্বকাপ আয়োজনৰ আবেদনৰ সমৰ্থনত থিয় দিব মেছি। তাৰ বাবে আৰ্থিক চুক্তিও সম্পন্ন হৈছে। যদিও এই বিষয়ে আৰ্জেণ্টিনা বা মেছিয়ে এতিয়ালৈকে একো জনোৱা নাই।

জানিব পৰা মতে, ২৪৩ কোটি টকাৰ বিনিময়ত মেছিয়ে চৌদী আৰৱৰ স’তে চুক্তিবদ্ধ হৈছে। আনহাতে, ২০৩০ চনৰ বিশ্বকাপ আয়োজনৰ বাবে কেইবাখনো দেশে আবেদন কৰিছে। ইজিপ্ট আৰু গ্ৰীচৰ স’তে একেলগে চৌদী আৰৱেও বিশ্বকাপ আয়োজন কৰিব বিচাৰ। অন্যফালে স্পেইন আৰু পৰ্টুগালেও বিশ্বকাপৰ বাবে আবেদন কৰিছে। লেটিন আমেৰিকান দেশ আৰ্জেণ্টিনা, উৰুগুৱে, পাৰাগুৱে আৰু চিলিয়েও একলগে আবেদন কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু