--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে আৰ্জেণ্টিনা। বুধবাৰে জাৰ্মানী। এইবাৰৰ বিশ্বকাপত আৰু এটা শক্তিশালী প্ৰতিপক্ষক হৰুৱাবলৈ সক্ষম হ’ল এছিয়াৰ এখন দেশে। বিশ্বকাপৰত প্ৰথম মেচতে হাৰিল জাৰ্মানী। লিঅ’নেল মেছিৰ দৰেই প্ৰথম মেচত হাৰি হতাশ হ’ল মেনুৱেল নয়াৰ, থমাছ মুলাৰ, ৰুডিগাৰ।

কিন্তু এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে তিনি বাৰকৈ এনেধৰণৰ পৰাজয়ৰ তিক্ত সোৱাদ লাভ কৰিছে জাৰ্মানীয়ে। ১৯৩৪ চনত প্ৰথমবাৰ বিশ্বকাপ ফুটবল খেলে দেশখনে। সেইবাৰ নকআউট পদ্ধতিত খেলা হৈছিল বিশ্বকাপ। প্ৰথম মেচতে চুইজাৰলেণ্ডৰ লগত পৰাজীত হয় জাৰ্মানী। ফলস্বৰূপে বিশ্বকাপৰ পৰা বিদায় ল’বলৈ বাধ্য হয়।

১৯৬২ আৰু ১৯৭৮ চনতো বিশ্বকাপৰ প্ৰথম মেচত জয়ৰ মুখ দেখা নাছিল জাৰ্মানীয়ে। ইটালী আৰু পোলেণ্ডৰ স’তে হোৱা মেচ দুখন ড্ৰ’ হৈছিল।

১৯৮২ চনৰ বিশ্বকাপত প্ৰথম মেচত জাৰ্মানী মুখামুখি হৈছিল আলজেৰিয়াৰ স’তে। সেইবাৰ ১-২ ব্যৱধানত পৰাজীত হৈছিল জাৰ্মানী। সেইবাৰ বিশ্বকাপৰ ৰানাৰ্ছ আপ হয় দলটো।

উল্লেখ্য যে তেতিয়ালৈকে জাৰ্মানীক পশ্চিম জাৰ্মানী হিচাপে জনা গৈছিল। কাৰণ দেশখন দুভাগত বিভক্ত আছিল- পশ্চিম জাৰ্মানী আৰু পূব জাৰ্মানী। পূব জাৰ্মানীয়ে কোনো এটা বিশ্বকাপতে অংশ লোৱা নাছিল।

যোৱা বাৰৰ ২০১৮ চনৰ বিশ্বকাপতো একেই দশা হৈছিল জাৰ্মানীৰ। প্ৰথমখন মেচত মেক্সিকোৰ হাতত হাৰ মানিছিল ২০১৪ চনৰ চেম্পিয়ন দলটোৱে। এইবাৰো জাপানৰ হাতত পৰাজীত হ’ল মহাশক্তিধৰ জাৰ্মানী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু