--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে আৰ্জেণ্টিনা। বুধবাৰে জাৰ্মানী। এইবাৰৰ বিশ্বকাপত আৰু এটা শক্তিশালী প্ৰতিপক্ষক হৰুৱাবলৈ সক্ষম হ’ল এছিয়াৰ এখন দেশে। বিশ্বকাপৰত প্ৰথম মেচতে হাৰিল জাৰ্মানী। লিঅ’নেল মেছিৰ দৰেই প্ৰথম মেচত হাৰি হতাশ হ’ল মেনুৱেল নয়াৰ, থমাছ মুলাৰ, ৰুডিগাৰ।

কিন্তু এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে তিনি বাৰকৈ এনেধৰণৰ পৰাজয়ৰ তিক্ত সোৱাদ লাভ কৰিছে জাৰ্মানীয়ে। ১৯৩৪ চনত প্ৰথমবাৰ বিশ্বকাপ ফুটবল খেলে দেশখনে। সেইবাৰ নকআউট পদ্ধতিত খেলা হৈছিল বিশ্বকাপ। প্ৰথম মেচতে চুইজাৰলেণ্ডৰ লগত পৰাজীত হয় জাৰ্মানী। ফলস্বৰূপে বিশ্বকাপৰ পৰা বিদায় ল’বলৈ বাধ্য হয়।

১৯৬২ আৰু ১৯৭৮ চনতো বিশ্বকাপৰ প্ৰথম মেচত জয়ৰ মুখ দেখা নাছিল জাৰ্মানীয়ে। ইটালী আৰু পোলেণ্ডৰ স’তে হোৱা মেচ দুখন ড্ৰ’ হৈছিল।

১৯৮২ চনৰ বিশ্বকাপত প্ৰথম মেচত জাৰ্মানী মুখামুখি হৈছিল আলজেৰিয়াৰ স’তে। সেইবাৰ ১-২ ব্যৱধানত পৰাজীত হৈছিল জাৰ্মানী। সেইবাৰ বিশ্বকাপৰ ৰানাৰ্ছ আপ হয় দলটো।

উল্লেখ্য যে তেতিয়ালৈকে জাৰ্মানীক পশ্চিম জাৰ্মানী হিচাপে জনা গৈছিল। কাৰণ দেশখন দুভাগত বিভক্ত আছিল- পশ্চিম জাৰ্মানী আৰু পূব জাৰ্মানী। পূব জাৰ্মানীয়ে কোনো এটা বিশ্বকাপতে অংশ লোৱা নাছিল।

যোৱা বাৰৰ ২০১৮ চনৰ বিশ্বকাপতো একেই দশা হৈছিল জাৰ্মানীৰ। প্ৰথমখন মেচত মেক্সিকোৰ হাতত হাৰ মানিছিল ২০১৪ চনৰ চেম্পিয়ন দলটোৱে। এইবাৰো জাপানৰ হাতত পৰাজীত হ’ল মহাশক্তিধৰ জাৰ্মানী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক