--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্লাষ্টিক চাৰ্জাৰী কৰি নিজৰ চেহেৰা কোৰিয়ান কৰিও ৰক্ষা নহ’ল থাইলেণ্ডৰ এজন ড্ৰাগছ মাফিয়া। ২৫ বছৰীয়া ছাহাৰাট ছাৱাংজায়েঙ নামৰ এই ড্ৰাগছ মাফিয়াজন আৰক্ষীৰ হাতত ধৰা পৰে।

ড্ৰাগছ ব্যৱসায়ীজনক ইয়াৰ পূৰ্বে তিনিবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু প্ৰতিবাৰেই পুলিচৰ চকুত ধূলি লৈ পলাবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ ড্ৰাগছ মাফিয়াজনক বেংককৰ এটা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, ছাহাৰাটে নিজৰ প্ৰকৃত পৰিচয় লুকুৱাবলৈ নিজকে ছয়ং জেমিন বুলি পৰিচয় দিছিল। বাৰে বাৰে প্লাষ্টিক চাৰ্জাৰী কৰি নিজকে ছিয়ং হিচাপে বিশ্বাসযোগ্য কৰি তুলিছিল, যাতে তেওঁক কোৰিয়ান যেন লাগে।

কিন্তু সমগ্ৰ তথ্য আৰক্ষীৰ হাতত ধৰা পৰিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, ছাহাৰাটে থাইলেণ্ডত এমডিএমএ ড্ৰাগছৰ ব্যৱসায় কৰিছিল। আৰক্ষীয়ে  তদন্ত কৰি ‘এজন ধুনীয়া কোৰিয়ান মানুহ’ক উদ্ধাৰ কৰে। সেই ধুনীয়া কোৰিয়ান মানুহজন কোন সেই লৈ আৰক্ষী ব্যস্ত হৈ পৰে। অধিক তদন্তৰ অন্তত আৰক্ষীয়ে নিশ্চিত কৰে যে কোৰিয়ানজনে ছদ্মবেশত আছে।

বেংককৰ এটা বাসগৃহত অভিযান চলাই ‘সুন্দৰ কোৰিয়ান মানুহ’জনক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে ছাহাৰাটে প্লাষ্টিক চাৰ্জাৰী কৰি মুখখন সম্পূৰ্ণ সলনি কৰি দিছে। তেওঁক এতিয়া থাইলেণ্ডৰ নাগৰিক বুলি ধৰিবই নোৱাৰি।

ছাহাৰাটে আৰক্ষীৰ আগত স্বীকাৰ কৰে যে তেওঁ আগতে ইউৰোপৰ পৰা ড্ৰাগছ আনি থাইলেণ্ডত বিক্ৰী কৰিছিল। ডাৰ্ক ৱেবৰ পৰা বিটকইন লেনদেন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ