--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্লাষ্টিক চাৰ্জাৰী কৰি নিজৰ চেহেৰা কোৰিয়ান কৰিও ৰক্ষা নহ’ল থাইলেণ্ডৰ এজন ড্ৰাগছ মাফিয়া। ২৫ বছৰীয়া ছাহাৰাট ছাৱাংজায়েঙ নামৰ এই ড্ৰাগছ মাফিয়াজন আৰক্ষীৰ হাতত ধৰা পৰে।

ড্ৰাগছ ব্যৱসায়ীজনক ইয়াৰ পূৰ্বে তিনিবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু প্ৰতিবাৰেই পুলিচৰ চকুত ধূলি লৈ পলাবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ ড্ৰাগছ মাফিয়াজনক বেংককৰ এটা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, ছাহাৰাটে নিজৰ প্ৰকৃত পৰিচয় লুকুৱাবলৈ নিজকে ছয়ং জেমিন বুলি পৰিচয় দিছিল। বাৰে বাৰে প্লাষ্টিক চাৰ্জাৰী কৰি নিজকে ছিয়ং হিচাপে বিশ্বাসযোগ্য কৰি তুলিছিল, যাতে তেওঁক কোৰিয়ান যেন লাগে।

কিন্তু সমগ্ৰ তথ্য আৰক্ষীৰ হাতত ধৰা পৰিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, ছাহাৰাটে থাইলেণ্ডত এমডিএমএ ড্ৰাগছৰ ব্যৱসায় কৰিছিল। আৰক্ষীয়ে  তদন্ত কৰি ‘এজন ধুনীয়া কোৰিয়ান মানুহ’ক উদ্ধাৰ কৰে। সেই ধুনীয়া কোৰিয়ান মানুহজন কোন সেই লৈ আৰক্ষী ব্যস্ত হৈ পৰে। অধিক তদন্তৰ অন্তত আৰক্ষীয়ে নিশ্চিত কৰে যে কোৰিয়ানজনে ছদ্মবেশত আছে।

বেংককৰ এটা বাসগৃহত অভিযান চলাই ‘সুন্দৰ কোৰিয়ান মানুহ’জনক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে ছাহাৰাটে প্লাষ্টিক চাৰ্জাৰী কৰি মুখখন সম্পূৰ্ণ সলনি কৰি দিছে। তেওঁক এতিয়া থাইলেণ্ডৰ নাগৰিক বুলি ধৰিবই নোৱাৰি।

ছাহাৰাটে আৰক্ষীৰ আগত স্বীকাৰ কৰে যে তেওঁ আগতে ইউৰোপৰ পৰা ড্ৰাগছ আনি থাইলেণ্ডত বিক্ৰী কৰিছিল। ডাৰ্ক ৱেবৰ পৰা বিটকইন লেনদেন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন