--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুড ডেলিভাৰী বেগত এটা মামী উদ্ধাৰ হৈছে। তাৰপাছতে চৌদিশে হুলস্থুলীয়া পৰিৱেশ। বিজ্ঞানীসকলে অনুমান কৰিছে যে খাদ্যৰ মোনাৰ পৰা উদ্ধাৰ হোৱা মমিৰ বয়স ৬০০ৰ পৰা ৮০০ বছৰ।

ঘটনাটো সংঘটিত হৈছে লেটিন আমেৰিকান দেশ পেৰুত। দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱক জুলিও চেজাৰ বাৰ্মেজোক। সম্প্ৰতি তেওঁৰ মানসিক স্বাস্থ্যৰ পৰীক্ষা চলি আছে।

যোৱা শনিবাৰে সন্ধিয়া পেৰুৰ পুমো চহৰৰ এখন ভিৰ কৰা পাৰ্কত কেইজনমান যুৱকে বহি মদ খাই আছিল। আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিলে যে সেই যুৱককেইজনৰ লগত খাদ্য যোগানৰ বেগত ভৰ্তি হৈ আছে এটা মামী!

পুমো আৰক্ষীয়ে কয় যে এজন ২৬ বছৰীয়া যুৱকৰ কাষত ৰখা ডেলিভাৰী বেগৰ পৰা এটা মামী উদ্ধাৰ কৰা হৈছে। কোম্পানীটোৱে লেটিন আমেৰিকাত এপৰ জৰিয়তে খাদ্য যোগান ধৰে। যোগানকাৰীক এনে ৰঙা বেগ দিয়া হয়। সেই বেগটোত জুলিঅ’ই মামীটো ঘৰলৈ লৈ গৈ আছিল। সম্প্ৰতি জুলিঅ’ৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰা হৈছে। মামীটোকো পেৰুৰ সংস্কৃতি মন্ত্ৰালয়লৈ গটোৱা হৈছে।

সংবাদ সংস্থা এ এফ পিৰ মতে, ২৬ বছৰীয়া জুলিওৱে মামীটোক নিজৰ ‘আধ্যাত্মিক প্ৰেমিকা’ বুলি অভিহিত কৰিছে। তেওঁৰ দাবী যে মামীটোৰ প্ৰকৃত নাম ‘জুয়ানিটা’। জুলিঅ'ই ক'লে, "জুয়ানিতা মোৰ ঘৰতে থাকে। মোৰ লগত শোৱে। মই তেওঁৰ যত্ন লওঁ।''

উল্লেখ্য যে শেহতীয়াকৈ পেৰুত কেইবাটাও মামী উদ্ধাৰ হৈছে। বিজ্ঞানীসকলৰ মতে, সেই মামীবোৰৰ বয়স প্ৰায় ৮০০ৰ পৰা ১২০০ বছৰ। জুলিঅ’ই এনেকুৱা এটা মামীক প্ৰেমিকা বনাই বেগত ভৰাই ঘৰলৈ লৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন