--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুড ডেলিভাৰী বেগত এটা মামী উদ্ধাৰ হৈছে। তাৰপাছতে চৌদিশে হুলস্থুলীয়া পৰিৱেশ। বিজ্ঞানীসকলে অনুমান কৰিছে যে খাদ্যৰ মোনাৰ পৰা উদ্ধাৰ হোৱা মমিৰ বয়স ৬০০ৰ পৰা ৮০০ বছৰ।

ঘটনাটো সংঘটিত হৈছে লেটিন আমেৰিকান দেশ পেৰুত। দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱক জুলিও চেজাৰ বাৰ্মেজোক। সম্প্ৰতি তেওঁৰ মানসিক স্বাস্থ্যৰ পৰীক্ষা চলি আছে।

যোৱা শনিবাৰে সন্ধিয়া পেৰুৰ পুমো চহৰৰ এখন ভিৰ কৰা পাৰ্কত কেইজনমান যুৱকে বহি মদ খাই আছিল। আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিলে যে সেই যুৱককেইজনৰ লগত খাদ্য যোগানৰ বেগত ভৰ্তি হৈ আছে এটা মামী!

পুমো আৰক্ষীয়ে কয় যে এজন ২৬ বছৰীয়া যুৱকৰ কাষত ৰখা ডেলিভাৰী বেগৰ পৰা এটা মামী উদ্ধাৰ কৰা হৈছে। কোম্পানীটোৱে লেটিন আমেৰিকাত এপৰ জৰিয়তে খাদ্য যোগান ধৰে। যোগানকাৰীক এনে ৰঙা বেগ দিয়া হয়। সেই বেগটোত জুলিঅ’ই মামীটো ঘৰলৈ লৈ গৈ আছিল। সম্প্ৰতি জুলিঅ’ৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰা হৈছে। মামীটোকো পেৰুৰ সংস্কৃতি মন্ত্ৰালয়লৈ গটোৱা হৈছে।

সংবাদ সংস্থা এ এফ পিৰ মতে, ২৬ বছৰীয়া জুলিওৱে মামীটোক নিজৰ ‘আধ্যাত্মিক প্ৰেমিকা’ বুলি অভিহিত কৰিছে। তেওঁৰ দাবী যে মামীটোৰ প্ৰকৃত নাম ‘জুয়ানিটা’। জুলিঅ'ই ক'লে, "জুয়ানিতা মোৰ ঘৰতে থাকে। মোৰ লগত শোৱে। মই তেওঁৰ যত্ন লওঁ।''

উল্লেখ্য যে শেহতীয়াকৈ পেৰুত কেইবাটাও মামী উদ্ধাৰ হৈছে। বিজ্ঞানীসকলৰ মতে, সেই মামীবোৰৰ বয়স প্ৰায় ৮০০ৰ পৰা ১২০০ বছৰ। জুলিঅ’ই এনেকুৱা এটা মামীক প্ৰেমিকা বনাই বেগত ভৰাই ঘৰলৈ লৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ