--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশ কঁপাই যোৱা জনপ্ৰিয় পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ড গোচৰত আজি বিশেষ সফলতা লাভ কৰিছে পঞ্জাৱ আৰক্ষীয়ে। মুছেৱালাক হত্যা কৰা শ্বুটাৰসকলৰ সাতজনকেই পূৰ্বে গ্ৰেপ্তাৰ কৰাৰ পাছত পলাতক হৈ থকা অন্তিমগৰাকী  শ্বুটাৰক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পঞ্জাৱ আৰক্ষীয়ে। হত্যাকাণ্ডৰ পাছৰে পৰা আত্মগোপন কৰি থকা দীপক মুণ্ডি নামৰ শ্বুটাৰগৰাকীক আজি এক অভিযানৰ অন্তত পঞ্জাৱ আৰক্ষীয়ে পশ্চিম বংগ-নেপাল সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰে। অভিযানৰ সময়ত মুণ্ডিৰ দুজন সহযোগী, ক্ৰমে কপিল পণ্ডিত আৰু ৰজিন্দৰকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে এক টুইট যোগে এই সফলতাৰ কথা সদৰী কৰে। 

পঞ্জাৱ আৰক্ষীয়ে কেন্দ্ৰীয় সুৰক্ষা সংস্থা আৰু দিল্লী আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত পলাতক শ্বুটাৰ দীপক মুণ্ডিক দুজন সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰিছে বুলি যাদৱে টুইটটোত উল্লেখ কৰে। ধৃত তিনিও অভিযুক্তই যোৱা কেইদিনমানৰ পৰা চিগনেল এপৰ জৰিয়তে কানাডাস্থিত গেংষ্টাৰ গ’ল্ডি ব্ৰাৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ ৰক্ষা কৰি আছিল বুলি তেওঁ লগতে জানিবলৈ দিয়ে। অৱশ্যে পঞ্জাৱ আৰক্ষীৰ এই দাবীৰ পৰিৱৰ্তে গেংষ্টাৰ গ’ল্ডি ব্ৰাৰে দীপক মুণ্ডি, কপিল আৰু ৰজিন্দৰৰ গ্ৰেপ্তাৰৰ খবৰ অস্বীকাৰ কৰিছে।

উল্লেখ্য যে যোৱা ২৯ মে'ত পঞ্জাৱৰ মানচা জিলাৰ জৱাহাৰকে গাঁৱত এটা বন্দুকধাৰী দলে মুছেৱালাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰি গায়কগৰাকীক হত্যা কৰিছিল। পঞ্জাৱ চৰকাৰে ৰাজ্যখনৰ ভি আই পি সকলৰ নিৰাপত্তাৰক্ষী সেৱা প্ৰত্যাহাৰ কৰাৰ কেইদিনমান পিছতে এই হত্যাকাণ্ড সংঘটিত হৈছিল।

পঞ্জাৱ আৰক্ষীয়ে এই নৃশংস হত্যাকাণ্ডৰ তদন্ত কৰি আছে। আনহাতে দিল্লী আৰক্ষীয়েও এই তদন্তত পঞ্জাৱ আৰক্ষীক সহযোগিতা আগবঢ়াইছে। ইতিপূৰ্বে সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত অভিযুক্ত আঠগৰাকী শ্বুটাৰৰ সাতগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে দীপক মুণ্ডি পলাতক অৱস্থাত আছিল। আজি মুণ্ডিৰ গ্ৰেপ্তাৰৰ লগে লগে আটাইকেইগৰাকী শ্বুটাৰ পঞ্জাৱ আৰক্ষীৰ হাতত পৰে।

ইতিপূৰ্বে ধৃত শ্বুটাৰসকলে কানাডাস্থিত গেংষ্টাৰ গ’ল্ডি ব্ৰাৰৰ হৈ কাম কৰি আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল। শেহতীয়াকৈ সিদ্ধু মুছেৱালাৰ হত্যাৰ অন্যতম ষড়যন্ত্ৰকাৰী দুগৰাকী ব্যক্তিক ক্ৰমে কেনিয়া আৰু আজাৰবাইজানত আটক কৰা হৈছিল। দুয়োগৰাকীক ভাৰতলৈ অনাৰ বাবে ইতিমধ্যে দেশ দুখনৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছে বুলি পঞ্জাৱ আৰক্ষীয়ে জানিবলৈ দিছে।

যোৱা ২০ জুলাইত অমৃতসৰৰ এক কাষৰীয়া অঞ্চলত পঞ্জাৱ আৰক্ষীৰ এনকাউণ্টাৰত মুছেৱালা হত্যাকাণ্ডত জড়িত দুগৰাকী গেংষ্টাৰ নিহত হৈছিল। যোৱা ২৯ মে’ত সংঘটিত এই হত্যাকাণ্ডৰ দায়িত্ব ইতিমধ্যে দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈ গোটে স্বীকাৰ কৰিছে। কানাডাস্থিত সতীন্দৰজিৎ সিং ওৰফে গ’ল্ডি ব্ৰাৰৰ নিৰ্দেশতে এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি ইতিমধ্যে গ’ল্ডি ব্ৰাৰে এটা ফেচবুক পোষ্টৰ জৰিয়তে উল্লেখ কৰিছিল। ইফালে আজি দিল্লীৰ ৰোহিণী অঞ্চলৰ চেক্টৰ ৩৬ ত আৰক্ষীৰে সৈতে গ’ল্ডী ব্ৰাৰৰ গেঙৰ সদস্যৰ এক সংঘৰ্ষ হয়। ঘটনাস্থলীৰ পৰা তিনিজন সদস্যকো আটক কৰে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
AIয়ে দিব বানপানীৰ আগজাননী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০